কেলাদি চেন্নাম্মা

কেলাদি ৰাজ্যৰ ৰাণী আৰু মোগলৰ বিৰুদ্ধে যুঁজ দিয়া বীৰাংগনা


কেলাদি চেন্নাম্মা (ইংৰাজী: Keladi Chennamma) কৰ্ণাটকৰ কেলাদি ৰাজ্যৰ ৰাণী আছিল। তেওঁ চিদ্দাপ্পা চেট্টী নামৰ এজন ব্যক্তিৰ ঘৰত জন্ম গ্ৰহণ কৰিছিল। চিদ্দাপ্পা চেট্টী কৰ্ণাটকৰ কুণ্ডাপুৰ অঞ্চলৰ এজন স্থানীয় ব্যৱসায়ী আছিল। তেওঁ লিঙ্গায়ত সম্প্ৰদায়ৰ আছিল। চেন্নাম্মাই ১৬৬৭ চনত ৰজা সোমশেখৰ নায়কৰ হৈছে বিবাহপাশত আৱদ্ধ হৈছিল। ১৬৭৭ চনত সোমশেখৰ নায়কৰ মৃত্যুৰ পিছত চেন্নাম্মাই কেলাদি নায়ক ৰাজবংশৰ প্ৰশাসন দক্ষতাৰে চম্ভালিছিল। তেওঁৰ ২৫ বছৰীয়া শাসনকালত তেওঁ ভাৰতৰ কৰ্ণাটকৰ চাগাৰাত অৱস্থিত কেলাদি ৰাজ্যত থকা তেওঁৰ সামৰিক ঘাটিৰ পৰা ঔৰঙ্গজেৱৰ নেতৃত্বত মোগল সেনাৰ অগ্ৰগতি প্ৰতিহত কৰিছিল। তেওঁ হিৰিয়া বাসপ্পা নায়ক হিচাপে সফল হোৱা তেওঁৰ এগৰাকী নিকট আত্মীয় বাসৱপ্পা নায়কক দত্তক পুত্ৰ হিচাপে তুলি লৈছিল। তেওঁ পৰ্তুগীজসকলৰ সৈতে জালুক আৰু চাউলৰ দৰে সামগ্ৰীৰ সৈতে এটা বাণিজ্য চুক্তিও কৰিছিল। কৰ্ণাটকৰ চান্নাগিৰিৰ নাম তেওঁৰ নামেৰে নামকৰণ কৰা হৈছে।

কেলাদি চেন্নাম্মা

গণপতি আৰু কেলাদি চেন্নাম্মাৰ শিলত কটা মূৰ্তি
জন্ম চেন্নাম্মা
মৃত্যু ১৬৯৬
জনা যায় মোগল সম্ৰাট ঔৰঙ্গজেৱৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে
দাম্পত্যসঙ্গী সোমশেখৰ নায়ক

তেওঁ পৰ্তুগীজসকলক মিৰ্জান, হোন্নাভাৰা, চন্দ্ৰভাৰা আৰু কল্যাণপুৰত গীৰ্জা স্থাপনৰ অনুমতি দিছিল।[1] কৰ্ণাটক ৰাজ্যত তেওঁক আব্বাক্কা চৌটা, কিট্টুৰ চেন্নাম্মা, বেলাৱাদি মাল্লাম্মা আৰু ওনাকে ওবাভাৰ সৈতে বীৰাংগনা, মহিলা যোদ্ধা আৰু দেশপ্ৰেমী হিচাপে স্মৰণ কৰা হয়।

