অচাইৰিছ (ইংৰাজী: Osiris) হৈছে প্ৰাচীন ইজিপ্টৰ উৰ্বৰতা, কৃষি, পৰলোক, মৃত্যু, পুনৰজীৱন আৰু জীৱনৰ দেৱতা। তেওঁৰ গাৰ বৰণ সেউজীয়া। অচিৰিছক ফাৰাওসকলৰ দৰে কৃত্ৰিম দাড়ি, ভৰিত মামীসমূহ মেৰিওৱা বস্ত্ৰ আৰু এটিফ মুকুটেৰে সৈতে চিত্ৰায়িত কৰা হয়। তেওঁ হাতত হাঁ‌কোটা আৰু ফ্লেইল ধাৰণ কৰে।[1] মামী আবৃতকৰণৰ সৈতে জড়িত তেৱেঁ‌ই প্ৰথমগৰাকী দেৱতা। অচিৰিছৰ ভ্ৰাতৃ ছেটে তেওঁক হত্যা কৰি শৰীৰটো টুকুৰা-টুকুৰকৈ কাটে। তেওঁৰ সহধৰ্মিণী আইচিছে আটাইবোৰ টুকুৰা বিচাৰি শৰীৰটো বান্ধি পেলায় আৰু পুনৰ জীয়াই তোলে। অচাইৰিছক পৃথিৱীৰ দেৱতা গেব[2] আৰু আকাশৰ দেৱী নূটৰ জ্যেষ্ঠ সন্তান বুলি গণ্য কৰা হয়। আইচিছ তেওঁ ভগ্নীৰ লগতে সহধৰ্মিণীও। তেওঁৰ পুত্ৰ হৈছে হ'ৰাছ যাক তেওঁ মৰণোত্তৰভাৱে তুলি লৈছিল।[2] অচাইৰিছ খেণ্টি-এমেণ্টিও নামৰ এক গুণমালাৰ সৈতে জড়িত য'ত তেওঁক মৃত্যুলোকৰ ৰজা হিচাপে উপস্থাপন কৰা হৈছে।[3] তেওঁক চন্দ্ৰৰ দেৱতা হিচাপেও অভিহিত কৰা হয়।[4]

অচাইৰিছ
Osiris

অচাইৰিছৰ দেহৰ সেউজীয়া ৰঙে পুনৰজন্মক সূচায়।
মিছৰীয় চিত্ৰলিপিৰ মতে
Q1
D4
A40
মুখ্য উপাসনাস্থল বাচাইৰিছ, এবিড'ছ
প্ৰতীক হাঁ‌কোটা আৰু ফ্লেইল, এটিফ মুকুট, উটপক্ষীৰ পাখি, মাছ, মামী মেৰিওৱা কাপোৰ, জেড স্তম্ভ
সঙ্গী আইচিছ
পিতৃ-মাতৃ গেব আৰু নূট
সহোদৰ আইচিছ, ছেট, নেফথিছ, হেৰু ৱেৰ
সন্তান হ'ৰাছ, এনুবিছ (কোনো কোনো সূত্ৰৰ মতে)
খ্ৰীষ্টপূৰ্ব ৫৯৫-৫২৫-ৰ ভিতৰত নিৰ্মিত অছিৰিছৰ প্ৰতিমূৰ্তি।


অচাইৰিছক আইচিছ, ছেট আৰু জ্যেষ্ঠ হ'ৰাছৰ ভাতৃ আৰু কনিষ্ঠ হ'ৰাছৰ পিতৃ হিচাপে গণ্য কৰা হয়।[5] খ্ৰীষ্টপূৰ্ব ২৫ শতিকা অৰ্থাৎ প্ৰাচীন ইজিপ্টৰ পঞ্চমটো ৰাজবংশৰ মধ্যভাগতে অচাইৰিছক উপাসনা কৰাৰ প্ৰথমটো প্ৰমাণ পোৱা যায়। অৱশ্যে তেওঁৰ উপাসনা ইয়াতকৈ পুৰণি কালৰ পৰাও চলি আহিব পাৰে[6] কিয়নো খেণ্টি-এমেণ্টি গুণমালাখন অতি কমেও প্ৰথম ৰাজবংশৰ সময়ৰে। অচিৰিছৰ আখ্যানসমূহৰ অধিকাংশই পঞ্চম ৰাজবংশৰ শেষৰ ফালৰ পিৰামিড লিপিসমূহৰ পৰা লোৱা হৈছে। পৰৱৰ্তী কালৰ নতুন ৰাজ্যসমূহৰ বিভিন্ন লিপি আৰু গ্ৰীক লেখকসকলৰ লেখনিৰ পৰাও এই আখ্যানসমূহ তুলি লোৱা হৈছে।[7][8]

