গুৱাহাটী উচ্চ ন্যায়ালয়

গুৱাহাটী উচ্চ ন্যায়ালয় অসমৰ সৰ্বোচ্চ ন্যায়ালয়। "ভাৰত চৰকাৰ অধিনিয়ম, ১৯৩৫" বলবৎ‍ হোৱাৰ পিছত ১৯৪৮ চনৰ ১ মাৰ্চত ইয়াক প্ৰতিষ্ঠা কৰা হয়।[2] পূৰ্বে ইয়াক অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয় নামেৰে জনা গৈছিল। ১৯৭১ চনত "উত্তৰ পূব এলেকা (পুনৰ্সংগঠন) অধিনিয়ম, ১৯৭১"ৰ অধীনত ইয়াক "গুৱাহাটী উচ্চ ন্যায়ালয়" বুলি নামকৰণ কৰা হয়।

গুৱাহাটী উচ্চ ন্যায়ালয়
প্ৰতিষ্ঠা ৫ এপ্ৰিল, ১৯৪৮
ক্ষেত্ৰাধিকাৰ ভাৰত
অৱস্থান গুৱাহাটী, অসম
গঠন নিৰ্দিষ্ট ৰাজ্যৰ ৰাজ্যপাল আৰু ভাৰতৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ আৰু সন্মতিসাপেক্ষে ৰাষ্ট্ৰপতি
প্ৰাধিকাৰক ভাৰতৰ সংবিধান
সিদ্ধান্তসমূহ আপীল কৰা হয় ভাৰতৰ উচ্চতম ন্যায়ালয়
বিচাৰকৰ কৰ্মকাল ৬২ বছৰ বয়সলৈকে
পদৰ সংখ্যা ২৯ (২৪+৫)
ৱেবছাইট http://www.ghconline.gov.in
মুখ্য ন্যায়াধীশ
বৰ্তমান অজয় লাম্বা[1]

ৰাজ্য অনুসৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ সৰ্বাধিক; অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা আৰু মিজোৰাম ৰাজ্যক ই সামৰি লৈছেI[2]

ইতিহাস সম্পাদনা কৰক

ভাৰতৰ স্বাধীনতাৰ ১৯৪৭ চনৰ ৯ চেপ্টেম্বৰত পিছত অসম বিধানসভাই অসম ৰাজ্যত এখন উচ্চ ন্যায়ালয় স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। "ভাৰত চৰকাৰ অধিনিয়ম, ১৯৩৫"ই প্ৰদান কৰা অধিকাৰ অনুসৰি ভাৰতৰ গভৰ্নৰ জেনেৰেলে ১৯৪৮ চনৰ ১ মাৰ্চত "অসম উচ্চ ন্যায়ালয় আদেশ, ১৯৪৮"ৰ ঘোষণা কৰে।[3] ১৯৪৮ চনৰ ৫ এপ্ৰিলত ভাৰতৰ মুখ্য ন্যায়াধীশ হৰিলাল কানিয়াই ইয়াক উদ্বোধন কৰে। একেদিনাই ছাৰ ৰণাল্ড ফ্ৰাঞ্চিছ লজক অসম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত বাক্য পাঠ কৰোৱা হয়। আৰম্ভণিতে অসম উচ্চ ন্যায়ালয়ৰ অধিবেশনসমূহ চিলঙত অনুষ্ঠিত হৈছিল কিন্তু ১৯৪৮ চনৰ ১৪ আগষ্টত সেয়া গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়।

১৯৬৩ চনৰ ১ ডিচেম্বৰত নাগালেণ্ড ৰাজ্য সৃষ্টি হোৱাৰ পিছত অসম উচ্চ ন্যায়ালয়ক "অসম আৰু নাগালেণ্ডৰ উচ্চ ন্যায়ালয়" বুলি নামকৰণ কৰা হয়। "উত্তৰ পূব এলেকা (পুনৰ্সংগঠন) অধিনিয়ম, ১৯৭১" অনুসৰি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অদল-বদল কৰোঁতে পাঁচখন ৰাজ্য- অসম, নাগালেণ্ড, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰাৰ বাবে এখন উমৈহতীয়া উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হয়। তেতিয়া ইয়াক "গুৱাহাটী উচ্চ ন্যায়ালয়" বুলি পুনৰ্নামকৰণ কৰা হয়।