জীৱন সম্পাদনা কৰক

কেলাদি চেন্নাম্মা বা কেলাদিৰ ৰাণী চেন্নাম্মা কৰ্ণাটকৰ সাগৰৰ এগৰাকী স্থানীয় ব্যৱসায়ী চিদ্দাপ্পা চেট্টীৰ জীয়ৰী আছিল।[2] বিজয়নগৰ সাম্ৰাজ্যৰ পতনৰ পিছত কেলাদি সাম্ৰাজ্য গঠন হৈছিল। কেলাদি ৰাজ্য বেদনুৰ আৰু ইক্কেৰী নামেৰেও জনাজাত হৈছিল।[3] ১৬৬৭ খ্ৰীষ্টাব্দত চেন্নাম্মা ৰজা সোমশেখৰ নায়কৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।[4][5] ১৬৭৭ চনত সোমশেখৰ নায়কৰ মৃত্যুৰ পিছত চেন্নাম্মাই কেলাদি নায়ক ৰাজবংশৰ প্ৰশাসন দক্ষতাৰে চম্ভালিছিল।[6] তেওঁৰ ২৫ বছৰৰ শাসনকালত তেওঁ ঔৰঙ্গজেৱৰ নেতৃত্বত মোগল সৈন্যবাহিনীক তেওঁৰ ৰাজ্যৰ পৰা উলিয়াই দিছিল। তেওঁ তেওঁৰ এজন নিকট আত্মীয় বাসৱপ্পা নায়কক দত্তক পুত্ৰ হিচাপে তুলি লৈছিল। পিছলৈ তেওঁ হিৰিয়া বাচাপ্পা নায়ক হিচাপে জনাজাত হৈছিল চেন্নাম্মাৰ পৰ্তুগীজসকলৰ সৈতে জালুক আৰু চাউলৰ দৰে সামগ্ৰীৰ ওপৰত বাণিজ্যিক চুক্তি কৰিছিল। ইয়াৰ বাবে তেওঁক পৰ্তুগীজসকলে "দ্য পেপাৰ কুইন" বা "ৰাইনা দা পিমেণ্টা" উপাধি প্ৰদান কৰিছিল। তেওঁ পৰ্তুগীজসকলক গীৰ্জা নিৰ্মাণ কৰিবলৈ অনুমতি দিছিল।[7]

ঔৰঙ্গজেৱৰ আক্ৰমণ সম্পাদনা কৰক

তেওঁ মোগল সম্ৰাট ঔৰঙ্গজেৱৰ পৰা পলায়ন কৰি অহা শিৱাজীৰ পুত্ৰ ৰাজাৰাম ছত্ৰপতিক তেওঁৰ মন্ত্ৰীসভাৰ সৈতে বৈঠকৰ পিছত আশ্ৰয় প্ৰদান কৰিছিল[8] আৰু ৰাজাৰামক সন্মানৰ সৈতে ব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত ক্ষুদ্ধ হৈ ঔৰঙ্গজেৱে কেলাদিক আক্ৰমণ কৰিছিল। কেলাদি চেন্নাম্মাই পৰাজয় বৰণ নকৰাকৈ যুদ্ধ কৰিছিল আৰু শেষত মোগলৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰিছিল।[9] কেলাদি ৰাজ্যৰ অধীনস্থ স্বদি ৰাজ্যৰ সদাশিৱেও ঋণৰ জৰিয়তে ৰাজাৰামক সহায় কৰিছিল।[4] মহীশূৰৰ শাসক আৰু পৰৱৰ্তী সময়ত ব্ৰিটিছসকলৰ হাতত স্বায়ত্তশাসন হেৰুৱাই কেলাদি ৰাজ্য সম্ভৱতঃ নিঃশেষ হৈছিল। টিম্মান্না নায়কে তেওঁৰ মন্ত্ৰীসভাৰ নেতৃত্ব দিছিল। টিম্মান্না নায়ক বিজয়নগৰ ৰাজ্যৰ এজন সেনাপতিৰ বংশধৰ আছিল।

উত্তৰাধিকাৰ সম্পাদনা কৰক

তেওঁক ৰাণী আব্বাক্কা চৌটা, ওনাকে ওবাভা আৰু কিট্টুৰ চেন্নাম্মাৰ সৈতে কানাড়া বীৰাংগনাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। চেন্নাম্মা এগৰাকী অতি সৎ আৰু ধাৰ্মিক মহিলা আৰু তেওঁৰ সময়ৰ এগৰাকী ব্যৱহাৰিক প্ৰশাসক হিচাপে পৰিচিত আছিল।

