এৰা বাটৰ সুৰ

অসমীয়া চলচ্চিত্ৰ

এৰা বাটৰ সুৰ (ইংৰাজী: Era Bator Sur) ভূপেন হাজৰিকা পৰিচালিত আৰু বি পি ফিল্মছ প্ৰযোজিত এখন ক'লা-বগা অসমীয়া বোলছবি। ৩০ নবেম্বৰ, ১৯৫৬ত ছবিখনে মুক্তি পাইছিল। এইখন ড॰ ভূপেন হাজৰিকা পৰিচালিত প্ৰথম ছবি। ছবিৰ কাহিনী, সঙ্গীত আৰু গীত ৰচনাও হাজৰিকাৰে আছিল।[1][2]

এৰা বাটৰ সুৰ
Era Bator Sur

'এৰা বাটৰ সুৰ' ছবিৰ পোষ্টাৰ
পৰিচালক ভূপেন হাজৰিকা
চিত্ৰনাট্য প্ৰিয়ম হাজৰিকা, ভূপেন হাজৰিকা
কাহিনী ভূপেন হাজৰিকা
প্ৰযোজক বি পি ফিল্মছ
অভিনয়ত বিজয় শঙ্কৰ
ইভা আচাও
চিত্ৰগ্ৰহণকাৰী অনিল গুপ্ত
সম্পাদনা তৰুণ দত্ত
সংগীত পৰিচালক ভূপেন হাজৰিকা
মুক্তি
৩০ নবেম্বৰ, ১৯৫৬
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনী সম্পাদনা কৰক

জয়ন্ত দুৱৰা গীতিকাৰ, সাংবাদিক। মাটিৰ সুৰ বিচাৰি, লিখাৰ সমল বিচাৰি জয়ন্ত ৰতনপুৰ বাগিছা পালেহি। তেওঁৰ বাবে টকা ঘটাৰ বাট অলেখ; কিন্তু স্বেচ্ছাই তেওঁ দৰিদ্ৰতাক আঁকোৱালি লৈছে। ৰতনপুৰ বাগিছাৰ মালিক বিশ্ব ফুকনে বিচাৰে জয়ন্তই তেওঁৰ জীয়ৰী নিশাক বিয়া কৰাওক। কিন্তু তেওঁ যি বাটেৰে বাট বুলিছে সেয়া কাঁইটীয়া বাট। সেয়েহে নিশাৰ অমঙ্গল হ'ব বুলিয়ে তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখান কৰে। নিশাক লৈ বিশ্ব ফুকনে বাগিছা এৰি কলিকতালৈ গুছি আহে।

জয়ন্তৰ গানবোৰ বাগিছাৰ বনুৱা গাভৰু মিন্নিৰ কণ্ঠত প্ৰাণ পাই উঠে। এনেতে বাগানৰ বনুৱা বস্তিত হাইজা লাগে। বহুতো বনুৱাৰ মৃত্যু হ'ল। বাগিছাৰ মেনেজাৰ ৰুপেন বৰুৱাই বনুৱাসকলৰ চিকিৎসাত অৱহেলা কৰা বুলি জয়ন্ত আৰু বনুৱা হাৰানে অভিযোগ কৰে। মেনেজাৰে কোনো জাননী নিদিয়াকৈ হাৰানক চাকৰিৰ পৰা চাটাই কৰে। জয়ন্তৰ তাঁৰ পাই বিশ্ব ফুকন কলিকতাৰ পৰা আহি মেনেজাৰৰ কাৰ্য-কলাপৰ উমান পায়।

জয়ন্তক অন্য বহুতৰ লগতে বনুৱা যুৱক ঝুমনুৱেও ভুল বুজিলে। সি ভাবিলে এই বাবুৱে সুৰ বিচাৰি আহি তাৰ মৰমৰ মিন্নিজনীকে কাঢ়ি নিব ওলাইছে।[1]

অভিনয় শিল্পী সম্পাদনা কৰক

সঙ্গীত সম্পাদনা কৰক

এৰা বাটৰ সুৰৰ সঙ্গীত পৰিচালনা আৰু গীত ৰচনা কৰিছিল ভূপেন হাজৰিকাই। উল্লেখনীয় যে ইয়াত বাংলা আৰু হিন্দী চলচ্চিত্ৰৰ লতা মংগেশকাৰ, হেমন্ত মুখাৰ্জী আৰু সন্ধ্যা মুখাৰ্জীয়ে কণ্ঠ দিছিল। ই এখন থলুৱা গীত-মাতেৰে পৰিপূৰ্ণ সঙ্গীতপ্ৰধান ছবি আছিল। বৰগীতৰ প্ৰখ্যাত শিল্পী বৰপেটা সত্ৰৰ কেৱলীয়া ভকত নৰহৰি বুঢ়াভকতৰ বৰগীত পৰিবেশনে ছবিখনৰ জেউতি চৰাইছিল।[2][1][3]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "জোনাকৰে ৰাতি অসমীৰে মাটি, জিলিকি জিলিকি পৰে"  ভূপেন হাজৰিকালতা মংগেশকাৰ  
2. "সাগৰ সঙ্গমত কতনা সাতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত"  ভূপেন হাজৰিকাভূপেন হাজৰিকা  
3. "জনকপুৰৰ জানকীয়ে মিচিকমাচাক হাঁহে, ৰতনপুৰৰ বুধু আজি তাইৰ পিনে আহে"  ভূপেন হাজৰিকাভূপেন হাজৰিকা, সন্ধ্যা মুখাৰ্জী  
4. "অ' জীৱন ডিঙা বাই থাকা বান্ধ হে, গুমগুম মেঘে গৰজিলে হুম্ হুম্ হুম্ ধুমুহা আহিলে"  ভূপেন হাজৰিকাহেমন্ত মুখাৰ্জী, ভূপেন হাজৰিকা  
5. "ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক, এলাই দেখোন আহিলে ৰহদৈৰে জাক"  ভূপেন হাজৰিকাহেমন্ত মুখাৰ্জী, ভূপেন হাজৰিকা, লতা মংগেশকাৰ  

তথ্য উৎস সম্পাদনা কৰক

  1. 1.0 1.1 1.2 1.3 অৰুণলোচন দাস (২০১৩). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত (পৃঃ ৬৭). শশী শিশু প্ৰকাশন, গুৱাহাটী. 
  2. 2.0 2.1 2.2 মঞ্চলেখা, পৃষ্ঠা ৩১৩, অতুলচন্দ্ৰ হাজৰিকা, লয়াৰ্চ বুক ষ্টল, গুৱাহাটী, ১৯৬৭. 
  3. বাবুল দাস (১৯৮৫). অসমীয়া বোলছবিৰ গীতৰ সংকলন (পৃঃ ৪৪). বাণী মন্দিৰ, ডিব্ৰুগড়.