কামদা একাদশী হৈছে হিন্দু সকলৰ এক উৎসৱ। চান্দ্ৰ মাহ চৈত্ৰা (মাৰ্চ-এপ্ৰিল) একাদশীত এই উৎসৱ পালন কৰা হয়। নৱবৰ্ষ আৰম্ভৰ পিছত এইটো প্ৰথমটো একাদশী। কামদা নামে সকলো আকাংক্ষা পূৰণ কৰাটো বুজায়।[1]

কামদা একাদশী
কামদা একাদশী
কৃষ্ণ, কামদা একাদশীত কৃষ্ণৰ আৰাধনা কৰা হয়।
পালন কৰে হিন্দু
প্ৰকাৰ হিন্দু
মহত্ব উপবাসৰ দিন
আচাৰ প্ৰাৰ্থনা আৰু ধৰ্মীয় ৰীতি-নীতিৰে বিষ্ণুৰ অৱতাৰ কৃষ্ণৰ পূজা কৰা হয়।

আনুষ্ঠানিকতা সম্পাদনা কৰক

কামদা একাদশীৰ পুৱা স্নান কৰাৰ পিছত ভক্তসকলে উপবাস ৰাখে। কাষৰ মন্দিৰত কৃষ্ণৰ ৰূপত বিষ্ণুকো অৰ্চনা আগবঢ়োৱা হয়।[1][2]

এই উপবাসৰ ফলস্বৰূপে সকলো মনোকামনাৰ পূৰ্তি হয় বিশ্বাস কৰা হয়। ইয়াৰ ফলত আনকি ব্ৰহ্মহত্যাৰ দৰে পাপো মোচন হোৱাৰ লগতে ভক্তজনৰ লগতে সমগ্ৰ পৰিয়ালটোৱেই অভিশাপৰপৰা মুক্তি পায় বুলি কোৱা হয়।[1][3]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Melton 2011.
  2. Dwivedi 2006.
  3. "Kamada Ekadasii". ISKCON. http://www.hknet.org.nz/ekadasi-10.htm। আহৰণ কৰা হৈছে: 24 November 2012.