কৰ্কট ক্ৰান্তি (ইংৰাজী: Tropic of cancer) প্ৰতি বছৰ ২১ জুনৰ দিনা পৃথিৱীৰ যিবোৰ বিন্দুত সূৰ্যৰশ্মি লম্বভাৱে পৰে, সেই বিন্দুবোৰ সংযোগী ৰেখা; ২৩ডিগ্ৰী ৩০ মিনিট উত্তৰ অক্ষৰেখা৷ ইয়েই সূৰ্যৰ উত্তৰায়ণৰ শেষ সীমা৷ ভাৰতৰ প্ৰায় সোঁমাজেদি কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ গৈছে৷ এই ৰেখাই চুই যোৱা ভাৰতৰ ৰাজ্যকেইখন হʼল- গুজৰাট, ৰাজস্থান মধ্যপ্ৰদেশ, ছত্তিছগড়, ঝাৰখণ্ড, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মিজোৰাম[1]

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ(প্ৰথম খণ্ড),শান্তনু কৌশিক বৰুৱা