হিচাপবিদ্যা বা একাউণ্টেঞ্চিত অৱক্ষয় (ইংৰাজী: Depreciation) বা মূল্যহ্ৰাস হৈছে ব্যৱসায় এটাত ব্যৱহাৰ কৰা সম্পত্তি বা সম্পদ এটাৰ মূল্য হ্ৰাস হোৱা কাৰ্য। অৱক্ষয়ৰ ধাৰণাটোৰ দুটা দিশ আছে: প্ৰথমতে, সম্পদ এটাৰ ন্যায্য মূল্যৰ প্ৰকৃত হ্ৰাস, যেনে ব্যৱহাৰ কৰি থকাৰ বাবে প্ৰতি বছৰে কাৰখানাৰ সঁজুলি বা যন্ত্ৰ-পাতিৰ মূল্য হ্ৰাস, আৰু দ্বিতীয়তে, সম্পত্তিসমূহ ব্যৱহাৰ কৰা সময়ছোৱাৰ বাবে একাউণ্টিং ষ্টেটমেণ্ট বা বিত্তীয় প্ৰতিবেদনত দেখুওৱা মূল্যহ্ৰাস।[1]

অৱক্ষয় হৈছে সম্পত্তিৰ মূল্য হ্ৰাস আৰু ইয়াৰ উপযোগী জীৱনকালত এক মূৰ্ত সম্পদৰ (Tangible Asset, যেনে যন্ত্ৰ-পাতি) ব্যয় পুনৰ আৱণ্টন কৰিবলৈ, বা মূল্য হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা এক পদ্ধতি। ব্যৱসায়বোৰে একাউণ্টিং আৰু কৰ দুয়োটা উদ্দেশ্যৰ বাবে দীৰ্ঘম্যাদী সম্পত্তিৰ মূল্য হ্ৰাস কৰে। সম্পত্তিৰ মূল্য হ্ৰাস হোৱাৰ ফলত ব্যৱসায় বা প্ৰতিষ্ঠান এটাৰ বেলেঞ্চ শ্বিট প্ৰভাৱিত হয়, আৰু সম্পত্তিৰ মূল্য হ্ৰাস কৰাৰ পদ্ধতিটোৱে একাউণ্টিঙৰ ফালৰপৰা মুঠ উপাৰ্জন আৰু এনেদৰে তেওঁলোকে দাখিল কৰা উপাৰ্জনৰ প্ৰতিবেদনক প্ৰভাৱিত কৰে। সাধাৰণতে সম্পত্তিটো ব্যৱহাৰ কৰাৰ সম্ভাৱনা থকা সময়ছোৱাৰ ভিতৰত মূল্যহ্ৰাস ব্যয় (depreciation expense) হিচাপে একপ্ৰকাৰে ব্যয় আৱণ্টন কৰা হয়।

অৱক্ষয় গণনা কৰাৰ পদ্ধতি আৰু সম্পত্তিৰ মূল্য হ্ৰাস হোৱা সময়ছোৱা একেটা ব্যৱসায়ৰে সম্পদৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি আৰু কৰ পৰিশোধৰ উদ্দেশ্যৰ বাবে পৃথক হ'ব পাৰে। এইসমূহ বিভিন্ন আইন বা একাউণ্টিং মানদণ্ডৰ দ্বাৰা নিৰ্ধাৰিত কৰা হ'ব পাৰে আৰু ই যি দেশ অনুসৰি পৃথক হ'ব পাৰে। মূল্যহ্ৰাস ব্যয় গণনা কৰাৰ কেইবাটাও মানক পদ্ধতি আছে। ইয়াৰ ভিতৰত আছে স্থিৰ শতাংশ, সৰল ৰৈখিক, আৰু নিম্নগামী বেলেঞ্চ পদ্ধতি।

হিচাপকৰণৰ ধাৰণা বা একাউণ্টিং কনচেপ্ট সম্পাদনা কৰক

একোটা কাৰ্যৰ পৰা হোৱা মুঠ উপাৰ্জন (net income বা লাভ) নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত উক্ত কাৰ্যৰ পৰা হোৱা আয়সমূহ উপযুক্ত ব্যয়ৰ দ্বাৰা হ্ৰাস কৰিব লাগিব। তেনে ব্যয় হৈছে ব্যৱহৃত সম্পত্তিৰ ব্যয় কিন্তু এই ব্যয় সেই কাৰ্যটোত তাৎক্ষণিকভাৱে নহয়। [2]নিৰ্দিষ্ট সময়ত আৱণ্টন কৰা এনে ব্যয় সম্পত্তিটোৰ ওপৰত নিৰ্ধাৰণ কৰা মূল্য হ্ৰাসৰ সমান। ই আৰম্ভণিতে সম্পত্তিটো আহৰন কৰাৰ বাবে পৰিশোধ কৰা ধনৰাশিৰ পৰিমাণৰ সমান আৰু পৰৱৰ্তী সময়ত ইয়াৰ নিষ্পত্তিৰ পিছত প্ৰাপ্ত হ'ব লগা পৰিমাণৰ সৈতে সম্পৰ্কিত হ'বও পাৰে বা নহ'বও পাৰে। অৱক্ষয় হৈছে সেই সময়ছোৱাৰ বাবে এনে ব্যয় আৱণ্টন কৰাৰ যিকোনো পদ্ধতি য'ত সংগঠনটোৱে সম্পত্তিৰ ব্যৱহাৰৰ পৰা লাভান্বিত হ'ব বুলি আশা কৰা হয়। ই ইএটা সম্পত্তিৰ উপযোগী জীৱনকালত ব্যয় কৰ্তন কৰাৰ এক প্ৰক্ৰিয়া।[3] সম্পত্তিবোৰ বিভিন্ন শ্ৰেণীত ভগোৱা হয় আৰু প্ৰত্যেকৰ নিজা উপযোগী জীৱনকাল থাকে। সম্পত্তিটোক এক অৱক্ষয়যোগ্য সম্পদ (depreciable asset) বুলি কোৱা হয়। যদিও ই বেলেন্স শ্বিটত সম্পদৰ মূল্য নিৰ্ধাৰণ কৰে, মূল্যহ্ৰাস কাৰিকৰীভাৱে ব্যয় আৱণ্টনৰ এক পদ্ধতিহে, আৰু ই কোনো মূল্যাঙ্কন নহয়।[4]

অৱক্ষয় গণনাৰ পদ্ধতিসমূহ সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Raymond H. Peterson, Accounting for Fixed Assets, John Wiley and Sons, Inc., 2002
  2. Costs of assets consumed in producing goods are treated as cost of goods sold. Other costs of assets consumed in providing services or conducting business are an expense reducing income in the period of consumption under the matching principle.
  3. https://bench.co/blog/tax-tips/depreciation/
  4. ASC 360-10-35-4.