অষ্ট্ৰেলিয়া (ইংৰাজী: Australia; স্থানীয় উচ্চাৰণ আ-ধ্ব-ব-তে /ə.ˈstɹæɪ.ljə/, /ə.ˈstɹæɪ.liː.ə/ বা /ə.ˈstɹæɪ.jə/) এখন দ্বীপ-মহাদেশ। ই এচিয়াৰ দক্ষিণ-পূবত ওচেনিয়া অঞ্চলত অৱস্থিত। অষ্ট্ৰেলিয়াৰ মূল ভূ খণ্ড আৰু দক্ষিণৰ তাছমেনিয়া দ্বীপ লৈ এই কমনৱেল্‌থ অফ অষ্ট্ৰেলিয়া গঠিত হৈছে। দেশখনৰ উত্তৰে টিমুৰ সাগৰ, আৰাফুৰা সাগৰ, আৰু টৰেচ প্ৰণালী; পূবে প্ৰবাল সাগৰ আৰু তাছমান সাগৰ; দক্ষিণে ব্যাস প্ৰণালী আৰু পশ্চিমে ভাৰত মহাসাগৰ। অষ্ট্ৰেলিয়াৰ চুবুৰীয়া দেশসমূহৰ ভিতৰত উত্তৰে পাপুৱা নিউগিনি, ইণ্ডোনেছিয়া আৰু পূৱ টিমুৰ; ছলমন দ্বীপপুঞ্জ আৰু ভানুৱাটু আছে উত্তৰ-পূবত আৰু দক্ষিণ-পূবত নিউজিলেণ্ড অৱস্থিত। দেশখন পূব-পশ্চিমে প্ৰায় ৪০০০ কিমি আৰু উত্তৰ-দক্ষিণে প্ৰায় ৩৭০০ কিমি দৈৰ্ঘ্যৰ। অষ্ট্ৰেলিয়া বিশ্বৰ ক্ষুদ্ৰতম মহাদেশ আৰু ৬ষ্ঠ বৃহত্তম দেশ। অষ্ট্ৰেলিয়াৰ ৰাজধানী কানবেৰা; আনহাতে ছিডনী হৈছে বৃহত্তম চহৰ। এই দুই চহৰ দক্ষিণ-পূব অষ্ট্ৰেলিয়াত অৱস্থিত।

কমনৱেল্‌থ অব অষ্ট্ৰেলিয়া
অষ্ট্ৰেলিয়া
ৰাষ্ট্ৰীয় সঙ্গীত
এডভান্চ অষ্ট্ৰেলিয়া ফেয়াৰ[2]


অষ্ট্ৰেলিয়া (Australia)-ৰ অৱস্থান
অষ্ট্ৰেলিয়া (Australia)-ৰ অৱস্থান
ৰাজধানীকানবেৰা
বৃহত্তম নগৰ ছিডনী
ৰাষ্ট্ৰভাষা (সমূহ) ইংৰাজীN2
জাতীয়তাসূচক বিশেষণ Australian, Aussie[3][4]
চৰকাৰ Federal parliamentary democracy and constitutional monarchy, see Government of Australia
 -  Monarch Queen Elizabeth II
 -  Governor-General Quentin Bryce
 -  Prime Minister স্কট মৰিছন
Independence from the United Kingdom 
 -  Constitution 1 January 1901 
 -  Statute of Westminster 11 December 1931 
 -  Statute of Westminster Adoption Act 9 October 1942 (with effect from 3 September 1939) 
 -  Australia Act 3 March 1986 
মাটিকালি
 -  মুঠ ৭৬,১৭,৯৩০ বৰ্গ কিমি (6th)
২৯,৪১,২৯৯ বৰ্গ মাইল 
জনসংখ্যা
 -  2024 আনুমানিক এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "৫"[5] (৫৩rd)
 -  ২০০৬ লোকপিয়ল ১,৯৮,৫৫,২৮৮'"`UNIQ--ref-০০০০০০০৫-QINU`"' 
জিডিপি (পিপিপি) 2009 আনুমানিক
 -  মুঠ $851.170 billion[7] 
 -  জনমুৰি $38,910[7] 
জিডিপি (নামমাত্ৰ) 2010 আনুমানিক
 -  মুঠ $1.193 trillion[7] 
 -  জনমুৰি $53,862[7] 
মানৱ উন্নয়ন সূচক (2007) বৃদ্ধি 0.970[8] (very high) (2nd)
মুদ্ৰা অষ্ট্ৰেলিয় ডলাৰ (AUD)
সময় অঞ্চল variousN3 (ইউটিচি+8 to +10.5)
 -  গ্ৰীষ্মকালীন (ডিএছটি) variousN3 (ইউটিচি+8 to +11.5)
গাড়ী চলোৱা হয় বাঁওফালে
ইণ্টাৰনেট টিএলডি .au
কলিং ক'ড ++61

ইতিহাস সম্পাদনা কৰক

অষ্ট্ৰেলিয়াত প্ৰথম বসতি স্থাপন কৰিছিল আদিবাসী জাতিসমূহে। ১৭শ শতিকাৰ আগলৈকে বিশ্বৰ অন্য অঞ্চল সমূহৰ সৈতে দ্বীপটোৰ কোনো পৰিচয় নাছিল। ১৭৮৮ চনত দক্ষিণ-পূব অষ্ট্ৰেলিয়াৰ পোৰ্ট জেকচনত প্ৰথম স্থায়ী উপনিৱেশ প্ৰতিষ্ঠা কৰা হয়; ই আছিল ব্ৰিটিছ কয়দীসকলৰ উপনিৱেশ। ই পৰৱৰ্তীকালত প্ৰসাৰিত হয় আৰু ছিডনী চহৰ ৰূপে পৰিণত হয়। ১৯ শতিকা পৰ্য্যন্ত অষ্ট্ৰেলিয়া এক ব্ৰিটিছ উপনিৱেশ আছিল। ১৯০১ চনত স্বাধীন অষ্ট্ৰেলিয়া গঠিত হয়।

