গুৱাহাটী গৌৰৱযাত্ৰা

গুৱাহাটীত অনুষ্ঠিত বাৰ্ষিক এলজিবিটিকিউ+ গৌৰৱ যাত্ৰা
(কুইয়াৰ প্ৰাইড গুৱাহাটীৰ পৰা পুনঃনিৰ্দেশিত)

কুইয়াৰ প্ৰাইড গুৱাহাটী বা গুৱাহাটী গৌৰৱযাত্ৰা (ইংৰাজী: Queer Pride Guwahati) অসমগুৱাহাটীত অনুষ্ঠিত বাৰ্ষিক গৌৰৱ যাত্ৰা। ২০১৪ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত স্থানীয় এলজিবিটি সম্প্ৰদায়ৰ সদস্য আৰু এলজিবিটি অধিকাৰ সমৰ্থকসকলে প্ৰথমবাৰৰ বাবে এই প্ৰাইডৰ আয়োজন কৰিছিল।[1] এই প্ৰাইড সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম এলজিবিটি গৌৰৱ যাত্ৰা আছিল।[2] প্ৰতিবছৰে ফেব্ৰুৱাৰী মাহত এই গৌৰৱ যাত্ৰা অনুষ্ঠিত হয় যদিও ২০২১ চনত মাৰ্চ মাহত অনুষ্ঠিত কৰা হ'য়।

কুইয়াৰ প্ৰাইড গুৱাহাটী

২০২০ চনৰ কুইয়াৰ প্ৰাইড গুৱাহাটী
অন্তৰ বাৰ্ষিক
ঠাই দীঘলীপুখুৰী, গুৱাহাটী
প্ৰথমবাৰ পালন ৯ ফেব্ৰুৱাৰী ২০১৪
প্ৰকাৰ গৌৰৱ যাত্ৰা

ইতিহাস সম্পাদনা কৰক

ঔপনিবেশিক যুগৰ পৰা প্ৰচলিত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ পুনৰুৎস্থাপন কৰা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ২০১৩ চনৰ ১১ ডিচেম্বৰৰ ৰায়দানৰ পিছত সমগ্ৰ বিশ্বত প্ৰতিবাদৰ আয়োজন কৰা হৈছিল। ২০১৩ চনৰ ১৫ ডিচেম্বৰত বিশ্বৰ কেইবাখমান চহৰত একেলগে এক বিশ্বব্যাপী ক্ৰোধ দিৱসৰ আয়োজন কৰা হৈছিল।[3][4] গুৱাহাটীৰ কিছুমান লোকেও চহৰখনত বিশ্বব্যাপী ক্ৰোধ দিৱস পালন কৰিবলৈ বাকী বিশ্বৰ সৈতে যোগদান কৰিছিল। ইয়াৰ ফলত গুৱাহাটীত এলজিবিটি সমস্যাৰ বাবে প্ৰথম ৰাজহুৱা প্ৰতিবাদ কৰা হয়।[5] প্ৰতিবাদৰ পিছতে স্বেচ্ছাসেৱকৰ এটা দল একেলগে আহিছিল আৰু গুৱাহাটীত এলজিবিটি প্ৰাইড পেৰেড আয়োজন কৰাৰ সিদ্ধান্ত লৈছিল।

প্ৰথম সংস্কৰণ, ২০১৪ সম্পাদনা কৰক

২০১৪ চনৰ ৯ ফেব্ৰুৱাৰীত কুইয়াৰ প্ৰাইড গুৱাহাটীৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল। ই দীঘলীপুখুৰীৰ পৰা ১০ বজাত আৰম্ভ হৈছিল আৰু আৰবিআই পইণ্ট, ওৱাৰ্ড এছ.পি. অফিচ, আয়ুক্ত পইণ্ট, লতাশিল, লেম্ব ৰোডৰ মাজেৰে গৈছিল আৰু টি.চি ফাউণ্টেইন পইণ্টত শেষ হৈছিল।[6] গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখেৰে পাৰ হৈ যোৱা গৌৰৱ যাত্ৰাকাৰী সকলে শেহতীয়া উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ বিৰুদ্ধে শ্লোগান দিছিল। প্ৰায় ১৫০জন লোকে গৌৰৱ যাত্ৰাত অংশগ্ৰহণ কৰিছিল। ইয়াত বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ অংশগ্ৰহণকাৰীসকলৰ লগতে আন চহৰ আৰু ৰাজ্যৰ লোকসকলও ইয়াত উপস্থিত আছিল।[7][8]

