আতিফ আচলম

পাকিস্তানী গায়ক-গীতিকাৰ

আতিফ আচলম (উৰ্দু: عاطف اسلم; জন্মগত নাম মহম্মদ আতিফ আচলম, জন্ম ১২ মাৰ্চ ১৯৮৩) এজন পাকিস্তানী পপ গায়ক আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ বলিউডৰ কেইবাখনো ছবিত কেমিঅ' ভূমিকাত অবতীৰ্ণ হৈছে। ২০১১ চনত পাকিস্তানী চলচ্চিত্ৰ বোলত তেওঁ প্ৰথম অভিনেতা হিচাপে অৱতীৰ্ণ হৈছিল। তেওঁ কেইবাটাও জনপ্ৰিয় গীত গাইছে।[4] আতিফ আচলম তেওঁৰ "ভকেল বেল্টিং" পদ্ধতিৰ বাবে বিখ্যাত।[5] তেওঁ পাকিস্তানৰ অন্যতম সৰ্বোচ্চ অসামৰিক সম্মান তামজা-ই-ইমতিয়াজৰে বিভূষিত।

আতিফ আচলম
প্ৰাথমিক তথ্য
জন্মৰ নাম মহম্মদ আতিফ আচলম
জন্ম ১২ মাৰ্চ, ১৯৮৩ (৪১ বছৰ)[1][2][3]
ৱাজিৰাবাদ, পঞ্জাব, পাকিস্তান
মূল ৰাৱালপিণ্ডি, পাকিস্তান
সংগীতৰ প্ৰকাৰ ৰক, প'প, চুফি
পেচা কণ্ঠশিল্পী-গীতিকাৰ, অভিনেতা, গীটাৰ বাদক
বাদ্যযন্ত্ৰ কণ্ঠ সংগীত, গীটাৰ
কাৰ্যকাল ২০০৪-বৰ্তমানলৈকে
সহযোগী  কক ষ্টুডিঅ
জল
ৱেবছাইট aadeez.com

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

আতিফ আচলম পাকিস্তানৰ ৱাজিৰাবাদৰ এটি মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ লাৰকানাৰ 'কিম্বাৰলে হল' স্কুলত কিন্দাৰগাৰ্ডেন শিক্ষা আৰম্ভ কৰিছিল। ১৯৯১ চনত তেওঁ ৰাৱালপিণ্ডীলৈ আহে। তাত তেওঁ চেটেলাইট টাউনৰ চেইণ্ট পলচ্ কেমব্ৰিজ স্কুলত ভৰ্তি হয়। ১৯৯৫ চনত তেওঁ লাহোৰলৈ আহে আৰু তাত ডিভিশ্বনেল পাব্লিক স্কুলত অধ্যয়ন কৰে। তাৰ পিছত লাহোৰ কলেজ পঞ্জাবৰ পৰা তেওঁ স্নাতক ডিগ্ৰী লয়।[6][7][8][9]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Atif Aslam may unveil new song on his birthday. The Indian Express (23 February 2015). Retrieved on 2017-07-28.
  2. Happy Birthday Shreya Ghoshal, Atif Aslam: Jukebox of their famous songs. The Indian Express (12 March 2016). Retrieved on 2017-07-28.
  3. Atif Aslam recently released a new single 'Younhi' on his birthday – The Express Tribune. Tribune.com.pk (13 March 2017). Retrieved on 2017-07-28.
  4. "Music knows no boundaries: Atif Aslam". hindustantimes.com. February 12, 2010. Archived from the original on 18 October 2010. https://web.archive.org/web/20101018085516/http://www.hindustantimes.com/Music-knows-no-boundaries-Atif-Aslam/Article1-507678.aspx। আহৰণ কৰা হৈছে: 23 september 2011. 
  5. "So you think you can act?". tribune.com.pk. May 17, 2010. http://tribune.com.pk/story/13896/so-you-think-you-can-act/। আহৰণ কৰা হৈছে: 23 september 2011. 
  6. "Atif Aslam Great Pakistani Pop Singer". http://www.bubblews.com/news/220160-atif-aslam-great-pakistani-pop-singer। আহৰণ কৰা হৈছে: 29 April 2013. 
  7. "Atif Aslam Biography". Archived from the original on 27 May 2013. https://web.archive.org/web/20130527101854/http://entertainment.oneindia.in/celebs/atif-aslam/biography.html। আহৰণ কৰা হৈছে: 29 April 2013. 
  8. "Atif Aslam Biography". http://www.tv.com.pk/celebrity/Atif-Aslam/2/biography। আহৰণ কৰা হৈছে: 29 April 2013. 
  9. "Atif Aslam". Archived from the original on 20 October 2013. https://web.archive.org/web/20131020014412/http://www.radio90fm.com/atif-aslam। আহৰণ কৰা হৈছে: 29 April 2013. 

বাহ্যিক সংযোগ সম্পাদনা কৰক