ভূগোল সম্পাদনা কৰক

অষ্ট্ৰেলিয়াৰ মুঠ মাটিকালি প্ৰায় ৭৬,১৭,৯৩০ বৰ্গ কি:মি: আৰু ই ইণ্ডো-অষ্ট্ৰেলিয় প্লেটত অৱস্থিত। আৰাফুৰা আৰু টিমুৰ সাগৰে অষ্ট্ৰেলিয়াক এছিয়াৰ পৰা পৃথক কৰিছে। দেশ খনৰ উত্তৰ-পূব সীমান্তত অৱস্থিত বৃহৎ প্ৰবাল প্ৰাচীৰ বিশ্বৰ বৃহত্তম প্ৰবাল প্ৰাচীৰ। এই প্ৰাচীৰ অষ্ট্ৰেলিয়াৰ উত্তৰ-পূব সীমান্তৰ প্ৰায় ২০১০ কিমি অঞ্চল জুৰি বিস্তৃত। ই দৰাচলতে প্ৰায় ২৫০০ প্ৰাচীৰ আৰু অসংখ্য সৰু সৰু দ্বীপৰ সমষ্টি। কুইন্সলেণ্ডৰ তীৰৰ কাষত অৱস্থিত ফেয়াৰফক্স দ্বীপ গ্ৰেট ব্যাৰিয়াৰ ৰীফৰ অংশ।

অষ্ট্ৰেলিয়া ৬খন অংগৰাজ্য লৈ গঠিত: নিউ চাউথ ৱেল্চ, কুইন্সলেণ্ড, দক্ষিণ অষ্ট্ৰেলিয়া, তাছমেনিয়া, ভিক্টোৰিয়া আৰু পশ্চিম অষ্ট্ৰেলিয়া। ইয়াৰোপৰি আছে দুখন টেৰিটৰী — অষ্ট্ৰেলিয় ৰাজধানী টেৰিটৰী আৰু উত্তৰ টেৰিটৰী। বহি:ভাগৰ নিৰ্ভৰশীল অঞ্চলৰ মাজত আছে আছমোৰ আৰু কাৰ্টিয়াৰ দ্বীপপুঞ্জ, অষ্ট্ৰেলিয় এণ্টাৰ্কটিকা, ক্ৰিছমাছ দ্বীপ, কোকোছ দ্বীপপুঞ্জ, কোৰাল ছি দ্বীপপুঞ্জ, হাৰ্ড দ্বীপ আৰু মেকড'নাল্ড দ্বীপপুঞ্জ, আৰু নৰফ'ক দ্বীপ।

সাঁচ:Navbox top

সাঁচ:Navbox bottom

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. It's an Honour – Symbols – Australian National Anthem Archived 9 November 2007 at the Wayback Machine and DFAT – "Australian National Anthem" Archived 23 September 2015 at the Wayback Machine; "National Symbols". Parliamentary Handbook of the Commonwealth of Australia (29th সম্পাদনা). 2005 [2002]. Archived from the original on 11 June 2007. https://web.archive.org/web/20070611101901/http://www.aph.gov.au/library/handbook/40thparl/national+symbols.pdf। আহৰণ কৰা হৈছে: 7 June 2007. 
  2. Australia's royal anthem is "God Save the Queen", played in the presence of a member of the Royal family when they are in Australia. In other contexts, the national anthem of Australia, "Advance Australia Fair", is played.[1]
  3. The Macquarie Dictionary
  4. "Collins English Dictionary". প্ৰকাশক Bishopbriggs, Glasgow: HarperCollins. 2009. পৃষ্ঠা: 18. ISBN 0-00-786171-2. 
  5. "Population clock". Australian Bureau of Statistics website. Commonwealth of Australia. http://www.abs.gov.au/ausstats/abs@.nsf/94713ad445ff1425ca25682000192af2/1647509ef7e25faaca2568a900154b63?OpenDocument। আহৰণ কৰা হৈছে: 15 July 2010.  The population estimate shown is automatically calculated daily at 00:00 UTC and is based on data obtained from the population clock on the date shown in the citation.
  6. সাঁচ:Census 2006 AUS
  7. 7.0 7.1 7.2 7.3 "Australia". IMF website. প্ৰকাশক Washington, D.C.: International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2010/01/weodata/weorept.aspx?sy=2007&ey=2010&scsm=1&ssd=1&sort=country&ds=.&br=1&c=193&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=&pr.x=43&pr.y=13। আহৰণ কৰা হৈছে: 21 April 2010. 
  8. Human Development Report 2009. The United Nations. Retrieved 5 October 2009.
  9. "3218.0 - Regional Population Growth, Australia, 2016" (en ভাষাত). Australian Bureau of Statistics. 28 July 2017. http://www.abs.gov.au/AUSSTATS/abs@.nsf/Lookup/3218.0Main+Features12016?OpenDocument। আহৰণ কৰা হৈছে: 10 August 2017. 

বহিঃসংযোগ সম্পাদনা কৰক