কুইয়াৰ আজাদী মুম্বাই আৰু দিল্লী কুইয়াৰ প্ৰাইড সমিতিত স্থানীয় ব্যক্তি আৰু ব্যক্তিৰ পৰা দানৰ জৰিয়তে কুইয়াৰ প্ৰাইড গুৱাহাটীৰ ব্যয় বহন কৰা হৈছিল। গুৱাহাটীত অৱস্থিত কেইখনমান বেচৰকাৰী সংগঠনেও ইয়াক সমৰ্থন কৰিছিল।[7][9]

প্ৰাইডৰ আয়োজকসকলেও কিছু প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছিল। সমৰ্থনকাৰী বেচৰকাৰী সংগঠনৰ এটাৰ কাৰ্যালয় কিছুমান সোঁপন্থী ৰক্ষণশীলৰ ধ্বংস কৰা হৈছিল। কিছুমান অংশগ্ৰহণকাৰীয়ে ভাবুকিযুক্ত টেলিফোন লাভ কৰিছিল। প্ৰাইডৰ দিনা সোঁপন্থী ছাত্ৰ দল হিন্দু যুৱ চত্ৰ পৰিষদৰ কেইজনমান সদস্যই প্ৰাইড বন্ধ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোকক আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হৈছিল।[2][9]

প্ৰাইডৰ পিছতে কিছুমান আয়োজকে একেলগে অঞ্চলটোৰ এলজিবিটি সক্ৰিয়তা আৰু আগলৈ লৈ যোৱাৰ বাবে সুকীয়া নামেৰে এক বেচৰকাৰী সংগঠন গঠন কৰিছিল।[10][11]

দ্বিতীয় সংস্কৰণ, ২০১৫ সম্পাদনা কৰক

প্ৰথম কুইয়াৰ প্ৰাইড গুৱাহাটীৰ পিছত মণিপুৰৰ ইম্ফলতো গৌৰৱ যাত্ৰা অনুষ্ঠিত কৰা হৈছিল। ২০১৫ চনত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ ব্যক্তি, গোট আৰু সংগঠনে এক সামূহিক গৌৰৱ যাত্ৰা সংগঠিত কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেয়েহে এলজিবিটি নৰ্থ ইষ্ট প্ৰাইড ৱাক, ২০১৫ বুলি নামকৰণ কৰা হয়। ২০১৫ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত এয়া অনুষ্ঠিত হৈছিল। দীঘলীপুখুৰী-আৰবিআই পইণ্ট- ফুড ভিলা পইণ্ট- উচ্চ ন্যায়ালয়- লতাশিল পইণ্ট- আমবাৰী- গুৱাহাটী ক্লাব ৰটাৰীৰ পৰা পথৰ মাজেৰে আগবাঢ়ি গৌৰৱ যাত্ৰা পাৰ হৈ গৈছিল।[12]

তৃতীয় সংস্কৰণ, ২০১৬ সম্পাদনা কৰক

তৃতীয় গুৱাহাটী প্ৰাইড ৱাক ২০১৬ চনৰ ৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ দীঘলীপুখুৰীত অনুষ্ঠিত হৈছিল আৰু ইয়াত প্ৰায় ২০০জন লোকে অংশগ্ৰহণ কৰিছিল। উদযাপনৰ অংশ হিচাপে ইয়াত পথৰ ফেশ্বন শ্ব' অনুষ্ঠিত কৰা হৈছিল। ইয়াক সুকীয়াৰ সহযোগত আয়োজন কৰা হৈছিল। প্ৰাইড দীঘলীপুখুৰী পাৰ্কৰ পৰা আৰু চহৰখনৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়, ফুড ভিলা, নেহৰু পাৰ্ক, আৰকেবি হোষ্টেলৰ দৰে অঞ্চলবোৰৰ মাজেৰে পাৰ হৈ আকৌ দীঘলীপুখুৰী উদ্যানত উভতি আহিছিল। এই গৌৰৱ যাত্ৰা এলজিবিটিকিউ সম্প্ৰদায়ৰ লোকসকলৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ বৈষম্যৰ বিৰুদ্ধে আছিল আৰু বিশেষভাৱে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৭ৰ দৰে বৈষম্যমূলক আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছিল।

