মোৰাৰজী দেশাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
39 নং শাৰী:
|profession = civil servant<br>Activist
}}
''' মোৰাৰজী দেশাই '''({{lang-en| Muraraji Deshai}})(, জন্ম:১৮৯৬ - মৃত্যু:১৯৯৫) ভাৰতৰ চতুৰ্থ প্ৰধান মন্ত্ৰী আছিল। তেওঁ ১৯৭৭চনৰ ২৪ মাৰ্চৰ দিনা প্ৰতিষ্ঠা হোৱা নতুন চৰকাৰখনৰ প্ৰধান মন্ত্ৰী হিচাপে ৰাষ্ট্ৰপতি ভৱনৰ অশোক হলৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শপত গ্ৰহণ কৰে। মোৰাৰজী দেশায়ে তেওঁৰ ৰাজনৈতিক জীৱনত ৩০ বছৰৰো অধিক কাল বিৰোধীৰ জীৱন অতিবাহিত কৰিছিল, তথাপিও কেতিয়াও হাতশক আশ্ৰয় দিয়া নাছিল, গান্ধীবাদী আদৰ্শৰে সদায় নিষ্কলুষ জীৱন যাপন কৰি জনহিতকৰ কামত জীৱন উচ্ছৰ্গা কৰিছিল। ভাৰত চৰকাৰে ১৯৯১ চনত তেওঁক ভাৰতৰ সৰ্ব্বোচ্চ সন্মান '''[[ভাৰত-ৰত্ন''']] সন্মানেৰে সন্মানিত কৰে।<ref name="মোৰাৰজী দেশাই">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৯৬,৯৭,৯৮,৯৯,১০০}}</ref>
 
 
=='''জন্ম আৰু পৰিয়াল'''==
 
=='''জন্ম আৰু পৰিয়াল'''==
মোৰাৰজী দেশাইৰ জন্ম হয় ১৮৯৬ চনৰ ২৯ ফেব্ৰুৱাৰী তাৰিখে [[গুজৰাট]]ৰ [[বুলছৰ]]ৰ ওচৰৰ '''ভাদেলী''' নামে ঠাইত। তেওঁৰ পিতৃ '''ৰাণ ছৌদি দেশাই''' এজন স্কুলৰ শিক্ষক আছিল। স্কুলীয়া জীৱনতে মাত্ৰে ১৫ বছৰ বয়সতে তেওঁৰ পিতৃৰ বিয়োগ হয়। তেওঁৰ ১৫ বছৰ বয়সতেই এজন ৰাজহ বিষয়াৰ এঘাৰ বছৰীয়া জীয়েক '''গাজাৰাবেন'''ৰ সৈতে বিবাহ পাশতো আবদ্ধ হৱ লগীয়া হয়। তেওঁৰ পুত্ৰৰ নাম আছিল '''কান্তি দেশাই''' আৰু জীয়েকৰ নাম আছিল '''ইন্দু দেশাই'''। বিয়ালৈ তিনিদিন থাকোঁতেই মোৰাৰজী দেশাইৰ পিতাকে ঘৰৰ কুঁৱাত জঁপিয়াই আত্মহত্যা কৰিছিল। সেই একেটা কুঁৱাতে তেওঁৰ বিমাতায়ো আত্মহত্যা কৰিছিল। পিতৃৰ অবিহনে কিশোৰ মোৰাৰজীৰ ওপৰতে পত্নীৰ উপৰিও মাক, তিনিজন ভায়েক, চাৰিজনী ভনীয়েক আৰু আইতাকৰ ভৰঁ-পোষণৰ দায়িত্বৰ ভাৰ আহি পৰিছিল। লৰালিকালৰ স্বভাৱ আছিল তেওঁৰ কাপুৰুষৰ দৰে। কোনোৱে তেওঁক ভয় দেখুৱালে সেইজনৰ ওচৰত সহজতে আত্মসমৰ্পণ কৰিবলৈ বেছি সময় নালাগিছিল।<ref name="মোৰাৰজী দেশাই">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৯৬,৯৭,৯৮,৯৯,১০০}}</ref>
 
