কলমৌ (বৈজ্ঞানিক নাম: Ipomoea aquatica) পুখুৰী, বিল আৰু দ পথাৰৰ পানীত জন্মা উদ্ভিদ। কলমৌৰ পাতৰ বৰণ সেউজীয়া আৰু গা গছৰ বৰণ গাঢ় বেঙুনীয়া। কলমৌ কাটিলে বা ছিঙিলে বগা আঠা ওলায়। উদ্ভিদজোপাই পাতল বেঙুনীয়া ফুল ধাৰণ কৰে।

কলমৌ
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Solanales
পৰিয়াল: Convolvulaceae
গণ: Ipomoea
প্ৰজাতি: I. aquatica
বৈজ্ঞানিক নাম
Ipomoea aquatica
Forssk.

ব্যৱহাৰ সম্পাদনা কৰক

কলমৌৰ কুমলীয়া আগ শাক হিচাপে খোৱাৰ উপযোগী। কলমৌ শাক নিয়মীয়াকৈ খালে ধাতু ৰোগ (Sexual Debility) ভাল হয় বুলি কোৱা হয়। তদুপৰি জণ্ডিছ ৰোগৰ ঔষধ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়। ই ছাল আৰু হৃদযন্ত্ৰৰ কাৰণেও উপকাৰী।

গুণাগুণ সম্পাদনা কৰক

কলমৌত শতকৰা হিচাপত ২.৯ ভাগ প্ৰ'টিন, ০.৪ ভাগ চৰ্বি, ৪.৩ ভাগ শৰ্কৰা আৰু ২.১ ভাগ লৱণ থাকে।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  • প্ৰান্তিক ১৬-৩১ মে, ২০১২, পৃষ্ঠা ২৬, "ভেষজ গুণসম্পন্ন কেইবিধমান জলজ উদ্ভিদ", লিখক সুনীল গগৈ।