অচাইৰিছ হৈছে পাতাললোক বা ডুৱেটত থকা মৃতকসকলৰ বিচাৰকৰ্তা। তেওঁ শস্য-বন ইত্যাদিৰ লগতে সকলো জীৱৰে প্ৰাণ প্ৰদান কৰোঁতা। নাইল নদীৰ পলসযুক্ত বানপানীৰো তেওঁ হোতা। অচাইৰিছক "সৰ্বদা কৃপালু আৰু চিৰযৌৱনসমৃদ্ধ" বুলি বৰ্ণনা কৰা হৈছে।[9] তেওঁক নিঃশব্দতাৰ গৰাকী বুলিও আখ্যা দিয়া হয়।[10] ফাৰাওসকল মৃত্যুৰ লগে লগে অচাইৰিছৰ সংগত এক যাদুকৰী প্ৰক্ৰিয়াৰ যোগেদি দৈৱিক জীৱন লাভ কৰে বুলি বিশ্বাস কৰা হৈছিল কিয়নো এই দেৱতাগৰাকীয়ে নিজে মৃত্যুৰপৰা পুনৰ সাৰ পাই উঠিছিল।[11]

মৃত্যুৰ পিছত পুনৰ জীৱন লাভৰ আশাৰ বাবেই নতুন বছৰৰ আৰম্ভণিতে কালপুৰুষ আৰু লুব্ধকৰ বাৰ্ষিক বিশেষাৱস্থানৰ লগে লগে অচাইৰিছক প্ৰাকৃতিক চক্ৰসমূহ যেনে শস্যমালা আৰু নাইল নদীৰ বাৰ্ষিক বানপানীৰ লগত ক্ৰমান্বয়ে জড়িত কৰি পেলোৱা হৈছিল।[9] ৰোমানসকলৰ সৈতে ইজিপ্টত খ্ৰীষ্টান ধৰ্মৰ প্ৰৱেশ ঘটি প্ৰাচীন মিছৰীয় ধৰ্মৰ পতন নঘটালৈকে অচাইৰিছক ব্যাপক ৰূপত অৰ্চনা কৰা হৈছিল।[12][13]

নামৰ ব্যুৎপত্তি সম্পাদনা কৰক

অচাইৰিছ হৈছে প্ৰাচীন গ্ৰীক Ὄσιρις [ó.si। ris] শব্দৰএক লেটিন ৰূপান্তৰ। ই ইজিপ্টীয় ভাষাৰ মূল নামৰ এক গ্ৰীক অভিযোজন। ইজিপ্টৰ চিত্ৰলিপিত নামটো wsjr হিচাপে দেখা যায়, যাক কিছুসংখ্যক ইজিপ্টোলজিষ্টে ꜣsjr বা jsjrj বুলি মত প্ৰকাশ কৰে। যিহেতু চিত্ৰলিপি লিখনিত স্বৰবৰ্ণৰ নাই সেয়ে ইজিপ্টোলজিষ্টসকলে আছাৰ, আউছাৰ, আউচিৰ, ৱেছিৰ, উচিৰ বা উচায়াৰ আদি বিভিন্ন ধৰণে নামটো উচ্চাৰণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে।

ব্যুৎপত্তি আৰু মূল নামৰ অৰ্থৰ বাবে কেইবাটাও প্ৰস্তাৱ দিয়া হৈছে যদিও ইজিপ্টোলজিষ্ট মাৰ্ক জে. স্মিথে উল্লেখ কৰিছে যে ইয়াৰে কোনোটোৱেই সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য নহয়।[14] বেছিভাগ লোকেই এডল্ফ এৰমেনক অনুসৰণ কৰি wsjr-কেই স্বীকৃত ৰূপান্তৰ হিচাপে লয়।

