আশীৰ্বাদৰ ৰং অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত এখন সামাজিক উপন্যাস। ১৯৯৮ চনত এই উপন্যাসখনে সাহিত্য অকাডেমিৰ পুৰস্কাৰ লাভ কৰিছিল। উপন্যাসখন প্ৰথম প্ৰকাশ হয় ১৯৯৬ চনত। প্ৰকাশক আছিল জাৰ্ণাল এম্প’ৰিয়াম। 'তাৰপাছত ক্ৰমে ১৯৯৮, ১৯৯৯, ২০০৬ আৰু ২০১০ চনত উপন্যাসখনৰ পুনৰ সংস্কৰণ প্ৰকাশ হৈছিল। অসমৰ এখন পষেকীয়া আলোচনী প্ৰান্তিকত এই উপন্যাসখন ধাৰাবাহিককৈ মুঠ সাতাইছটা খণ্ডত প্ৰকাশ পাইছিল।[1] উপন্যাসখন ধাৰাবাহিক ৰূপে তেৰটা খণ্ডত আকাশবাণী ডিব্ৰুগড় আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত কৰা হৈছিল।[1]

আশীৰ্বাদৰ ৰং  
গ্ৰন্থখনৰ বেটুপাত
লেখক অৰুণ শৰ্মা
দেশ অসম, ভাৰত
ভাষা অসমীয়া
বিষয় উপন্যাস
প্ৰকাশক জাৰ্ণাল এম্প’ৰিয়াম
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পূৰ্বৱৰ্তী ২০০৬
পৰৱৰ্তী ২০১০

লিখকৰ চমু পৰিচয় সম্পাদনা কৰক

 
অৰুণ শৰ্মা

অৰুণ শৰ্মা (জন্ম:১৯৩১ চন) একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল। শ্ৰী নিবাৰণ ভট্টাচাৰ্য নাটকৰ বাবে তেওঁ খ্যাত। অৰুণ শৰ্মাদেৱ আশীৰ্বাদৰ ৰং শীৰ্ষক উপন্যাস খনৰ বাবে ১৯৯৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।[2] গুৱাহাটীকটন মহাবিদ্যালয়ত তেওঁ কলেজীয়া শিক্ষা সম্পূৰ্ণ কৰে। তেওঁ দ্যা আছাম ট্ৰিবিউন কাকতত উপ-সম্পাদক, আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰত জ্যেষ্ঠ অনুষ্ঠান প্ৰযোজক, আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সঞ্চালক আৰু শেষত আকাশবাণীৰ উত্তৰ পূৰ্বাঞ্চল সেৱাৰ সঞ্চালক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। চৰকাৰী চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত জি এল পাব্লিকেশ্যনৰ সাপ্তাহিক পত্ৰিকা পূৰ্বাচলৰ সম্পাদক আৰু চাৰেছবছৰ কাল ভাৰতীয় চাহ সন্থাৰ প্ৰচাৰ কেন্দ্ৰৰ (টী চেণ্টাৰৰ) সঞ্চালক আছিল। তেওঁ ৰচনা সমূহৰ ভিতৰত উল্লেখযোগ্য পঞ্চলিছখন অনাঁতাৰ নাটক, পঞ্চাশখনৰো ওপৰ অনাঁতাৰ তথ্য-আলেখ্য, ভালেকেইখন টিভি ধাৰাবাহিকৰ কাহিনী, সোতৰখন মঞ্চনাটক, ছখন উপন্যাস, এঘাৰখন উপন্যাস আৰু নাটকৰ অসমীয়া অনুবাদ, দুখন বৃহৎ সংকলন গ্ৰন্থৰ সম্পাদনা আৰু বিভিন্ন পত্ৰিকা আলোচনী আদিত প্ৰকাশিত এশৰো ওপৰ প্ৰবন্ধ। তেওঁ অসম নাট্য সন্মিলনৰ পাঁচ বছৰকাল সভাপতি আছিল। ২০১০ চনত শ্ৰীশৰ্মাই ভাৰত চৰকাৰপদ্মশ্ৰী সন্মান লাভ কৰে।

