পিতৃপক্ষ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

22 নং শাৰী:
 
== কিংবদন্তি ==
[[হিন্দু পুৰাণ]] অনুযায়ী, জীবিত ব্যক্তিৰ পূৰ্বৰ তিনি পুৰুষ পৰ্যন্ত পিতৃলোকত বাস কৰে। এই লোক স্বৰ্গ আৰু মৰ্ত্যৰ মাজত অৱস্থিত। পিতৃলোকৰ শাসক মৃত্যুদেৱতা [[যম]]। তেওঁ সদ্যমৃত ব্যক্তিৰ আত্মাক মৰ্ত্যৰ পৰা পিতৃলোকলৈ লৈ যায়। পৰৱৰ্তী প্ৰজন্মৰ এজনৰ মৃত্যু হ’লে পূৰ্ববৰ্তী প্ৰজন্মৰ এজন পিতৃলোকৰ পৰা স্বৰ্গলৈ গমন কৰে আৰু পৰমাত্মাত (ঈশ্বৰ) লীন হয় আৰু এই প্ৰক্ৰিয়াৰে তেওঁ [[ শ্ৰাদ্ধ|শ্ৰাদ্ধানুষ্ঠানৰ]] উপৰলৈওপৰলৈ উঠে। এই কাৰণে, জীবিত ব্যক্তিৰ মাত্ৰ পূৰ্ববৰ্তী তিনি প্ৰজন্মৰহে শ্ৰাদ্ধানুষ্ঠান হৈ থাকে; আৰু এই শ্ৰাদ্ধানুষ্ঠানত যমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।<ref name="Kutch">{{cite book|last=Dilipsingh|first=K S|title=Kutch in festival and custom|publisher=Har-Anand Publications|year=2004|pages=61–64|url=http://books.google.com/?id=oPUFiGRH07IC&pg=PA66&dq=pitru+paksha&q=pitru%20paksha | isbn=9788124109984}}</ref>
 
[[হিন্দু মহাকাব্য]] ( হিন্দুশাস্ত্ৰৰ মাজত যি ''ইতিহাস'' নামেৰে পৰিচিত) অনুযায়ী, সূৰ্য কন্যাৰাশিত প্ৰৱেশ কৰিলে পিতৃপক্ষ সূচিত হয়। লোকবিশ্বাস অনুযায়ী, এই সময়তে পূৰ্বপুৰুষগণে পিতৃলোক পৰিত্যাগ কৰি তেওঁসৱৰ উত্তৰপুৰুষসকলৰ ঘৰত অৱস্থান কৰে। ইয়াৰ পিছত সূৰ্য বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিলে, তেখেতসকল পুনৰায় পিতৃলোকলৈ ঘুৰি যায়। পিতৃগণৰ অৱস্থানৰ প্ৰথম পক্ষত হিন্দুসকলে পিতৃপুৰুষগণৰ উদ্দেশ্যে তৰ্পণাদি কৰিব লাগে।<ref name="underhill"/><ref name="sastri">{{cite book|last=Sastri|first=S. M. Natesa|title=Hindu feasts, fasts and ceremonies|publisher=Asian Educational Services|year=1988|pages=15–17|url=http://books.google.com/?id=_ibsEj8ihuoC&pg=PA15&dq=mahalaya&q=mahalaya | isbn=9788120604025}}</ref>
"https://as.wikipedia.org/wiki/পিতৃপক্ষ"ৰ পৰা অনা হৈছে