=='''শিক্ষা'''==
 
=='''শিক্ষা'''==
 
কৃষিৰ ওপৰত নিৰ্ভৰশীল ব্ৰাহ্মণ পৰিয়ালৰ সন্তান মোৰাৰজী দেশায়ে মাত্ৰ ১০ টকা বৃত্তিসহ প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ উচ্চ শিক্ষা অৰ্জন কৰিবলৈ [[মুম্বাই]] (বোম্বাই)লৈ যায়। মুম্বাইৰ '''উইলছন মহাবিদ্যালয়'''ত ভৰ্তি হৈ বিজ্ঞান বিষয়ত অধ্যয়ন কৰে, তাত তেওঁ বিনামূলীয়াকৈ হোষ্টেলত থকাৰ সুবিদা পাইছিল আৰু এ আই এছ চিৰ বৃত্তিও লাভ কৰিছিল। তেওঁ পোৱা বৃত্তিৰ টকাখিনিও বিধৱা মাকৰ খৰচৰ বাবেহে পঠাইছিল। টকা-পইচাৰ নাটনি হোৱাৰ কাৰণে যিমানদূৰ পাৰে কম খৰচতে চলিবলৈ যত্ন কৰিছিল। তেওঁ স্নাতক উপাধি লাভ কৰাৰ পিছত মুম্বাই প্ৰভিন্সিয়েল চিভিল ছাৰ্ভিছত নিযুক্ত হয়। ১৯১৮ চনৰ পৰা তেওঁ আহমদাবাদত ডেপুটী কালেক্টৰ পদত অধিষ্ঠিত হয়।
 
কিন্তু মোৰাৰজী দেশাই আছিল স্বাধীন মনা। সেয়ে তেওঁ বেছিদিনলৈ চাৰকাৰী চাকৰি জীৱন পচন্দ নকৰিলে। সেই সময়ত দেশত স্বাধীনতা সংগ্ৰামৰ প্ৰবল ঢৌৰ জোৱাৰ উঠিছিল। সুপ্ত ভাৰতবাসীক জাগ্ৰত কৰাৰ মানসেৰে মহাত্মাই বক্তৃতাৰ উপৰিও অনেক কাকতত প্ৰচাৰ চলাইছিল, সেইবোৰেই মোৰাৰজী দেশাইকো আকৰ্ষিত কৰিছিল। সেয়ে তেওঁ চাকৰি বাদ দি হাজাৰ হাজাৰ মুক্তিকামী জনাতৰা সৈতে তেৱোঁ থিয় দিলে ভাৰতৰ স্বাধীনতাৰ সপোন ৰচি। ১৯৩০ চনত তেওঁ চৰকাৰী চাকৰি উস্তাফা দিছিল।<ref name="মোৰাৰজী দেশাই">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৯৬,৯৭,৯৮,৯৯,১০০}}</ref>
 
