অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় ( ইংৰাজী: Assam Science and Technology University) জালুকবাৰী ,গুৱাহাটীত অৱস্থিত অসমৰ একমাত্ৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় । এই বিশ্ববিদ্যালয়খনি অসম চৰকাৰে ২০১১ চনত সমগ্ৰ অসম ৰাজ্যৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতিৰ হেতুকে "অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয় আইন ২০০৯"ৰ দ্বাৰা স্থাপন কৰে।‌[1][2]

অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়
Assam Science and Technology University
স্থাপিত ২০১০
ধৰণ ৰাজহুৱা
আচাৰ্য অসমৰ ৰাজ্যপাল
উপাচাৰ্য অধ্যাপক ডঃ ধীৰাজ বৰা
স্থান জালুকবাৰী,গুৱাহাটী, অসম, ভাৰত
চৌহদ চহৰাঞ্চল
উপনাম এ এচ টি ইউ (ASTU)
ভুক্তি বিশ্ববিদ্যালয় অনুদান আয়োগ
ৱেবছাইট www.astu.ac.in

প্ৰযুক্তিবিদ্যা আৰু গৱেষণাৰ ক্ষেত্ৰত উন্নতিৰ বাবে বিশ্ববিদ্যালয়খনে অষ্ট্ৰেলিয়াকাৰ্টিন বিশ্ববিদ্যালয়ৰ সৈতে সহযোগিতাৰ এক চুক্তি স্বাক্ষৰ কৰিছে । [3]

পাঠ্যক্ৰমসমুহ সম্পাদনা কৰক

  • প্ৰযুক্তিবিদ্যাৰ স্নাতক (BTech)
  • ফাৰ্মাচীবিদ্যাৰ স্নাতক (BPharm)
  • ফাৰ্মাচীবিদ্যাৰ স্নাতকোত্তৰ (MPharm)
  • কম্পিউটাৰ ব্যৱহাৰিকবিদ্যাৰ স্নাতকোত্তৰ (MCA)
  • প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ (MTech)
  • বাণিজ্যিক প্ৰশাসনিকবিদ্যাৰ স্নাতকোত্তৰ (MBA)
  • বিজ্ঞানৰ স্নাতক (BSc)
  • বিজ্ঞানৰ স্নাতকোত্তৰ (MSc)

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "Science and technology is the way forward for climate change, energy deficiency and floods: Assam". Express Computer. Archived from the original on 2015-09-30. https://web.archive.org/web/20150930130505/http://computer.financialexpress.com/news/science-and-technology-is-the-way-forward-for-climate-change-energy-deficiency-and-floods-assam/12889/। আহৰণ কৰা হৈছে: 2015-10-26. 
  2. "State University Assam". University Grants Commission. http://www.ugc.ac.in/stateuniversitylist.aspx?id=3&Unitype=2। আহৰণ কৰা হৈছে: 24 January 2015. 
  3. "Assam government to partner with Curtin University  : Notification". indiatoday.intoday.in. Archived from the original on 2015-11-25. https://web.archive.org/web/20151125123333/http://indiatoday.intoday.in/education/story/assam-government-signs-collaborative-partnership-agreement-with-curtin-university/1/419620.html। আহৰণ কৰা হৈছে: 2015-10-26. 

বাহ্যিক সংযোগ সম্পাদনা কৰক

আধিকাৰিক ৱেবছাইট