অৱয়ব সম্পাদনা কৰক

অচাইৰিছক তেওঁৰ সবাতোকৈ বিকশিত ৰূপত উজনি ইজিপ্টৰ শুভ্ৰবৰ্ণ মুকুট সদৃশ এটিফ মুকুট পৰিহিত অৱস্থাত উপস্থাপন কৰা হয়। এই মুকুটৰ দুয়োফালে অতিৰিক্তভাৱৰ দুখন উটপক্ষীৰ পাখিৰ লগোৱা থাকে। তেওঁ হাঁ‌কোটা আৰু ফ্লেইলো ধাৰণ কৰে। হাঁ‌কোটাডালে অচাইৰিছক গৰখীয়া দেৱতা হিচাপে প্ৰতিনিধিত্ব কৰে বুলি ধাৰণা কৰা হয়। ফ্লেইলৰ প্ৰতীকী অৰ্থৰ বিষয়ে স্পষ্ট ধাৰণা পোৱা নাযায়।[9]

তেওঁক সাধাৰণতে সেউজীয়া (পুনৰ্জন্মৰ ৰং) বা ক'লা (নাইল নদীৰ বানপানীৰ উৰ্বৰতাৰ) ৰঙৰ এজন ফাৰাও হিচাপে চিত্ৰিত কৰা হৈছিল। তেওঁৰ বুকুৰ পৰা তললৈ মামীকৰণৰ আৱৰণে ঢাকি ৰাখিছিল।[15]

আদি আখ্যান সম্পাদনা কৰক

পিৰামিডৰ লিপিসমূহত পৰলোক প্ৰাপ্তিৰ পিছত সূৰ্য দেৱতা ৰাৰ সৈতে তাৰকামণ্ডলীৰ মাজত চিৰন্তন ভ্ৰমণৰ সম্পৰ্কে প্ৰাৰম্ভিক ধাৰণা এটাৰ কথা বৰ্ণনা আছে। চতুৰ্থ ৰাজবংশৰ আৰম্ভণিতে এই শৱগৃহৰ লিপিসমূহত এইদৰে পোৱা যায়: "ৰজাই দিয়া নৈবেদ্য আৰু এনুবিচ।" পঞ্চম ৰাজবংশৰ শেষৰ ফালে, এই সকলোবোৰ সমাধিৰ সূত্ৰ "ৰজাই দিয়া আৰু অচিৰিছৰ নৈবেদ্য"লৈ ৰূপান্তৰিত হয়।[16]

হ'ৰাছৰ পিতৃ সম্পাদনা কৰক

 
হ'ৰেমহেবৰ সমাধিৰ দেৱালত অংকিত অচাইৰিছ, এনুবিছ, আৰু হ'ৰাছৰ চিত্ৰ

কিংবদন্তি অনুসাৰে অচাইৰিছ হৈছে দেৱতা হ'ৰাছৰ পিতৃ, আৰু এই ধাৰণাটো অচাইৰিছৰ পৌৰাণিক আখ্যানত বৰ্ণনা কৰা হৈছে। আখ্যানত অচাইৰিছক সিংহাসন দখল কৰিবৰ বাবে তেওঁৰ ভ্ৰাতৃ ছেটে হত্যা কৰা বুলি বৰ্ণনা কৰা হৈছে। তেওঁৰ পত্নী আইচিছে তেওঁৰ মৃতদেহটো বিচাৰি পায় আৰু ইয়াক নলাত লুকুৱাই ৰাখে। কিন্তু ছেটে এই মৃতদেহটো বিচাৰি পায় খণ্ড-বিখণ্ড কৰে। আইচিছে অচাইৰিছৰ খণ্ডিত টুকুৰাবোৰ পুনৰ উদ্ধাৰ কৰে আৰু একগোট কৰি যাদুৰ প্ৰয়োগেৰেৰে তেওঁক পুনৰুজ্জীৱিত কৰে। এই কাৰ্যৰ যোগেদি আইচিছে অচাইৰিছৰ সন্তানৰ মাতৃ হোৱাটো সম্ভৱপৰ কৰি তোলে আৰু পিছত হ'ৰাছৰ জন্ম দিয়ে। যিহেতু অচাইৰিছৰ পুনৰুত্থানৰ পিছত হ'ৰাছৰ জন্ম হৈছিল সেয়ে হ'ৰাছক নতুন যুগৰ আৰম্ভণিৰ সূচনাকাৰী আৰু বেদখলকাৰী ছেটৰ পৰাজয়ৰ প্ৰতিনিধি বুলি ভবা হৈছিল।