=='''স্বাধীনতা সংগ্ৰামী আৰু ৰাজনৈতিক জীৱন'''==
 
=='''স্বাধীনতা সংগ্ৰামী আৰু ৰাজনৈতিক জীৱন'''==
 
মোৰাৰজী দেশায়ে গুজৰাট প্ৰদেশ কমিটীত যোগদান কৰিলে। গান্ধী আৰউইন চুক্তি আৰু কৰাচী চুক্তিৰ পিছত তেওঁ কংগ্ৰেছ কমিটীৰ সম্পাদক হিচাপে নিযুক্ত হয়। এই সময়চোৱাত তেওঁ এবাৰ কাৰাবাস খাটিব লগীয়া হয়। ১৯৩৭ চনৰ পৰা তেওঁ জনসাধাৰনৰ সেৱা কৰাৰ পোনপটীয়া সুবিধা লাভ কৰে। বি জি খেৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী হিচাপে তেওঁ মাটিৰ ৰায়তী স্বত্ব আইনখনৰ অমূল সংস্কাৰ সাধন কৰাৰ উপৰিও পুলিচ বিভাগটোৰ উল্লেখনীয় পৰিবৰ্তন আনিবলৈ সমৰ্থবান হয়। তেওঁ ন্যায়পালিকাক প্ৰাদেশিক কাৰ্যপালিকাৰ পৰা পৃথক কৰাৰ ক্ষেত্ৰত প্ৰধান ভূমিকা লৈছিল। ১৯৫২ চনত খেৰে বোম্বাই মুখ্যমন্ত্ৰী পদৰ পৰা অৱসৰ লোৱাত দেশায়ে বোম্বাইৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হৈ ১৯৬৫ চনলৈকে কাৰ্যনিবাহ কৰে। পিছে ভাষিক ভিত্তিত বোম্বাই ৰাজ্য বিভক্ত হোৱাৰ ঘটনাটোক কেন্দ্ৰে কৰি তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে। তাৰ পিছত তেওঁ কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ দপ্তৰ চলায়। এই দুয়ো দপ্তৰ চলায় ১৯৫৬ চনৰ পৰা ১৯৫৭ চনলৈকে। তাৰ পাছত তেওঁ বিত্ত দপ্তৰৰ ভাৰ গ্ৰহন কৰে। তেওঁৰ কাৰ্য্যকালতেই বিত্তীয় সংস্কাৰবোৰ সাধিত হয়। সেইসময়তেই দেখা দিয়া জটিল অৰ্থনৈতিক পৰিস্থিতিকো মাৰ্কিন সাহায্যৰে নিয়ন্ত্ৰনলৈ আনিব পৰাটো তেওঁৰ বাবে আন এটা কৃতকাৰ্যতা। তেওঁ এই দপ্তৰ চালোৱাৰ কাৰ্যকাল আছিল ১৯৫৮ চনৰ পৰা ১৯৬৩ চনলৈকে।
 
Line 62 ⟶ 56:
মোৰাৰজী দেশাই কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোতেই তেওঁৰ ব্যৱসায়ী পুত্ৰ কান্তি দেশাইৰ ক্ষেত্ৰত এই কথা প্ৰচাৰ কৰিছিল যে তেওঁ পুত্ৰৰ ক্ষেত্ৰত যাতে কোনো কৰ্মচাৰীয়ে বিশেষ ধৰণৰ কোনো আগ্ৰহ নেদেখুৱাই। কান্তি দেশাইয়ে কোনো চৰকাৰী পাৰ্মিট বিচাৰিলে সেই কাগজ-পত্ৰ তেওঁৰ দৃষ্টিলৈ আহিব লাগিব। তেওঁ পুত্ৰকো এইবুলি সতৰ্ক কৰি দিছিল যে, যদি তেওঁ চৰকাৰৰ পৰা অন্যায়ভাবে কিবা সুযোগ আদায় কৰাৰ খৱৰ পায়, তেন্তে তেওঁ লগে লগে আত্মহত্যা কৰিব। মোৰাৰজী দেশাইৰ জীৱনৰ যন্ত্ৰণা পোৱা বছৰটো আছিল ১৯৫৫ চন। সেই বছৰতেই তেওঁৰ নুমলীয়া জী ইন্দুয়ে আত্মহত্যা কৰিছিল। পিতাকৰ ইচ্ছাৰ বিৰুদ্ধে ইন্দুয়ে কোনোবা লৰাৰ লগত বিয়াত সোমাব খোজাত আৰু পিতাকে বাধা দিয়া বাবে তেওঁ আত্মহত্যা কৰিছিল।<ref name="মোৰাৰজী দেশাই">{{cite book | title=ভাৰত-ৰত্ন | publisher=অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্| author=সমীন কলিতা | pages=৯৬,৯৭,৯৮,৯৯,১০০}}</ref>
 
=='''মৃত্যু'''==
 
=='''মৃত্যু'''==
 
মোৰাৰজী দেশায়ে ১৯৯৫ চনৰ ১০ এপ্ৰিল তাৰিখে ইহলীলা সম্বৰণ কৰে।
 
 
 
 
==তথ্য সংগ্ৰহ==