আৰিয়ানা ছয়ীদ (দাৰি/পাস্তু: آريانا سعيد, ইংৰাজী: Aryana Sayeed) এগৰাকী আফগান কণ্ঠশিল্পী, গীতিকাৰ আৰু টিভি ব্যক্তিত্ব। তেওঁ মুখ্যতঃ দাৰি ভাষাত গীত গায় যদিও তেওঁৰ যথেষ্ঠ সংখ্যক পাস্তু গীতো আছে। তেওঁ আফগানিস্তানৰ অতি প্ৰখ্যাত সংগীত শিল্পীসকলৰ অন্যতম।[2][3] তেওঁ নিয়মীয়াকৈ আফগানিস্তান আৰু অন্য দেশৰ সংগীতানুষ্ঠানত তথা জনহিতৈষী মহোৎসৱত গীত পৰিবেশন কৰে। তেওঁ আফগানিস্তানৰ টিভি চেনেল- ৱান টিভি আৰু টোলোত সংগীতভিত্তিক অনুষ্ঠানৰ হোষ্টৰ দায়িত্বও পালন কৰিছে।

আৰিয়ানা ছয়ীদ

শুভ কামত সামাজিক মাধ্যমক আৰিয়ানাই কেনেকৈ ব্যৱহাৰ সেই সম্পৰ্কে বক্তৃতা প্ৰদান কৰিছে
প্ৰাথমিক তথ্য
জন্ম ১৯৮৫ (বয়স ৩৮–৩৯)[1]
কাবুল, আফগানিস্তান
মূল আফগানিস্তান
সংগীতৰ প্ৰকাৰ পপ, হিপহপ, আফগানী লোক-সংগীত
পেচা কণ্ঠশিল্পী
কাৰ্যকাল ২০০৭-ৰ পৰা বৰ্তমানলৈ
ৰেকৰ্ড লেবেল শেৰজাদ এণ্টাৰটেইনমেণ্ট
ৱেবছাইট facebook.com/aryanamusic

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

 
ছয়ীদে গীত পৰিবেশন কৰিছে, ২০১৯

১৯৮৫ চনত আফগানিস্তানৰ কাবুলত জন্মগ্ৰহণ কৰা ছয়ীদৰ মাক আছিল দাৰিভাষী আৰু দেউতাক আছিল পাস্তুভাষী লোক।[4] চুইজাৰলেণ্ডত বসতি স্থাপন কৰাৰ পূৰ্বে তেওঁৰ মাক-দেউতাকে ছয়ীদৰ ৮ বছৰ বয়সত দেশ ত্যাগ কৰি পাকিস্তানপেছোৱাৰত থাকিবলৈ লৈছিল।[1] ১২ বছৰ বয়সত ছয়ীদে এখন সংগীত বিদ্যালয়ত ভৰ্তি হয় আৰু তাত তেওঁ এদল সংগীত শিল্পীৰ সৈতে বিভিন্ন ঠাইত সংগীত পৰিবেশন কৰিছিল। তেওঁ এক সাক্ষাৎকাৰত কৈছিল, “যদিও এয়া দীঘলীয়া নাছিল, ক্ৰমশঃ ডাঙৰ হৈ অহাৰ লগেলগে মই কি হ’ব বিচাৰো, সেইটো বুজাত ই সহায় কৰিছিল।” [5]

সাংগীতিক জীৱন সম্পাদনা কৰক

ছয়ীদে ২০০৮ চনত প্ৰথম একক কণ্ঠত মাচাল্লাহ শীৰ্ষক গীতটো গায়, যদিও ২০১১ চনৰ আফগান পাচাৰক গীতটো তেওঁৰ সংগীত জীৱনৰ টাৰ্ণিং পইণ্ট সাব্যস্ত হৈছিল।[6] আৰিয়ানা ছৈয়ীদ আফগানিস্তানৰ বাহিৰৰ আফগান পৰিয়ালবোৰৰ এক ঘৰুৱা নামত পৰিণত হৈছিল আৰু বিশ্বৰ বিভিন্ন ঠাইৰ পৰা তেওঁলৈ সংগীত পৰিবেশনৰ আমন্ত্ৰণ আহিছিল। [7] সফলতাৰ চূড়াত থকা অৱস্থাতে ছৈয়ীদে আফগানিস্তানলৈ ঘূৰি অহাৰ আৰু স্বদেশত সংগীতানুষ্ঠান পৰিবেশন কৰাৰ সিদ্ধান্ত লয়। তাত তেওঁ পুৰণি ধ্ৰুপদী আফগানী গীত গুলে সেব-এৰে যশস্যা লাভ কৰে। আফগানিস্তানৰ আৰম্ভণিৰ দিনবোৰতে তেওঁ তেওঁৰ পৰৱৰ্তী গীত দিলম টাং অস্তৰ চিত্ৰায়ণ কৰে। গীতটোৰ সফলতাই তেওঁক আফগানিস্তানৰ এটা শীৰ্ষস্থানীয় বিনোদনমূলক চেনেলত হোষ্ট ৰূপে নতুন এক কৰ্মজীৱনৰ সুবিধা প্ৰদান কৰে।[8] ২০১৭ চনত তেওঁ আফগান আইকন বঁটা লাভ কৰে আৰু তেওঁক ২০১৭ৰ আফগানিস্তানৰ শ্ৰেষ্ঠ মহিলা শিল্পী অভিধাৰে ভূষিত কৰা হয়। [9] তেওঁ আফগানিস্তান ৰাষ্ট্ৰীয় দূৰদৰ্শন আৰু অনাতাঁৰ নেটৱৰ্কৰ পৰা ভয়েচ অফ আফগানিস্তান বঁটা পোৱাৰ উপৰিও বছৰটোৰ শ্ৰেষ্ট গীত, বছৰটোৰ শ্ৰেষ্ঠ ভিডিঅ’ আৰু সাহসিকতাৰ বঁটাও পাইছে।[9]