এনেদৰেই অচাইৰিছক টাহ-চেকেৰৰ (সৃষ্টিকৰ্তা দেৱতা টাহ আৰু চেকেৰৰ যুটী) সৈতে যুক্ত কৰা হয় আৰু কালক্ৰমত তেওঁলোক টাহ-চেকেৰ-অচাইৰিছ নামেৰে পৰিচিত হৈ পৰে। সূৰ্যদেৱতাই ৰাতিটো পাতালত কটোৱাত লগতে প্ৰতিটো পুৱাতে তেওঁ "পুনৰ জন্ম" লাভ কৰা বুলি ভবা হৈছিল, টাহ-চেকেৰ-অচিৰিছক পাতালপুৰীৰ ৰজা আৰু পৰলোক, জীৱন, মৃত্যু তথা পুনৰুত্থানৰ দেৱতা হিচাপে চিনাক্ত কৰা হৈছিল।

মৃত্যু আৰু পুনৰ্জীৱন সম্পাদনা কৰক

প্লুটাৰ্কে বৰ্ণোৱা অচাইৰিছৰ পৌৰাণিক আখ্যানৰ এক সংস্কৰণ মতে ছেটে (অচাইৰিছৰ ভাতৃ) ইথিওপিয়াৰ ৰাণী আৰু ৭২জন সহযোগীৰ সৈতে মিলি অচাইৰিছৰ হত্যাৰ ষড়যন্ত্ৰ কৰে।[17] ছেটে চলেৰে অচাইৰিছক এটা বাকচৰ ভিতৰত সোমাবলৈ দিয়ে আৰু তাৰ পিছতেই বাকচটো বন্ধ কৰি সীহেৰে মোখনি মাৰি নাইল নদীত পেলাই দিয়ে। অচাইৰিছৰ পত্নী আইচিছে তেওঁক বিচাৰি গৈ অৱশেষত বাকচটো এজোপা গছৰ গুৰিত সোমাই থকা দেখে আৰু এই গছজোপা আছিল ফনিচিয়ান উপকূলৰ বাইব্লোছৰ এটা প্ৰাসাদৰ চালৰ ধৰণী। ইয়াৰ পিছতেই তেওঁ বাকচটোৰ পৰা অচাইৰিছৰ মৃতদেহ উদ্ধাৰ কৰে।

আন এটা সংস্কৰণৰ মতে, আইচিছে অচাইৰিছক এটা মন্ত্ৰ ব্যৱহাৰ কৰি পুনৰুজ্জীৱিত কৰে যাতে স্বামীৰ ঔৰসত তেওঁ গৰ্ভধাৰণ কৰিব পাৰে। অচাইৰিছৰ মৃতদেহ সমাধিস্থ কৰাৰ পিছত আইচিছে গৰ্ভধাৰণ কৰে আৰু তেওঁলোকৰ পুত্ৰ হ'ৰাছৰ জন্ম হয়। তাৰ পিছত অচাইৰিছ পাতালপুৰীৰ দেৱতা হিচাপে প্ৰাণ ধাৰণ কৰে। তেওঁৰ মৃত্যু আৰু পুনৰুত্থানৰ বাবে, অচাইৰিছ নাইল নদীৰ ভটিয়নি আৰু বানপানীৰ সৈতে জড়িত হৈ পৰে। এনেদৰেই নাইল উপত্যকাৰ কাষৰীয়া অঞ্চলত শস্যৰ বাৰ্ষিক বৃদ্ধি আৰু মৃত্যুৰ সৈতে তেওঁৰ সম্পৰ্ক স্থাপন হয়।