চতুৰ্থ সংস্কৰণ, ২০১৭ সম্পাদনা কৰক

গুৱাহাটী গৌৰৱ যাত্ৰাৰ চতুৰ্থ সংস্কৰণ ২০১৭ চনৰ ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হৈছিল। প্ৰায় ৩০০জন লোকে এই যাত্ৰাত উপস্থিত আছিল। এই প্ৰাইডত গুৱাহাটী বিশ্ববিদ্যালয়, ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়, টাটা ইনষ্টিটিউট অফ ছচিয়েল চাইন্সেছ আদি বিভিন্ন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সমৰ্থন কৰিছিল আৰু পশ্চিম বংগ, কৰ্ণাটক আৰু তামিলনাডুৰ কৰ্মীসকলেও তেওঁলোকৰ সমৰ্থন দেখুৱাইছিল।[13] অনুষ্ঠানটোত ৰঙীন বেনাৰ, মুখা আৰু বলিউড আৰু অসমীয়া প্ৰেম গীতৰ প্ৰদৰ্শন কৰা হৈছিল। ইয়াত সশস্ত্ৰ বাহিনীৰ বিশেষ অধিকাৰ আইন বা আছফাৰ দৰে আইনৰ বিৰুদ্ধেও প্ৰতিবাদ হৈছিল আৰু ইয়াক বাতিল কৰাৰ দাবী জনোৱা হৈছিল আৰু নালচা বিচাৰ ৰূপায়ণ কৰিবলৈ চৰকাৰক আহ্বান কৰা হৈছিল।

পঞ্চম সংস্কৰণ, ২০১৮ সম্পাদনা কৰক

গুৱাহাটী গৌৰৱ যাত্ৰাৰ পঞ্চম সংস্কৰণ ২০১৮ চনৰ ১১ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। মুখ্য গৌৰৱ অনুষ্ঠানৰ আগতে পুঁজি গঠন, কনচাৰ্ট আৰু ফ্ল্যাশ মবৰ দৰে অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল।[14] ইয়াত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ঠাইৰ লোকৰ অংশগ্ৰহণ কৰিছিল।[15]

ষষ্ঠ সংস্কৰণ, ২০১৯ সম্পাদনা কৰক

গুৱাহাটী গৌৰৱ যাত্ৰাৰ ষষ্ঠ সংস্কৰণ ২০১৯ চনৰ ৩ ফেব্ৰুৱাৰীত গুৱাহাটীৰ দীঘলীপুখুৰীত অনুষ্ঠিত হৈছিল আৰু বহু লোকে অংশগ্ৰহণ কৰিছিল। ২০১৮ চনৰ ৮ ছেপ্টেম্বৰ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পাঁচ গৰাকী পাঁচজন সংবিধানিক বিচাৰপীঠে ভাৰতীয় দণ্ডবিধি আইনৰ দফা ৩৭৭ পাৰ্শ্বীয়ভাবে অসংবিধানীক হিচাপে ৰায়দান কৰিছিল। সেয়ে এলজিবিটি সম্প্ৰদায়ৰ সমৰ্থকসকলে তেওঁলোকৰ সমৰ্থন দেখুৱাবলৈ ৰামধেনু পতাকা আৰু বেলুন দেখুৱাই নৃত্য-গীত কৰিছিল।[16]