মুখ্য আসন আৰু শাখাসমূহ[4] সম্পাদনা কৰক

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মূল আসন অসমৰ গুৱাহাটীত অৱস্থিত। ন্যায়ালয়খনৰ ৬টা শাখা আছে। সেইকেইটা হ'ল:

  1. নাগালেণ্ড ৰাজ্যৰ কহিমা বিচাৰ পীঠ (প্ৰতিষ্ঠা- ১ ডিচেম্বৰ, ১৯৭২)
  2. মণিপুৰ ৰাজ্যৰ ইম্ফাল বিচাৰ পীঠ (প্ৰতিষ্ঠা- ২১ জানুৱাৰী, ১৯৭২)
  3. ত্ৰিপুৰা ৰাজ্যৰ আগৰতলা বিচাৰ পীঠ (প্ৰতিষ্ঠা- ২৪ জানুৱাৰী, ১৯৭২)
  4. মেঘালয় ৰাজ্যৰ চিলং বিচাৰ পীঠ (প্ৰতিষ্ঠা- ৪ চেপ্টেম্বৰ, ১৯৭৪)
  5. মিজোৰাম ৰাজ্যৰ আইজল বিচাৰ পীঠ (প্ৰতিষ্ঠা- ৫ জুলাই, ১৯৯০)
  6. অৰুণাচল প্ৰদেশ ৰাজ্যৰ ইটানগৰ বিচাৰ পীঠ (প্ৰতিষ্ঠা- ১২ আগষ্ট, ২০০০)

নাগালেণ্ড ৰাজ্যৰ কহিমা বিচাৰ পীঠ সম্পাদনা কৰক

নাগালেণ্ড ৰাজ্যৰ ৰাজধানী কহিমাত মন্ত্ৰীসকলৰ পাহাৰৰ সোঁফালে কহিমা বিচাৰপীঠ অৱস্থিত। বিচাৰপীঠ থকা ঘৰটো আগতে এটা ছাত্ৰাবাস আছিল। ১৯৭২ চনৰ ১ ডিচেম্বৰত এই বিচাৰপীঠখন সন্মানীয় ন্যায়াধীশ এম. চি. পাঠকে উদ্বোধন কৰে।

নাগালেণ্ড ৰাজ্যৰ বাবে স্থায়ী বিচাৰক

  • অৰূপ কুমাৰ গোস্বামী (১ এপ্ৰিল ২০১১- আজিলৈকে)

মণিপুৰ ৰাজ্যৰ ইম্ফাল বিচাৰ পীঠ সম্পাদনা কৰক

১৯৭২ চনৰ ২১ জানুৱাৰীত মণিপুৰে পৃথক ৰাজ্যৰ মৰ্যাদা পোৱাৰ দিনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ইম্ফাল বিচাৰপীঠ প্ৰতিষ্ঠা কৰা হয়। ১৯৯২ চনৰ ১৪ মাৰ্চত ভাৰতৰ মুখ্য ন্যায়াধীশ এম. এইছ. কানিয়াই ইম্ফালৰ স্থায়ী পীঠখনৰ উদ্বোধন কৰে।

মণিপুৰ ৰাজ্যৰ বাবে স্থায়ী বিচাৰক

  • মাইবাম বিনয়কুমাৰ সিং
  • টি. নন্দনকুমাৰ সিং
  • কেতুলহ'উ মেৰুন'