জনপ্ৰিয় সংস্কৃতিত সম্পাদনা কৰক

সুৱৰ্ণ টিভিত সম্প্ৰচাৰিত এক কানাড়া ভাষাৰ ঐতিহাসিক টিভি শৃংখলা 'কেলাদি চেন্নাম্মা' তেওঁৰ জীৱনৰ ওপৰত আধাৰিত।

তথ্য উৎস সম্পাদনা কৰক

  1. Kudva, Venkataraya Narayan (1972). History of the Dakshinatya Saraswats. প্ৰকাশক Madras: Samyukta Gowda Saraswata Sabha. পৃষ্ঠা. 112. https://books.google.com/books?ei=woC4ULz5PIX9rAfTyoGQBA&id=x0NuAAAAMAAJ&dq=abbakka+ullal&q=mangalore. 
  2. অমৰ চিত্ৰ কথা খণ্ড ৭৯৩
  3. Bhat, N. Shyam (1998). South Kanara, 1799-1860 : a study in colonial administration and regional response (1st সম্পাদনা). প্ৰকাশক New Delhi, India: Mittal Publications. পৃষ্ঠা. 43. ISBN 9788170995869. https://books.google.com/books?id=Z0nZzbFDSAoC&pg=PA43&dq=Keladi&hl=en&sa=X&ei=phSiUJe7EY-rrAfNm4CADw&ved=0CDUQ6AEwAw#v=onepage&q&f=false. 
  4. 4.0 4.1 Dixit, Giri S (1981). Studies in Keladi History: Seminar Papers. প্ৰকাশক Bangalore: Mythic Society. পৃষ্ঠা. 4,5,115. https://books.google.com/books?ei=kFq3UPb2IIP4mAXtgYGwCg&id=lHgOAQAAIAAJ&dq=keladi&q=Rajaram. 
  5. "1671-96 Rani Regnant Chennamma of Keladi (or Bednur) (India)". Worldwise guide to women in leadership. http://www.guide2womenleaders.com/womeninpower/Womeninpower1670.htm। আহৰণ কৰা হৈছে: 13 November 2012. 
  6. Thilagavathi, B.S. Chandrababu, L. (2009). Woman, her history and her struggle for emancipation. প্ৰকাশক Chennai: Bharathi Puthakalayam. পৃষ্ঠা. 241. ISBN 9788189909970. https://books.google.com/books?id=NZmyUpHdPWYC&pg=PA241&dq=Keladi+Chennammaji&hl=en&sa=X&ei=zmK3UNqoF8aaiAfPpIHAAg&ved=0CDAQ6AEwAA#v=onepage&q=Keladi%20Chennammaji&f=false। আহৰণ কৰা হৈছে: 22 February 2019. 
  7. Kudva, Venkataraya Narayan (1972). History of the Dakshinatya Saraswats. প্ৰকাশক Madras: Samyukta Gowda Saraswata Sabha. পৃষ্ঠা. 112. https://books.google.com/books?ei=woC4ULz5PIX9rAfTyoGQBA&id=x0NuAAAAMAAJ&dq=abbakka+ullal&q=mangalore. 
  8. Krishnamurthy, Radha (1995). Sivatattva Ratnakara of Keladi Basavaraja: a cultural study. প্ৰকাশক Keladi, Karnataka: Keladi Museum and Historical Research Bureau. পৃষ্ঠা. 6,115. https://books.google.com/books?ei=kFq3UPb2IIP4mAXtgYGwCg&id=8uNtAAAAMAAJ&dq=keladi&q=rajaram. 
  9. "1671-96 Rani Regnant Chennamma of Keladi (or Bednur) (India)". Worldwise guide to women in leadership. http://www.guide2womenleaders.com/womeninpower/Womeninpower1670.htm। আহৰণ কৰা হৈছে: 13 November 2012.