অপৰূপা

অসমীয়া চলচ্চিত্ৰ (১৯৮২)

অপৰূপা হৈছে ১৯৮২ চনৰ ১৬ এপ্ৰিল তাৰিখে মুক্তিপ্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ[1][2] ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বিকাশ নিগমে প্ৰযোজনা কৰা এইখন প্ৰথম অসমীয়া চলচ্চিত্ৰ[3] হোৱাৰ লগতে জাহ্নু বৰুৱাই পৰিচালনা কৰা এইখনেই প্ৰথম চলচ্চিত্ৰ।[1] বোলছবিখন হিন্দী ভাষাতো অপেক্ষা নামেৰে মুক্তি দিয়া হয়[2]। ১৯৮৩ চনত বোলছবিখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ শিতানত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল) লাভ কৰে।

অপৰূপা
অপৰূপা চলচ্চিত্ৰৰ প'ষ্টাৰ
অপৰূপা
পৰিচালক জাহ্নু বৰুৱা
চিত্ৰনাট্য জাহ্নু বৰুৱা
কাহিনী জাহ্নু বৰুৱা
জে. এছ. ৰাও
প্ৰযোজক জাহ্নু বৰুৱা
অভিনয়ত বিজু ফুকন
সুহাসিনী মুলে'
গিৰীশ কৰ্ণাড
ফাৰুক শ্বে'খ
চিত্ৰগ্ৰহণকাৰী বিনোদ প্ৰধান
সম্পাদনা জাহ্নু বৰুৱা
সংগীত পৰিচালক ভূপেন হাজৰিকা
প্ৰযোজনা
কোম্পানী
ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড
পৰিবেশক ৰাষ্ট‌্ৰীয় চলচ্চিত্ৰ বিকাশ নিগম
মুক্তি
১৬ এপ্ৰিল, ১৯৮২
দৈৰ্ঘ্য
১২৪ মিনিট
দেশ ভাৰত ভাৰত
ভাষাসমূহ অসমীয়া, হিন্দী

কাহিনী সম্পাদনা কৰক

 
বোলছবিখনৰ এটি দৃশ্য

বোলছবিখনৰ কাহিনী ঔপনিৱেশিক যুগৰ। এজন চহকী চাহ খেতিয়কৰ লগত ঘৰৰ পৰা বিয়া ঠিক হোৱাৰ কাৰণে অপৰূপাই (সুহাসিনী মূলে') তাইৰ বিশ্ববিদ্যালয়ৰ শিক্ষা আধাতে এৰিব লগা হয়। বিবাহৰ পাছত স্বামীয়ে ব্যৱসায়ত অহৰ্নিশে মগ্ন থাকি অপৰূপাক সম্পূৰ্ণৰূপে উপেক্ষা কৰে। তাইৰ কাৰণে চাহ খেতি আৰু ইয়াৰ লগত জড়িত সামাজিক ৰুটিন হৈ পৰে বিৰক্তিৰ এক বন্দীশালসদৃশ। এদিন তাই গম পায় যে, দেউতাকে চাহ খেতিয়কজনৰ পৰা লোৱা বিশাল ঋণ পৰিশোধ কৰিব নোৱাৰাৰ ফলতহে তাইৰ এই বিয়া হৈছিল। তাইৰ নিজকে দেউতাকৰ দ্বাৰা স্বামীৰ হাতত বিক্ৰী হৈ যোৱা যেন অনুভৱ হয়। এদিন তাইৰ ঘৰলৈ আহে তাইৰ এজন পুৰণা সহপাঠী, যি বৰ্তমান এজন সেনা বিষয়া। হতাশাগ্ৰস্ত অপৰূপাই পৰিপূৰ্ণতা বিচাৰি তাইৰ পুৰণা প্ৰেমিকৰ কাষলৈ যায়।[1][2][3]

অভিনয়-শিল্পী সম্পাদনা কৰক

সংগীত সম্পাদনা কৰক

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰে ভূপেন হাজৰিকাই।

গীতৰ তালিকা
নং শিৰোনামগায়ক/গায়িকা দৈৰ্ঘ্য
1. "অ' সিপাৰৰ বন্ধু"  ভূপেন হাজৰিকা, মান্না দে'  
2. "তেজৰে কমলাপতি"  ভূপেন হাজৰিকা  
3. "আই সৰস্বতী অ'"  বন্দনা বৰা, ভূপেন হাজৰিকা  
4. "অপৰূপা অপৰূপা"  ঊষা মংগেশকাৰ  
5. "সেন্দূৰ সেন্দূৰ"  সত্য বৰুৱা  
6. "সেন্দূৰ সেন্দূৰ"  ৰীতা বৰুৱা  

পুৰস্কাৰ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Jahnu Barua Retrospective - Film Festival". Buzzintown. Archived from the original on 2012-04-27. https://web.archive.org/web/20120427020302/http://www.buzzintown.com/new-delhi/event_jahnu-barua-retrospective-film-festival--id_129816.html। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী, ২০১৩. 
  2. 2.0 2.1 2.2 "Aparoopa". Onlinesivasagar. http://onlinesivasagar.com/movies/aparupa.htm। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী, ২০১৩. 
  3. 3.0 3.1 "Jahnu Barua". Chaosmag. http://www.chaosmag.in/barua.html। আহৰণ কৰা হৈছে: ২১ জানুৱাৰী, ২০১৩. 
  4. "30th National Film Festival, May 1983". Directorate of Film Festivals, Govt. of India. http://www.dff.nic.in/images/Documents/87_30thNfacatalogue.pdf। আহৰণ কৰা হৈছে: 14 February 2022. 

বাহ্যিক সংযোগ সম্পাদনা কৰক