সামাজিক কৰ্ম সম্পাদনা কৰক

ছৈয়ীদ লালেহ ওচমানীয়ে নেতৃত্ব দিয়া হুৱেৰ ইজ মাই নেম কেম্পেইনৰ সমৰ্থক, যি কেম্পেইনে মহিলাৰ নামো যাতে পৰিচয় পত্ৰত লিপিবদ্ধ হয়, তাৰবাবে আফগান আইনত পৰিবৰ্তন আনিবলৈ সক্ষম হৈছিল।[10] তেওঁ আফগানিস্তান আৰু ভাৰতৰ বন্ধুত্বক সঁচা বন্ধু বুলি আখ্যা দিছিল।[11][12]

ব্যক্তিগত জীৱন সম্পাদনা কৰক

২০১৮ চনত ছৈয়ীদে তেওঁৰ প্ৰবন্ধক হাবিব ছৈয়দক বাকদান কৰে।[13] ২০২১ চনত কাবুল তালিবানৰ হস্তগত হোৱাত তেওঁ প্ৰথমে কাটাৰদোহালৈ আৰু তাৰপৰা তুৰস্কইস্তানবুল চহৰলৈ আঁতৰি যায়।[14]

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 "Aryana Awarded Atlantic Council 2018 Freedom Award". TOLOnews. 24 June 2018. https://www.tolonews.com/arts-culture/aryana-awarded-atlantic-council-2018-freedom-award। আহৰণ কৰা হৈছে: 17 January 2019. 
  2. "Defying threats, Afghan singer Aryana comes home for women". Reuters. March 16, 2019. https://www.reuters.com/article/us-afghanistan-singer/defying-threats-afghan-singer-aryana-comes-home-for-women-idUSKCN1QX01M। আহৰণ কৰা হৈছে: 26 July 2019. 
  3. "Aryana Sayeed". altmedia.net.au. July 12, 2018. Archived from the original on 26 July 2019. https://web.archive.org/web/20190726113430/http://www.altmedia.net.au/aryana-sayeed/132175। আহৰণ কৰা হৈছে: 26 July 2019. 
  4. "Biography of Aryana Sayeed (آريانا سعيد)". 8 April 2018. https://www.afghan-web.com/biographies/biography-of-aryana-sayeed/. 
  5. "Aryana Sayeed: The Glamorous Diva of Live Performance". thevoiceafghanistan.com/. Voice of Afghanistan. Archived from the original on 3 September 2013. https://web.archive.org/web/20130903033831/http://thevoiceafghanistan.com/aryana-sayeed-0। আহৰণ কৰা হৈছে: 15 May 2013. 
  6. ভিডিঅ' ইউটিউবত
  7. "Archived copy". Archived from the original on 1 February 2014. https://web.archive.org/web/20140201161333/http://www.silkroadrepublic.com/aryana-sayeed-wearing-who-she-is/। আহৰণ কৰা হৈছে: 21 January 2014. 
  8. "Aryana Sayeed". 15 May 2013. Archived from the original on 3 September 2013. https://web.archive.org/web/20130903033831/http://thevoiceafghanistan.com/aryana-sayeed-0। আহৰণ কৰা হৈছে: 25 June 2016. 
  9. 9.0 9.1 "Sherzaad Entertainment – Afghanistan's Leading Entertainment Entity". https://sherzaad.com/। আহৰণ কৰা হৈছে: 11 March 2019. 
  10. "WhereIsMyName: Afghan women campaign for the right to reveal their names" (en-GB ভাষাত). BBC News. 2020-07-24. https://www.bbc.com/news/world-asia-53436335. 
  11. Goswami, Sohini (August 24, 2021). "Afghan pop star Aryana Sayeed says India 'true friend', slams Pakistan". Hindustan Times. https://www.hindustantimes.com/world-news/afghan-pop-star-aryana-sayeed-says-india-true-friend-slams-pakistan-101629791967387.html. 
  12. "Afghan pop star Aryana Sayeed blames Pak for empowering Taliban, terms India 'true friend'". The Times of India. August 24, 2021. https://timesofindia.indiatimes.com/india/afghan-pop-star-aryana-sayeed-blames-pak-for-empowering-taliban-terms-india-true-friend/articleshow/85587087.cms. 
  13. "Biography of Aryana Sayeed". afghan-web.com. 8 April 2018. https://www.afghan-web.com/biographies/biography-of-aryana-sayeed/। আহৰণ কৰা হৈছে: 26 July 2019. 
  14. "Afghan pop star Aryana flees from country amid fear of life under Taliban rule". wionews.com. 19 August 2021. https://www.wionews.com/entertainment/afghan-pop-star-aryana-flees-from-country-amid-fear-of-life-under-taliban-rule-406914.