ডিঅড'ৰাছ চিকুলাছৰ আখ্যানত অচাইৰিছক এজন প্ৰাচীন ৰজা হিচাপে বৰ্ণনা কৰা হৈছে। তেওঁ ইজিপ্টৰ লোকসকলক কৃষিকে ধৰি সভ্যতাৰ বিভিন্ন কলা শিকায়। ইয়াৰ পিছত তেওঁৰ ভগ্নী আইচিছ, চেটায়াৰসকল আৰু নগৰাকী মিউজৰ সৈতে পৃথিৱী ভ্ৰমণ কৰি অৱশেষত ইজিপ্টলৈ ঘূৰি আহে। পৰৱৰ্তী সময়ত অচাইৰিছক তেওঁৰ ভাতৃ টাইফনে হত্যা কৰে। টাইফনক ছেট হিচাপে চিনাক্ত কৰা হৈছে। টাইফনে অচাইৰিছৰ মৃতদেহটো ২৬ টুকুৰাত বিভক্ত কৰি তেওঁৰ সহকৰ্মী ষড়যন্ত্ৰকাৰীসকলৰ মাজত বিতৰণ কৰে যাতে তেওঁলোককো এই হত্যাত জড়িত কৰিব পৰা যায়। আইচিছ আৰু হাৰকিউলিছে (হ'ৰাছ) অচাইৰিছৰ মৃত্যুৰ প্ৰতিশোধ লয় আৰু টাইফনক হত্যা কৰে। আইচিছে পুৰুষাংগৰ বাহিৰে অচাইৰিছৰ শৰীৰৰ সকলো অংগ উদ্ধাৰ কৰে আৰু গোপনে সমাধি দিয়ে। তেওঁ এই অংগসমূহৰ প্ৰতিকৃতি তৈয়াৰ কৰি কেইবাটাও স্থানত বিতৰণ কৰে আৰু এই স্থানসমূহ অচাইৰিছ উপাসনাৰ কেন্দ্ৰ হৈ পৰে।[18][19]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Egyptian Mythology - Osiris Cult" (ru ভাষাত). www.touregypt.net. http://www.touregypt.net/osiriscu.htm। আহৰণ কৰা হৈছে: 2018-10-26. 
  2. 2.0 2.1 Wilkinson, Richard H. (2003). The Complete Gods and Goddesses of Ancient Egypt. প্ৰকাশক London: Thames & Hudson. পৃষ্ঠা. 105. ISBN 978-0-500-05120-7. https://archive.org/details/completegodsgodd00wilk_0/page/105. 
  3. Collier, Mark; Manley, Bill (1998). How to Read Egyptian Hieroglyphs, British Museum Press, p. 41, আই.এচ.বি.এন. 0-7141-1910-5
  4. Quirke, S.; Spencer, A. J. (1992). The British Museum Book of Ancient Egypt. London: The British Museum Press.
  5. Kane Chronicles
  6. Griffiths, John Gwyn (1980). The Origins of Osiris and His Cult. Brill. p. 44
  7. "Isis and Osiris", Plutarch, translated by Frank Cole Babbitt, 1936, vol. 5 Loeb Classical Library. Penelope.uchicago.edu[সংযোগবিহীন উৎস]
  8. "The Historical Library of Diodorus Siculus", vol. 1, translated by G. Booth, 1814.
  9. 9.0 9.1 9.2 The Oxford Guide: Essential Guide to Egyptian Mythology, Edited by Donald B. Redford, pp.  302–307, Berkley, 2003, আই.এচ.বি.এন. 0-425-19096-X
  10. "The Burden of Egypt", J. A. Wilson, p.  302, University of Chicago Press, 4th imp 1963
  11. "Man, Myth and Magic", Osiris, vol. 5, pp.  2087–2088, S.G.F. Brandon, BPC Publishing, 1971.
  12. "Catholic Encyclopedia: Theodosius I". Newadvent.org. 1912-07-01. http://www.newadvent.org/cathen/14577d.htm। আহৰণ কৰা হৈছে: 2012-05-01. 
  13. "History of the Later Roman Empire from the Death of Theodosius I. to the Death of Justinian", The Suppression of Paganism – ch22, p.  371, John Bagnell Bury, Courier Dover Publications, 1958, আই.এচ.বি.এন. 0-486-20399-9
  14. Smith, Mark (2017). Following Osiris: Perspectives on the Osirian Afterlife from Four Millennia. পৃষ্ঠা. 124–125. 
  15. "How to Read Egyptian Hieroglyphs", Mark Collier & Bill Manley, British Museum Press, p.  42, 1998, আই.এচ.বি.এন. 0-7141-1910-5
  16. "Architecture of the Afterlife: Understanding Egypt's pyramid tombs", Ann Macy Roth, Archaeology Odyssey, Spring 1998
  17. Plutarch (1874). Plutarch's Moralia, On Isis and Osiris, ch. 12. https://books.google.com/books?id=VBfgAAAAMAAJ&q=plutarch+%22queen+of+ethiopia%22+osiris+%22seventy+two%22&pg=PA76। আহৰণ কৰা হৈছে: 2012-05-01. 
  18. "Osiris", Man, Myth & Magic, S.G.F Brandon, Vol5 P2088, BPC Publishing.
  19. "The Historical Library of Diodorus Siculus", translated by George Booth 1814. retrieved 3 June 2007. Google Books