অ’ ফ’ৰছ্যোনা (O Fortuna) ১৩শ শতিকাৰ আৰম্ভনিতে লিখিত এটি মধ্যযুগীয় লেটিন বিদ্ৰূপাত্মক পদ্য যি কাৰমিনা বুৰাণা বোলা ২৫৪টি পদ্যসমষ্টিৰ অন্তৰ্গত। এই পদ্যটিৰ মাধ্যমেৰে নিয়তি আৰু ৰোমান ভাগ্যদেৱী ফ'ৰছ্যোনাক বিদ্ৰূপ কৰা হৈছে।

১৯৩৫-৩৬ চনত অ’ ফ’ৰছ্যোনা ৰ বাবে জাৰ্মান সংগীতজ্ঞ কাৰ্ল ওৰ্ফে সংগীত ৰচনা কৰে। সংগীতাৰোপিত অ’ ফ’ৰছ্যোনাক ওৰ্ফে তেওঁৰ কাৰমিনা বুৰাণা নামৰেই সৃষ্ট গান-ৰোমান (cantata)ৰ "Fortuna Imperatrix Mundi" (ভাগ্যদেৱী-বিশ্বসম্ৰাজ্ঞী) নামেৰে নামাংকিত ৰাগোদয় আৰু অস্তৰাগ মূৰ্চ্ছনাত ব্যৱহাৰ কৰিছিল। ৮ জুন,১৯৩৭ত ফ্ৰেংকফাৰ্ট অপেৰাত ই পোনপ্ৰথমে পৰিবেশিত হয়।

স্বৰ আৰু ধ্বনি সম্পাদনা কৰক

এই পৰিবেশনত গায়ক-গায়িকাৰ মন্থৰ সমবেত-কণ্ঠ আৰু ঘাতবাদ্যৰ প্ৰচণ্ড আৰোহিত ধ্বনিয়ে হঠাৎ এক ফুচফুচনিৰ দৰে স্তীমিত কণ্ঠস্বৰলৈ অবৰোহন কৰে আৰু পুনৰ লাহে লাহে ঘাতবাদ্য , কাঁহৰ শিঙৰ পেঁপা আৰু তাঁৰৰ চুটি চুটি জোঁকাৰত সেই সমবেত কণ্ঠই জোৰ পায় আৰু শেষাংশত আশন্ন-প্ৰলয়ত বিশ্ববাসীৰ বিলাপহেন এক দীঘলীয়া চিঞৰলৈ ৰূপান্তৰিত হৈ অপ্ৰত্যাশিতভাৱে নিস্তব্ধতাত বিলীন হয়। গোটেই পৰিবেশনটোৰ বাবে আঢ়ৈ মিনিটতকৈ কিছু অধিক সময় লাগে।[1]

পৰিবেশন আৰু জনপ্ৰিয়তা সম্পাদনা কৰক

ওৰ্ফৰ সংগীতত প্ৰাণপোৱা অ’ ফ’ৰছ্যোনাৰ সমবেত-সংগীত ৰূপটোৱে বিপুল জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল আৰু ই অসংখ্য পাৰ্শ্চাত্য শাস্ত্ৰীয় সমবেত সংগীত পৰিবেশনাত নামী-দামী শিল্পীৰ দ্বাৰা পৰিবেশিত হৈছে। তদোপৰি এই সুৰটো বহু কথাছবি আৰু বিজ্ঞাপনত নাটকীয় আৰু প্ৰলয়ংকাৰী মুহূৰ্ত উপস্থাপন কৰিবলৈ প্ৰায় নিয়মীত ভাৱে ব্যৱহাৰ হৈ আহিছে। ব্ৰিটিছ যুক্তৰাজ্যত অ’ ফ’ৰছ্যোনায়ে যোৱা ৭৫ বছৰত সৰ্বাধিক পৰিবেশিত শাস্ত্ৰীয় সমবেত সংগীত হিচাপেও মাজতে খ্যাতি লাভ কৰিছিল।[2]

পদ্য সম্পাদনা কৰক

O Fortuna
velut luna
statu variabilis,
semper crescis
aut decrescis;
vita detestabilis
nunc obdurat
et tunc curat
ludo mentis aciem,
egestatem,
potestatem
dissolvit ut glaciem.

Sors immanis
et inanis,
rota tu volubilis,
status malus,
vana salus
semper dissolubilis,
obumbrata
et velata
michi quoque niteris;
nunc per ludum
dorsum nudum
fero tui sceleris.

Sors salutis
et virtutis
michi nunc contraria,
est affectus
et defectus
semper in angaria.
Hac in hora
sine mora
corde pulsum tangite;
quod per sortem
sternit fortem,
mecum omnes plangite!

O Fortune,
like the moon
you are changeable,
ever waxing
and waning;
hateful life
first oppresses
and then soothes
as fancy takes it;
poverty
and power
it melts them like ice.

Fate – monstrous
and empty,
you whirling wheel,
you are malevolent,
well-being is vain
and always fades to nothing,
shadowed
and veiled
you plague me too;
now through the game
I bring my bare back
to your villainy.

Fate is against me
in health
and virtue,
driven on
and weighted down,
always enslaved.
So at this hour
without delay
pluck the vibrating strings;
since Fate
strikes down the strong man,
everyone weep with me![3]

হে ভাগ্যদেৱী,
চন্দ্ৰিমাৰ দৰে
তুমি বহুৰূপা,
এই শুক্লা
এই কৃষ্ণা ;
জঘন্য এই জীৱন
প্ৰথমে দুখ দিয়ে
আৰু তাৰপিছত মৰম সানে
যেতিয়াই মন যাই ;
দৰিদ্ৰতা
আৰু ক্ষমতাক
তাই হিমৰ দৰে গলায়

নিয়তি-ভয়ংকৰী
আৰু ৰিক্তা ,
তুমি পাক-চক্ৰ ,
তুমি পৰশ্ৰীকাতৰ ,
সুখ-সমৃদ্ধি অসাৰ
আৰু সদায়ে শূন্যতাত নোহোৱা হয়,
আচ্ছাদিত
আৰু ওঁৰণিৰে মুখ ঢাকি
তুমিও মোক আমনি কৰা ;
এতিয়া এই খেললৈ
মই আনিছো মোৰ উদং পিঠি
তোমাৰ চলনাৰ কশাঘাতৰ বাবে

নিয়তি মোৰ প্ৰতিদন্দ্বী
স্বাস্থ্য আৰু
শুদ্ধ চিত্তৰ,
ভাৰ বৈ যাওঁ
আৰু সেই বোজাতেই বাগৰি
চিৰদাস হওঁ
গতিকে এই সময়ত
দেৰী নকৰি
তাঁৰ বিলাক জোঁকাৰি দিয়া,
কিয়নো নিয়তিয়ে
সেই শক্তিশালী মানুহজনক বধিছে,
সকলোৱে মোৰ সৈতে কান্দাহঁত !

তথ্য সংগ্ৰহ সম্পাদনা কৰক