সপ্তম সংস্কৰণ, ২০২০ সম্পাদনা কৰক

৯ ফ্ৰেব্ৰুৱাৰী, ২০২০ তাৰিখে গুৱাহাটী গৌৰৱ যাত্ৰাৰ সপ্তম সংস্কৰণটি উদযাপন কৰা হয়। পূৰ্বতকৈ অধিক অংশগ্ৰহণকাৰীৰে এই অনুষ্ঠানটো বিয়লি ২বজাৰ পৰা অনুষ্ঠিত হয়। উত্তৰ পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্তৰ লোকেও ইয়াত অংশগ্ৰহণ কৰিছিল।

অষ্টম সংস্কৰণ, ২০২১ সম্পাদনা কৰক

 
কুইয়াৰ প্ৰাইড গুৱাহাটী-২০২১

ক'ভিড-19ৰ ভয়াবহতাৰ বাবে গুৱাহাটী গৌৰৱ যাত্ৰাৰ অষ্টম সংস্কৰণটো পূৰ্বতকৈ পলম হয়। ২০২১ বৰ্ষৰ ২১মাৰ্চ তাৰিখে ক'ভিড সচেতনতাৰ মাজেৰে এই গৌৱৰ যাত্ৰা অনুষ্ঠিত হৈ যায়। অনুৰাধা চিত্ৰগৃহৰ পৰা ২ বজাত ওলোৱা সমদলটো ৫ বজাত দীঘলীপুখুৰীৰ সমুখত উপস্থিত হয়। এই যাত্ৰাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অংশগ্ৰহণকাৰিয়ে ভাগ লয়। কুইয়াৰ প্ৰাইড গুৱাহাটী কমিটিৰ দ্বাৰা বিভিন্ন দান-বৰঙণিৰে অনুষ্ঠিত এই অনুষ্ঠানৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে অংশগ্ৰহণকৰি সকলে প্ৰথমবাৰলৈ এটা ব্যক্তিগত ক্লাৱত নৃত্য-গীত আদিৰ দ্বাৰা আনন্দ-স্ফূৰ্তি কৰে।

নৱম সংস্কৰণ, ২০২২ সম্পাদনা কৰক

 
নৱম গুৱাহাটী কুইয়াৰ প্ৰাইড, ২০২২

২৪ এপ্ৰিল ২০২২ তাৰিখে গুৱাহাটী গৌৰৱ যাত্ৰাৰ নৱম সংস্কৰণটি অনুষ্ঠিত হৈ যায়।[17] গুৱাহাটীৰ চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ বাকৰিৰ পৰা দিনৰ ২ বজাত সমদলটোৱে দীঘলী পুখুৰী অভিমুখে আগবাঢ়ি যায় আৰু বিয়লি ৫ বজাত অনুষ্ঠানৰ সমাপ্তি ঘটে।[18] এই যাত্ৰাত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ অংশগ্ৰহণকাৰিয়ে ভাগ লয়। কুইয়াৰ প্ৰাইড গুৱাহাটী কমিটিৰ দ্বাৰা বিভিন্ন দান-বৰঙণিৰে অনুষ্ঠিত এই অনুষ্ঠানৰ পৰৱৰ্তী কাৰ্যসূচী হিচাপে অংশগ্ৰহণকৰি সকলে দ্বিতীয়বাৰলৈ সমন্বয় গোটৰ সহযোগত এটা ব্যক্তিগত ক্লাৱত নৃত্য-গীত আদিৰ দ্বাৰা আনন্দ-স্ফূৰ্তি কৰে।

