অন্তৰীয় (ইংৰাজী: Antariya) শৰীৰৰ তলৰ অংশত পৰিধান কৰা এখন ঢিলা কাপোৰ। ই ভৰিৰ মাজেৰে পাৰ হৈ যোৱা কপাহৰ এখন দীঘল বগা বা ৰঙীন পটি আৰু ভৰিবোৰ ঢিলাকৈ ঢাকি ৰাখে। ইয়াৰ লগতে ভৰিৰ সন্মুখত দীঘল কোঁচ হিচাপে প্ৰবাহিত হয়।[1][2] অন্তৰীয় বস্ত্ৰ বৈদিক যুগৰ পৰায়ে প্ৰচলিত আৰু ই ধুতিৰ পূৰ্বসূৰী হিচাপে গণ্য কৰা হয়। অন্তৰীয় শব্দটো সংস্কৃত ভাষাৰ পৰা আহিছে। অন্তৰীয় শব্দটো 'অন্তৰ' আৰু প্ৰত্যয় 'ঈয়'ৰ সংমিশ্ৰণৰ পৰা সৃষ্টি হৈছে।[3][4]

পুৰুষে পৰিধান কৰা অন্তৰীয় আৰু উত্তৰীয় বস্ত্ৰ, খ্ৰীষ্টীয় প্ৰথম শতিকা

ইতিহাস সম্পাদনা কৰক

অন্তৰীয় আৰু উত্তৰীয় দুয়ো বৈদিক কালত উৎপত্তি হৈছিল। ইতিহাসবিদসকলৰ মতে এই বস্ত্ৰ প্ৰায় খ্ৰীষ্ট পূৰ্ব ১৫০০ ৰ পৰা খ্ৰীষ্ট পূৰ্ব ৫০০ ৰ মাজত উদ্ভৱ হৈছিল। মানুহে 'পৰিধান' নামৰ শৰীৰৰ তলৰ অংশৰ পোছাক পিন্ধিছিল। পৰিধানক সন্মুখত ভাঁজ কৰা হৈছিল আৰু 'মেখেলা' নামৰ কাপোৰেৰে পৰিধানক কঁকালত বন্ধা হৈছিল। এই পৰিধানত অন্তৰীয় অন্তৰ্ভুক্ত আছিল। কেতিয়াবা দৰিদ্ৰ লোকসকলে নিম্ন অংশত পিন্ধা পোছাকটো কেৱল লেংটি হিচাপে পিন্ধিছিল আনহাতে ধনীসকলে ইয়াক সন্মানৰ চিহ্ন হিচাপে ভৰিলৈ বিয়পি থকা অন্তৰীয় পিন্ধিছিল।

খ্ৰীষ্ট পূৰ্ব চতুৰ্থ শতিকাৰ পৰা খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজত সংকলিত মহাভাৰত মহাকাব্যত অন্তৰীয়ক পোছাক হিচাপে ব্যৱহাৰ কৰা উল্লেখ আছে। তদুপৰি ৰামায়ণতো ইয়াৰ উল্লেখ পোৱা যায়।[5] হিন্দু দেৱতাসকলক ভাৰতীয় উপমহাদেশত ভাস্কৰ্যসমূহত উত্তৰীয় আৰু অন্তৰীয় পৰিধান কৰা দেখুৱা হয়।[6] বিশেষকৈ হিন্দু মন্দিৰত আৰু দেশীয় দিনপঞ্জী সমূহৰৰ ছবিত দেৱতা সমূহক অন্তৰীয় পৰিধান কৰা দেখুৱা সয়।

খ্ৰীষ্ট পূৰ্ব ষষ্ঠ শতিকাৰ বৌদ্ধ পালি সাহিত্যত উল্লেখ অনুসৰি শাৰী শটিকা হৈছে স্তনপট্ট, উত্তৰীয় আৰু আন্তৰীয়ক একত্ৰিত কৰাৰ এক বিকশিত ৰূপ। এই পোছাক প্ৰাচীন কালত মহিলাসকলে পিন্ধা তিনি টুকুৰা পোছাকৰ ভিতৰত অন্যতম আছিল।[1][2][3][7][8][9]

 
চোলি আৰু অন্তৰীয়ৰ সৈতে গুপ্ত সাম্ৰাজ্যৰ কালৰ মহিলা, ৩২০ খ্ৰীষ্টাব্দ, অজন্তা গুহা চিত্ৰ

এই সময়ৰ মহিলাসকলৰ নিম্নঅংশত পৰিহিত পোছাকক বিভিন্ন গ্ৰন্থত বিভিন্ন নামৰে জনাজাত আছিল। সেইসমূহ হৈছে অম্বৰা, আমসুক, অন্তৰীয়, নিবসন, পৰিধান, বসন, বস্ত্ৰম, বাস আৰু চৌলি ইত্যাদি।[10][11]

