কোচ হাজো

ৰঘুদেৱ আৰু তেওঁৰ পুত্ৰ পৰীক্ষিত নাৰায়ণৰ ৰাজ্য

কোচ হাজো[1] (১৫৮১ - ১৬১৬) কোচ ৰাজবংশৰ ৰজা ৰঘুদেৱ আৰু তেওঁৰ পুত্ৰ পৰীক্ষিত নাৰায়ণৰ ৰাজ্য আছিল। এই ৰাজ্যৰ সীমা ব্ৰহ্মপুত্ৰ নদৰ উত্তৰে পশ্চিমে সোণকোষ নদীৰ পৰা পূবে ভাৰেলী নদী পৰ্যন্ত বিস্তৃত আছিল। কমতা ৰাজ্যৰ বিভাজনৰ পিছত এই ৰাজ্য গঠন কৰা হৈছিল।[2] কমতা ৰাজ্য মধ্যযুগত কোচ ৰজা নৰনাৰায়ণৰ শাসনৰ অধীনত আছিল। সোণকোষ নদীয়ে নৱগঠিত দুইখন ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰিছিল। বৰ্তমান সময়ত সোণকোষ নদী অসম আৰু পশ্চিম বংগ ৰাজ্যৰ প্ৰাকৃতিক সীমা। কমতা ৰাজৰ পশ্চিম অংশ কোচ বিহাৰ আৰু পূব অংশ কোচ হাজো ৰাজ্য হিচাপে দুই অংশত বিভাজিত হৈছিল। হাজো নাম কোচ ৰাজবংশৰ এগৰাকী প্ৰাচীন প্ৰতাপী ৰজা হাজোৰ নামেৰে ৰখা হৈছিল। তেওঁ বৰ্তমান বাংলাদেশৰ ৰংপুৰ জিলা আৰু অসমৰ কিছু অংশত শাসন কৰিছিল বুলি জনা যায়।[3]

তথ্য উৎস সম্পাদনা কৰক

  1. Called Koch Hajo in Persian chronicles, Kamrup in local sources (Nath 1989:86).
  2. (Nath 1989:85)
  3. (Sircar 1990:171)