বিগত সময়চোৱাত কুইয়াৰ প্ৰাইড গুৱাহাটীয়ে বিভিন্ন সংবাদ মাধ্যমৰ দ্বাৰা প্ৰচাৰিত অসংবেদনশীল বাতৰিৰ প্ৰতিবাদ স্বৰূপে "প্ৰচাৰ মাধ্যমৰ দ্বাৰা কুয়েৰ লোকসকলৰ জীৱনৰ দায়িত্বজ্ঞানহীন আৰু অস্পৰ্শকাতৰ উপস্থাপনা" (Irresponsible and Insensitive Representation of Queer Lives by Media)" শীৰ্ষক এক নিৰ্ধাৰিত বিষয় বাছনি কৰিছিল। লগতে এই গৌৰৱৰ যাত্ৰাৰ উদ্দেশ্য আছিল LGBTQIA+ সম্প্ৰদায়ৰ জীৱনক ঐক্যবদ্ধ হৈ উদযাপন কৰাৰ সুযোগ দিয়াৰ সমান্তৰালভাৱে ভালপোৱা আৰু সক্ৰিয়তাক সঁহাৰি দিবলৈ তথা ২০১৪ চনৰ নালচা ৰায়দান আৰু ভাৰতীয় দণ্ডবিধি আইনৰ দফা ৩৭৭ক পাৰ্শ্বীয়ভাবে অসংবিধানীক হিচাপে ৰায়দান কৰাৰ পাছতো সমগ্ৰ দেশজুৰি এই সম্প্ৰদায়ে সন্মুখীন হোৱা বৈষম্যৰ বিপক্ষে থিয় হোৱা জনক অনুপ্ৰাণিত কৰা।

গুৱাহাটী কুইয়াৰ প্ৰাইড সমিতিয়ে প্ৰচাৰ কৰা বিবৃতিটো আছিল-

বিগত বছৰবোৰত কিছু সংখ্যক সংবাদ মাধ্যমে সম্প্ৰদায়টোৰ সহযোগী হোৱাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সম্প্ৰদায়টোৰ সমাজৰ লগত ব্যৱধানবোৰ দূৰ কৰাত সহায় কৰাৰ চেষ্টা কৰিছে। কিছু সংবাদ মাধ্যমৰ যোগাত্মক প্ৰচেষ্টাক সন্মান কৰাৰ লগতে, কুয়েৰ প্ৰাইডে এই সম্প্ৰদায়ৰ সংগ্ৰামক স্বীকৃতি আৰু সন্মান প্ৰদানৰো আশা কৰে; যাক সম্প্ৰদায়টোৰ অধিকাৰবিৰোধী অনেক মাধ্যমে দীৰ্ঘ সময়জুৰি ঋণাত্মকভাৱে সম্প্ৰসাৰণ কৰি আহিছে। সংবাদ মাধ্যমৰ কিছুমান সদস্যৰ দ্বাৰা বৈষম্য, ভুল সংৰেখিতকৰণ আৰু সংবাদ মাধ্যমৰ কিছু সদস্যৰ স্বল্পজ্ঞানৰ দ্বাৰা প্ৰভাৱিত হোৱা এই সম্প্ৰদায়ৰ ব্যক্তিসকলৰ প্ৰতি আমাৰ সমৰ্থন প্ৰদৰ্শনৰ উদ্দেশ্যেই 'প্ৰাইড-২০২২' ক সংবাদ মাধ্যমৰ পৰা বিচ্ছিন্ন কৰাৰ বাবে এক সচেতন প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, যাৰ ফলত সমাজৰ ভিতৰত বহুতৰ বাবে গুৰুতৰ প্ৰতিক্ৰিয়া হৈছে। সংবাদ মাধ্যমৰ দ্বাৰা কুয়েৰ জীৱনৰ দায়িত্বহীন আৰু অসংবেদনশীল উপস্থাপনা ই আমাৰ সম্প্ৰদায়ৰ প্ৰতি হোৱা বৈষম্য আৰু হিংসাক আৰু অধিক সক্ষম কৰি তুলিছে। এই আহ্বানটো দায়িত্বশীল বাতৰি প্ৰতিবেদনৰ প্ৰতি সংবাদ মাধ্যমৰ ওপৰত থকা দায়িত্ববোধৰ ওপৰত আলোকপাত কৰাৰ বাবে কৰা হৈছে। আমি সংবাদ মাধ্যমৰ অনুষ্ঠান সমূহক কুয়েৰ বিষয়ৰ ওপৰত নিজকে সংবেদনশীল কৰিবলৈ আৰু কুয়েৰ ব্যক্তিসকলক ভুলকৈ উপস্থাপন কৰাৰ আগতে সঠিক গৱেষণা কৰিবলৈ অনুৰোধ জনাইছো। প্ৰত্যেক বছৰে ৬০০তকৈ অধিক লোকে অংশগ্ৰহণ কৰা গুৱাহাটীৰ এই কুয়েৰ প্ৰাইডত অসমৰ ভিতৰতে আটাইতকৈ বেছি লোকৰ সমাগম হয়। সেইবাবে আমি এই বছৰো এই অনুষ্ঠানতো অনুষ্ঠিত কৰিবৰ বাবে আগবাঢ়িছোঁ য'ত আমি আমাৰ এই সমাজৰ বৈচিত্ৰ্যতা তথা সন্মান ঘূৰাই আনিব পাৰিম। কাৰণ প্ৰত্যেক লোকে নিজৰ ধৰণে জীয়াই থকাৰ প্ৰেম কৰাৰ অধিকাৰ আছে আৰু এইখিনিয়ে আমাৰ সুযোগ যত আমি আমাৰ সমতাৰ বাবে যুজঁ কৰিব পাৰো।

