মোৰাৰজী দেশাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
43 নং শাৰী:
=='''জন্ম আৰু পৰিয়াল'''==
 
মোৰাৰজী দেশাইৰ জন্ম হয় ১৮৯৬ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে [[গুজৰাট]]ৰ [[বুলছৰ]]ৰ ওচৰৰ '''ভাদেলী''' নামে ঠাইত। তেওঁৰ পিতৃ '''ৰাণ ছৌদি দেশাই''' এজন স্কুলৰ শিক্ষক আছিল। স্কুলীয়া জীৱনতে মাত্ৰে ১৫ বছৰ বয়সতে তেওঁৰ পিতৃৰ বিয়োগ হয়। তেওঁৰ ১৫ বছৰ বয়সতেই এজন ৰাজহ বিষয়াৰ এঘাৰ বছৰীয়া জীয়েক '''গাজাৰাবেন'''ৰ সৈতে বিবাহ পাশতো আবদ্ধ হৱ লগীয়া হয়। তেওঁৰ পুত্ৰৰ নাম আছিল '''কান্তি দেশাই''' আৰু জীয়েকৰ নাম আছিল '''ইন্দু দেশাই'''। বিয়ালৈ তিনিদিন থাকোঁতেই মোৰাৰজী দেশাইৰ পিতাকে ঘৰৰ কুঁৱাত জঁপিয়াই আত্মহত্যা কৰিছিল। সেই একেটা কুঁৱাতে তেওঁৰ বিমাতায়ো আত্মহত্যা কৰিছিল। পিতৃৰ অবিহনে কিশোৰ মোৰাৰজীৰ ওপৰতে পত্নীৰ উপৰিও মাক, তিনিজন ভায়েক, চাৰিজনী ভনীয়েক আৰু আইতাকৰ ভৰঁ-পোষণৰ দায়িত্বৰ ভাৰ আহি পৰিছিল। লৰালিকালৰ স্বভাৱ আছিল তেওঁৰ কাপুৰুষৰ দৰে। কোনোৱে তেওঁক ভয় দেখুৱালে সেইজনৰ ওচৰত সহজতে আত্মসমৰ্পণ কৰিবলৈ বেছি সময় নালাগিছিল।
 
=='''শিক্ষা'''==
57 নং শাৰী:
জৱাহৰলাল নেহেৰুৰ মৃত্যুৰ পিছত দেশায়ে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বাবে প্ৰতিদ্বন্দিতা কৰে। কিন্তু কামৰাজৰ ঐক্যমতৰ ধ্বনিৰ বাবে তেওঁ ফলপ্ৰসু হৱ নোৱাৰিলে। ১৯৬৫ চনত তেওঁক প্ৰধানমন্ত্ৰী লালবাহাদুৰ শাস্ত্ৰীয়ে প্ৰশাসনীয় সংস্কাৰ আয়োগৰ সভাপতি পাতে। ১৯৬৭ চনত তেওঁ হয় উপ-প্ৰধানমন্ত্ৰী। ১৯৬৯ চনত দ্বিবিভক্ত কংগ্ৰছ দলৰ সাংগঠনিক কংগ্ৰেছৰ সভাপতি হয় মোৰাৰজী আৰু শাসক কংগ্ৰেছৰ নেত্ৰী হল ইন্দিৰা গান্ধী আৰু দেশায়ে বিৰোধীৰ ভূমিকা পালন কৰি তেওঁ নিজৰ মতত অচল-অটল হৈ থাকিল। [[গুজৰাট]]ত নিৰ্বাচন পাতিবলৈ হেঁচা দি ১৯৭৫ চনৰ এপ্ৰিলত তেওঁ অনশন আৰম্ভ কৰিছিল। অনশনৰ সপ্তম দিনত ইন্দিৰাই গুজৰাটত নিৰ্বাচন পাতিবলৈ সৈমান হৈছিল। প্ৰধানমন্ত্ৰী হিচাপে ১৯৭৯ চনৰ ১০ জুনত [[পূৱ ইউৰোপ]]ৰ কেইবাখনো ৰাষ্ট্ৰ ভ্ৰমণ কৰি সেই ৰাষ্ট্ৰবোৰৰ সৈতে ভাৰতৰ অৰ্থনৈতিক, বৈজ্ঞানিক আৰু কাৰিকৰী দিশত উভয়ৰ সহযোগিতাৰ চুক্তি স্বাক্ষৰিত কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকোতে অসমলৈ আহোতে এটা ভয়ানক [[বিমান]] দুৰ্ঘটনাৰ কবলত পৰিছিল। তেওঁ অহা [[আকাশী যান]]খন ভূপতিত হৈছিল [[অসম]]ৰ [[যোৰহাট জিলা]]ত, কিন্তু দেশাইৰ কোনো অনিষ্ট হোৱা নাছিল। ১৯৭৯ চনৰ ১৫ জুলাইত ২৮ মহীয়া দেশাই চৰকাৰে আভ্যন্তৰীণ কন্দলৰ গৰাহত পৰি ৰাষ্ট্ৰপতি [[সঞ্জীৱ ৰেড্ডী]]ৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিবলৈ বাধ্য হয়।
 
মোৰাৰজী দেশাই কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোতেই তেওঁৰ ব্যৱসায়ী পুত্ৰ কান্তি দেশাইৰ ক্ষেত্ৰত এই কথা প্ৰচাৰ কৰিছিল যে তেওঁ পুত্ৰৰ ক্ষেত্ৰত যাতে কোনো কৰ্মচাৰীয়ে বিশেষ ধৰণৰ কোনো আগ্ৰহ নেদেখুৱাই। কান্তি দেশাইয়ে কোনো চৰকাৰী পাৰ্মিট বিচাৰিলে সেই কাগজ-পত্ৰ তেওঁৰ দৃষ্টিলৈ আহিব লাগিব। তেওঁ পুত্ৰকো এইবুলি সতৰ্ক কৰি দিছিল যে, যদি তেওঁ চৰকাৰৰ পৰা অন্যায়ভাবে কিবা সুযোগ আদায় কৰাৰ খৱৰ পায়, তেন্তে তেওঁ লগে লগে আত্মহত্যা কৰিব। মোৰাৰজী দেশাইৰ জীৱনৰ যন্ত্ৰণা পোৱা বছৰটো আছিল ১৯৫৫ চন। সেই বছৰতেই তেওঁৰ নুমলীয়া জী ইন্দুয়ে আত্মহত্যা কৰিছিল। পিতাকৰ ইচ্ছাৰ বিৰুদ্ধে ইন্দুয়ে কোনোবা লৰাৰ লগত বিয়াত সোমাব খোজাত আৰু পিতাকে বাধা দিয়া বাবে তেওঁ আত্মহত্যা কৰিছিল।
 
=='''মৃত্যু'''==
 
মোৰাৰজী দেশায়ে ১৯৯৫ চনৰ ১০ এপ্ৰিল তাৰিখে ইহলীলা সম্বৰণ কৰে।
 
 
Line 69 ⟶ 74:
 
[[শ্ৰেণী:ভাৰতৰ প্ৰধানমন্ত্ৰী]]
[[শ্ৰেণী: স্বাধীনতা যুঁজাৰু]]