ৱিকিপিডিয়া:সৰল সহায়িকা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
1 নং শাৰী:
'''সহায়িকা ১:'''
==ৱিকিপিডিয়াত কি লিখিব ==
 
অসমীয়াত ৱিকিপিডিয়াত একাউণ্ট খুলি সাধাৰণভাৱে প্ৰবন্ধ এটাৰ সালসলনি কৰিব পৰা সদস্যসকলৰ বাবে এই সহায়িকা যুগুত কৰা হৈছে। একেবাৰে নতুন সদস্যক কিদৰে একাউণ্ট খুলিব লাগে, প্ৰবন্ধ এটা বিচাৰিব লাগে, সালসলনি কৰিব লাগে এইবোৰ কথা আন ডক্‌ ফাইল এখনত কোৱা হৈছে।
Line 5 ⟶ 6:
ৱিকিপিডিয়াত একাউণ্ট খোলাকে আদি কৰি প্ৰাথমিক কামবোৰ কৰা পিছত কি কথানো লিখিব সেয়া ভাবি সদস্য এজন কেতিয়াবা অলপ দোমোজাত পৰে। বহুতে উচ্ছাসত নিলিখিবলগীয়া বাক্য কিছুমান লিখে, বহুতে বিষয়বস্তুৰ সঠিক বাছনি কৰিব নোৱাৰে বা বহুতে ভাল বিষয় এটা ভালকৈ লিখিব নোৱাৰে! ইয়াত তেওঁলোকৰ কোনো ভুল নাই, মানুহে জন্মতেতো সকলো কথা শিকি নাহে! আহক, ৱিকিপিডিয়াত কি লিখিব আৰু কি নিলিখিব তাৰ বিষয়ে অলপ আলোচনা কৰোঁ।
 
===১) ৱিকিপিডিয়াত কি লিখিম?===
 
> সদস্য হোৱাৰ পিছত লগে লগে আপুনি নতুন প্ৰবন্ধ এটা আৰম্ভ কৰিব নালাগে। নতুনকৈ লিখাৰ আগতে পুৰণি প্ৰবন্ধ এটা অলপ সালসলনি কৰিব পাৰিছেনে নাই চাই লওক, নহয় জানো? সম্পাদনা টেব্‌টোত ক্লিক কৰা, লেখা যোগ কৰা, সাঁচি থোৱা এইখিনি কাম আপুনি ইতিমধ্যে পাৰিছেনে? নাইপৰা যদি এতিয়াই কোনো অভিজ্ঞ সদস্যক সুধি লওক!
Line 13 ⟶ 14:
> বিষয়টো উল্লেখযোগ্য হোৱা ভাল। যেনে- আপুনি কোনোবা ভেকুলীচুক নামৰ গাঁও এখনৰ ওপৰত প্ৰবন্ধ লিখিব খুজিছে। তেতিয়া আনে আপত্তি কৰিব পাৰে, গাঁওখনতনো এনে কি আছে যে মানুহে তাৰ বিষয়ে জানিব লাগে? তাতকৈ এনে এটা বিষয় বাছি লওক যাৰ কথা মানুহে জনাটো আৱশ্যক।
 
===২) ৱিকিপিডিয়াত কি নিলিখিব?===
 
> এইটো এটা লাখটকীয়া প্ৰশ্ন, ইয়াৰ উত্তৰো ঢেৰ! গোটেইখিনি কথা ইয়াত নকওঁ। কেইটামান কথাহে আঙুলিয়াই দিওঁ।
Line 41 ⟶ 42:
এইখিনি কথাৰ পৰা আপোনাৰ অলপ হ'লেও সহায় হৈছেনে? কিবা নুবুজা কথা থাকিলে সুধিবলৈ এলাহ নকৰিব!
 
*******************************************************************************
 
 
সহায়িকা ২: ৱিকিপিডিয়াত কেনেকৈ লিখিব
'''সহায়িকা ২:'''
সহায়িকা ২: ==ৱিকিপিডিয়াত কেনেকৈ লিখিব ==
 
ইয়াৰ আগতে আমি ৱিকিপিডিয়াত কি লিখিব লাগে আৰু নালাগে তাৰ বিষয়ে আলোচনা কৰিলোঁ। আজি ৱিকিপিডিয়াত প্ৰবন্ধ এটা কেনেকৈ লিখিব লাগে সেই বিষয়ে থুলমুলকৈ শিকোঁ আহক।
Line 67 ⟶ 69:
* তথ্যসূত্ৰ: ৱিকিপিডিয়াৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ হৈছে তথ্যসূত্ৰৰ উল্লেখ। তথ্যসূত্ৰ নাথাকিলে প্ৰবন্ধ এটা অসম্পূৰ্ণ হৈ থাকে আৰু বিশ্বাসযোগ্য নহয়। তথ্যসূত্ৰ কেনেকৈ দিব লাগে সেই কথা আন ঠাইত আলোচনা কৰিম।
 
********************************************************************************
 
সহায়িকা ৩: তথ্যসূত্ৰ কেনেকৈ দিব
 
 
'''সহায়িকা ৩:'''
সহায়িকা ৩: ==তথ্যসূত্ৰ কেনেকৈ দিব ==
{{মূল|ৱিকিপিডিয়া:উৎসৰ উল্লেখ}}
তথ্যসূত্ৰ কিয় লাগে: ৱিকিপিডিয়াৰ এটা প্ৰধান স্তম্ভ হৈছে প্ৰবন্ধৰ সত্যাপনযোগ্যতা অৰ্থাৎ‍ পঢ়ুৱৈয়ে প্ৰবন্ধ এটাত লিখা তথ্যৰ সত্যাসত্য প্ৰমাণ কৰিব পাৰিব লাগিব। তথ্যসূত্ৰ/ তথ্যউৎ‍স/তথ্যউদ্ধৃতি বা ৰেফাৰেন্সৰ গুৰুত্ব এইখিনিতেই। আমি যদি প্ৰবন্ধ এটা লিখি তাত সঠিক তথ্যসূত্ৰ নিদিওঁ কোনোবাই তাত প্ৰশ্ন কৰিব পাৰে যে কথাখিনি কেনেকৈ বিশ্বাস কৰা যায়। আপোনালোকেতো সকলো কথা সাজি সাজিও লিখিব পাৰে! ধৰা হওক ৰাজ্য এখনৰ জনসংখ্যা আমি ৩ কোটি বুলি প্ৰবন্ধ এটাত লিখিলোঁ। সেই তথ্য কোনোবা শিক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব পাৰে। আমি যদি আন্দাজতে তিনি কোটি বুলি লিখিছিলোঁ তেন্তে শিক্ষাৰ্থীজনৰ লগতে আন বহু পঢ়ুৱৈৰ ক্ষতি হ’ব। গতিকে তাত আমি এটা নিৰ্ভৰযোগ্য তথ্যউৎ‍সৰ উল্লেখ কৰিব লাগিব- লাগিলে সেয়া কিতাপেই হওক, বাতৰি কাকতেই হওক, লোকপিয়লৰ ৱেবছাইতেই হওক বা বৈজ্ঞানিক জাৰ্ণালেই হওক।