গ্ৰীক আখ্যান অনুসৰি ইথাৰ বা এইথাৰ হৈছে আদি দেৱতাসকলৰ এজন। তেওঁক আকাশৰ উপৰিভাগৰ মূৰ্তমান স্বৰূপ বুলি গণ্য কৰা হয়। [1] ইথাৰ নশ্বৰ প্ৰাণীয়ে গ্ৰহণ কৰা সাধাৰণ বায়ুৰ বিপৰীতে দেৱতাসকলে শ্বাস-প্ৰশ্বাসৰ বাবে গ্ৰহণ কৰা বিশুদ্ধ বায়ু। টাৰ্টাৰাছ আৰু ইৰেবাছৰ দৰে প্ৰাচীন গ্ৰীচত ইথাৰৰ তীৰ্থস্থান থাকিব পাৰে যদিও তেওঁৰ কোনো মন্দিৰ কোনো ধৰ্মীয় পন্থা থকাৰ সম্ভাৱনা নাই।

ইথাৰ
এইথাৰ
উৰ্দ্ধতম আকাশৰ অধিষ্ঠাতা আদি দেৱতা

সিংহৰ শিৰযুক্ত এক দানৱৰে সৈতে যুঁ‌জ দিয়াৰ অৱস্থাত ইথাৰ
সঙ্গী হেমেৰা
পিতৃ-মাতৃ ইৰেবাছ আৰু নাইক্স (হেচিঅ'ড) বা
ক্ৰ'নচ আৰু এনানকেবা
মহাশূন্য
সহোদৰ হেমেৰা, হিপ্নোছ, থানাট'ছ, ইৰিছ, নেমেচিছ আদি
সন্তান গেইয়া, থালাছা, ইউৰেবাচ, এৰ্জিয়া, প'ণ্টাচ, টাৰ্টাৰাছ

আখ্যান সম্পাদনা কৰক

হেচিঅ'ডৰ থিঅ'গনিত, ইথাৰক ইৰেবাছ (অন্ধকাৰ) আৰু নাইক্সৰ (নিশা) পুত্ৰ তথা হেমেৰাৰ (দিন) ভ্ৰাতৃ বুলি বৰ্ণোৱা হৈছে।[2]

হাইজিনাছৰ মতে ইথাৰ কেঅ'ছ বা মহাশূন্য আৰু কেলিগোৰ (অন্ধকাৰ) পুত্ৰ। [3] ইথাৰ আৰু দিনৰ (হেমেৰা) সন্তানসকল আছিল পৃথিৱী, স্বৰ্গ আৰু সাগৰ। আনহাতে ইথাৰ আৰু পৃথিৱীৰ সন্তানসকল আছিল "দুখ, প্ৰৱঞ্চনা, ক্ৰোধ, বিলাপ, মিথ্যা, শপত, প্ৰতিশোধ, অসহিষ্ণুতা, বিবাদ, পাহৰণি, ভয়, গৌৰৱ, যুঁজ, মহাসাগৰ, থেমিছ, টাৰ্টাৰাছ, প'ণ্টাচ, টাইটান, ব্ৰিয়াৰিয়াছ, গেজিছ, ষ্টেৰোপচ, এটলাচ, হাইপেৰিয়ন, আৰু প'লাছ, ছেটাৰ্ণ, অপচ, মনেটা, ডায়নি; আৰু তিনিগৰাকী ফিউৰি - অৰ্থাৎ এলেক্টো, মেগাৰা আৰু টিচিফোন।" [3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. Grimal p. 22; The Oxford Classical Dictionary, "Aither", p. 33.
  2. Hesiod. Theogony, 124–125; Gantz, p. 4.
  3. 3.0 3.1 Hyginus. Fabulae, Preface.