গ্ৰন্থ পৰ্যালোচনা সম্পাদনা কৰক

আশীৰ্বাদৰ ৰং এখন সফল উপন্যাস। লিখক অৰুণ শৰ্মাৰ নিজৰ ভাষাত ১৯৩৫ চনৰ পৰা ১৯৪৮ চনলৈকে এছোৱা দীঘল সময়ৰ মানুহৰ জীবন্ত দলিল এয়া। যদিওবা গ্ৰাম্য জীৱনকে আধাৰ কৰি লিখকে উপন্যাসখনত পৰিবেশ সৃষ্টি কৰিছে কিন্তু মানৱীয় অনুভূতিবোৰৰ সূক্ষ্ম পৰ্য্যবেক্ষণে উপন্যাসখনক এক অন্য মাত্ৰা দাঙি ধৰিছে। মূল চৰিত্ৰ গজেনৰ স্কুলীয়া শিক্ষা বেছি নাই যদিও নীতি, বিবেক, মানৱীয় স্নেহ-প্ৰেমৰ দাবীত অকাতৰে নিজৰ ধৰ্ম আৰু সমাজ পৰিত্যাগ কৰি এক অভাৱনীয় মহত্ত্বৰ পৰিচয় দিছে। এক ব্যতিক্ৰমী চৰিত্ৰ গজেন। পিতৃ-মাতৃহীন গজেন ডাঙৰ হৈছিল আইতাকৰ তত্ত্বাৱধানত। বাহ্যিক দৃষ্টিত মদ আৰু জুৱাৰ নিচা এৰিব নোৱাৰা গজেনৰ কোনো সামাজিক মান মৰ্য্যদা নাছিল। সাধাৰণ খাটি খোৱা শ্ৰেণীৰ এজন সাধাৰণ ডেকা গজেন কিন্তু অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিৰ্ভয়ে আৰু নিঃসংকোচে যুঁজাৰ প্ৰবৃতি আৰু ক্ষমতা আছিল।

ভাৰতীয় সমাজত মুক্ত মনুষ্যত্বৰ ওপৰত আটাইতকৈ ডাঙৰ হেঁচা আহে জাত-পাতৰ অলংঘনীয় গণ্ডীৰ পৰা। এনে কেতবোৰ আচাৰ আৰু বিশ্বাসে ভাৰতীয় মানুহৰ মন আচ্ছন্ন কৰি ৰাখে যে তেওঁলোকৰ অনুভূতিত আন সম্প্ৰদায়ৰ মানুহ যেন মানুহতকৈ বেলেগ প্ৰজাতিৰ জীৱ হৈ পৰে। এনে ক্ষেত্ৰত বংগভাষী মুছলমানৰ প্ৰতি ৰক্ষণশীল অসমীয়া মানুহৰ প্ৰতিক্ৰিয়া কি হ’ব সেয়া সহজেই অনুমেয়। উপন্যাসখনত সাম্প্ৰদায়িকতা আৰু তাৰ লগত সংঘাত, মানুহৰ স্বাৰ্থপৰতা আৰু ক্ৰুৰতা সাৱলীল ভাষাত বৰ্ণনা কৰিছে। আনহাতে ৰক্ষণশীলতাক প্ৰত্যাহ্বান জনাই গজেন, মদন, জবাই এখন নতুন সমাজ গঢ়িবলৈ ওলায় আহিছে। ঘটনাৰ পাকচক্ৰত পৰি হাচিনা আৰু গজেনৰ আইতাকেও জীৱনৰ পৰিবৰ্তনশীলতাক স্বীকাৰ কৰি লৈছে। ধ্বংসৰ বুকুতেই সৃষ্টিৰ বীজ লুকাই থাকে। সমাজৰ বিৰুদ্ধে গজেনৰ প্ৰত্যাহ্বান এচাম স্বাৰ্থলোভী মানুহে সহ্য কৰিব নোৱাৰি কুটাঘাটেৰে গজেনক হত্যা কৰে যদিও গজেনৰ সন্তান ৰহিম জী উঠিল এটা নতুন যুগৰ প্ৰতিনিধি হৈ। অৰুণ শৰ্মাৰ উপন্যাসখনে এক সুপ্ৰচীন সংস্কাৰ জয় কৰি সামাজিক উত্তৰণ আৰু প্ৰগতিৰ ফালে গতি কৰিছে। বোধ আৰু কল্পনা দুয়োটা দিশ সামৰি এক যুগান্তকাৰী ভূমিকা লৈছে। মানুহৰ মৌলিক মানৱীয় মৰ্য্যদাক স্বীকৃতি দি স্পষ্ট ভাষাৰে প্ৰতিবাদ কৰি কৌতিকলীয়া সংস্কাৰৰ জড়তা ভাঙি এক নতুন সোঁত বোৱাই দিছে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 অৰুণ শৰ্মা (১৯৯৬). আশীৰ্বাদৰ ৰং. জাৰ্ণাল এম্প'ৰিয়াম. পৃষ্ঠা. পাতনি. 
  2. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.