এই পোছাকক কাৰু কাৰ্যসমূহ অতি পুৰণি কালৰে পৰা প্ৰচলিত হৈ আছে। অতীতৰ ভাস্কৰ্য আৰু মূৰ্তিসমূহত ইয়াৰ কেইটামান উদাহৰণ পোৱা যায়। সেয়েহে বস্ত্ৰ ইতিহাসবিদসকলে এইবোৰ অধ্যয়ন কৰে।[12]

ব্যৱহাৰ সম্পাদনা কৰক

অন্তৰীয় সাধাৰণতে পাতল কপাহ বা ৰেচমৰে তৈয়াৰ কৰা হৈছিল। ইয়াক সাধাৰণতে উত্তৰীয়ৰ সৈতে একেলগে পৰিধান কৰা হৈছিল। ধুতি, লুংগী আদি ইয়াৰে পৰা উদ্ভৱ হৈছে বুলি গণ্য কৰা হয়। হিন্দু মন্দিৰ সমূহত দেৱতা সকললৈ আগবঢ়োৱা বিশেষ বেশত অন্তৰীয় অন্তৰ্ভুক্ত থাকে। বৌদ্ধ সম্প্ৰদায়ৰ ভিক্ষুসকলে সাধাৰণতে অন্তৰীয়ৰ সৈতে এখন উত্তৰীয় আৰু ডাঙৰ চাদৰ পিন্ধে। এই সকলো কাপোৰ গেৰুৱা ৰঙৰ থাকে।

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 Nair, Rukmini Bhaya; deSouza, Peter Ronald (2020-02-20) (en ভাষাত). Keywords for India: A Conceptual Lexicon for the 21st Century. Bloomsbury Publishing. ISBN 978-1-350-03925-4. https://books.google.com/books?id=u6XFDwAAQBAJ&q=An+antariya+is+a+lower+garment+from+ancient+India.&pg=PT94. 
  2. 2.0 2.1 Mehta, Tarla (1995) (en ভাষাত). Sanskrit Play Production in Ancient India. Motilal Banarsidass Publ.. ISBN 978-81-208-1057-0. https://books.google.com/books?id=l7naMj1UxIkC&q=An+antariya+is+a+lower+garment+from+ancient+India.&pg=PA172. 
  3. 3.0 3.1 Ayyar, Sulochana (1987) (en ভাষাত). Costumes and Ornaments as Depicted in the Sculptures of Gwalior Museum. Mittal Publications. পৃষ্ঠা. 62. ISBN 978-81-7099-002-4. https://books.google.com/books?id=G9eHPXL6UE0C&q=An+antariya+is+a+lower+garment+from+ancient+India.&pg=PA62. 
  4. Shastri, Ajay Mitra; Varāhamihira (1996) (en ভাষাত). Ancient Indian Heritage, Varahamihira's India: Historical geography, religion, and society. Aryan Books International. পৃষ্ঠা. 224. ISBN 978-81-7305-081-7. https://books.google.com/books?id=NhVWAAAAYAAJ&q=An+antariya+is+a+lower+garment+from+ancient+India.. 
  5. McLain, Karline (2009) (en ভাষাত). India's Immortal Comic Books: Gods, Kings, and Other Heroes. Indiana University Press. পৃষ্ঠা. 72. ISBN 978-0-253-22052-3. https://books.google.com/books?id=V4-Su0whKa0C&q=An+antariya+is+a+lower+garment+from+ancient+India.&pg=PA72. 
  6. (en ভাষাত) Ancient India. Director General of Archaeology in India.. 1950. পৃষ্ঠা. 37. https://books.google.com/books?id=XmhDAAAAYAAJ&q=An+antariya+is+a+lower+garment+from+ancient+India.. 
  7. Prasad Mohapatra, Ramesh (1992). Fashion Styles of Ancient India: A Study of Kalinga from Earliest Times to Sixteenth Century Ad. B.R. Publishing Corporation. পৃষ্ঠা. 35. ISBN 9788170187233. https://books.google.com/books?id=QO2BAAAAMAAJ&q=Stanapatta. 
  8. Prachya Pratibha, 1978 "Prachya Pratibha, Volume 6", p. 121
  9. Agam Kala Prakashan, 1991 "Costume, coiffure, and ornaments in the temple sculpture of northern Andhra", p. 118
  10. www.wisdomlib.org (2018-05-06). "Antariya, Antarīya: 7 definitions". www.wisdomlib.org. https://www.wisdomlib.org/definition/antariya। আহৰণ কৰা হৈছে: 2020-12-09. 
  11. Mohapatra, Ramesh Prasad (1992) (en ভাষাত). Fashion Styles of Ancient India: (a Study of Kalinga from Earliest Times to Sixteenth Century A.D.). B.R. Publishing Corporation. পৃষ্ঠা. 26. ISBN 978-81-7018-723-3. 
  12. Kumar, Raj (2006) (en ভাষাত). Paintings and Lifestyles of Jammu Region: From 17th to 19th Century A.D.. Gyan Publishing House. ISBN 978-81-7835-577-1. https://books.google.com/books?id=f-1XyQ2eIG8C&q=uttariya+pandavas&pg=PA7.