তথ্য উৎস সম্পাদনা কৰক

  1. Rajiv Konwar "First pride parade in Guwahati- LGBT community marches for life of dignity ", The Telegraph (Calcutta), 10 February 2014
  2. 2.0 2.1 "LGBTs parade for pride in Guwahati". The Times of India. 10 February 2014. http://timesofindia.indiatimes.com/.../artic.../30150650.cms. 
  3. Daniel Reynolds, "India's Sodomy Ban Incites 'Day of Rage' Among Activists", The Advocate (LGBT magazine), 13 December 2013
  4. Ishita Bhatia, Soumya Pillai "Protestors mark ‘global day of rage’ against Section 377" Archived 2014-11-02 at the Wayback Machine, The Hindustan Times,15 December 2013
  5. Gaurav Das "First gay rights rally in city", The Times of India, 16 December 2013
  6. Partha Prawal Goswami. "Guwahati hosts NER’s first Queer Pride March", Times of Assam, 10 February 2014
  7. 7.0 7.1 Hemal Ashar. "Of Pride, No Prejudice", Mid Day, 12 February 2014
  8. Bitopi Dutta. " Guwahati queer pride march on Feb 9", Assam Times, 8 February 2014
  9. 9.0 9.1 Avinash Matta. "Guwahati Successfully Hosts 1st Pride March In The North-East", Gaylaxy, 11 February 2014
  10. Gaurav Das "First gay support group comes up in state", The Times of India 13 July 2014
  11. Kumam Davidson "1st LGBT Film and Video Festival of Guwahati to begin on Aug 8", Gaylaxy, 1 August 2014
  12. "Eight North East States come together for first collective Pride", Gaylaxy, 15 February 2015
  13. "Guwahati Comes Out for LGBT Rights » Northeast Today" (en-US ভাষাত). Northeast Today. 2017-02-06. https://www.northeasttoday.in/guwahati-comes-out-for-lgbt-rights/. 
  14. "Celebration of love with pride" (en ভাষাত). The Telegraph. https://www.telegraphindia.com/states/north-east/celebration-of-love-with-pride-207944. 
  15. "Guwahati Queer Pride glitters with huge participation" (en ভাষাত). www.aninews.in. https://www.aninews.in/news/national/guwahati-queer-pride-glitters-with-huge-participation201802120628390001/। আহৰণ কৰা হৈছে: 2018-06-30. 
  16. "Outlook India Photo Gallery - India Art Fair 2019". Outlook (India). https://www.outlookindia.com/photos/photoessay/india-art-fair-2019/1545। আহৰণ কৰা হৈছে: 2019-06-15. 
  17. (24 April 2022). "Guwahati Pride March". Plus G Plus. (Web link). সংগ্ৰহ কৰা হৈছে: 25 April 2022.
  18. "গুৱাহাটীত সমকামী গৌৰৱ শোভাযাত্ৰা, ২০২২". মেগন. ২৫ এপ্ৰিল. Archived from the original on 30 January 2022. https://web.archive.org/web/20220130080819/https://megonnews.com/। আহৰণ কৰা হৈছে: 26 April 2022.