ত্ৰিপুৰা ৰাজ্যৰ আগৰতলা বিচাৰ পীঠ সম্পাদনা কৰক

পূৰ্বে ত্ৰিপুৰা এখন কেন্দ্ৰীয় শাসিত অঞ্চল আছিল আৰু ১৯৭২ চনৰ ২১ জানুৱাৰীত ইয়াক পূৰ্ণাঙ্গ ৰাজ্যৰ মৰ্যাদা দিয়া হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ক ইয়াক ক্ষেত্ৰাধিকাৰ প্ৰদান কৰা হয় আৰু ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত ইয়াক বিচাৰপীঠ স্থাপন কৰা হয়। ১৯৯২ চনৰ ১৪ মে'ত ৰাষ্ট্ৰপতিৰ ঘোষণামৰ্মে তিনিজন স্থায়ী বিচাৰপতিক নিযুক্ত কৰা হয়।

মেঘালয় ৰাজ্যৰ চিলং বিচাৰ পীঠ সম্পাদনা কৰক

স্বাধীনতাৰ পিছত অসমৰ পূৰ্বৰ ৰাজধানী চিলঙত অসম উচ্চ ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ হয়। সন্মানীয় বিচাৰপতি ৰণাল্ড ফ্ৰাঞ্চিছ লজক বিচাৰপতি হিচাপে লৈ চিলঙৰ অসম বিধানসভা ভৱনৰ এটা অংশত ইয়াৰ কাম চলিছিল। পিছত মেঘালয় ৰাজ্য গঠন হওঁতে ইয়াক গুৱাহাটীলৈ স্থানান্তৰ কৰা হয়।

১৯৭৪ চনৰ ৪ চেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চিলং বিচাৰপীঠ স্থাপন কৰা হয়। ১৯৯৫ চনৰ ৪ ফেব্ৰুৱাৰীত সন্মানীয় বিচাৰপতি এ. এম. আহামাদীয়ে স্থায়ী বিচাৰপীঠ উদ্বোধন কৰে।

মেঘালয় ৰাজ্যৰ বাবে স্থায়ী বিচাৰক

  • টিন্‌লিয়াংথাং ৱাইফেই

অৰুণাচল প্ৰদেশ ৰাজ্যৰ ইটানগৰ বিচাৰ পীঠ সম্পাদনা কৰক

২০০০ চনৰ ১২ আগষ্টত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ সন্মানীয় মুখ্য ন্যায়াধীশ ড: এ. এছ. আনন্দে ইটানগৰৰ স্থায়ী বিচাৰপীঠ উদ্বোধন কৰে। এই বিচাৰপীঠ ইটানগৰৰ পৰা ১৩ কি:মি: দূৰত্বৰ নাহৰলগুনত অৱস্থিত।

অৰুণাচল প্ৰদেশ ৰাজ্যৰ বাবে স্থায়ী বিচাৰক

  • প্ৰণয় কুমাৰ মুছাহাৰী (০১/০৭/২০০৮- আজিলৈকে)

মিজোৰাম ৰাজ্যৰ আইজল বিচাৰ পীঠ সম্পাদনা কৰক

মিজোৰামৰ স্থায়ী বিচাৰপীঠখন ৰাজধানী আইজলত অৱস্থিত। ১৯৯০ চনৰ ৫ জুলাইত ভাৰতৰ মুখ্য ন্যায়াধীশ এছ. বি. মুখাৰ্জীয়ে ইয়াক উদ্বোধন কৰে।

মিজোৰাম ৰাজ্যৰ বাবে স্থায়ী বিচাৰক

  • উজ্জ্বল ভূঞা

মুখ্য ন্যায়াধীশ আৰু বিচাৰকসকল সম্পাদনা কৰক

মুখ্য ন্যায়াধীশ মদন ভীমৰাও ল'কুৰ অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়লৈ বদলি হৈ যোৱাৰ পিছত বৰ্তমান বিচাৰক এ. কে. গ'য়েলক কাৰ্যবাহী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হৈছে।[3]

বৰ্তমান উচ্চতম ন্যায়ালয়ত কৰ্মৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰক সম্পাদনা কৰক

  • সন্মানীয় ন্যায়াধীশ এ. কে. পাটনায়ক
  • সন্মানীয় ন্যায়াধীশ জস্তি চেলামেশ্বৰ

অতিৰিক্ত তথ্য সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Correspondent, Legal (3 October 2019). "Seven High Courts get new Chief Justices" (en-IN ভাষাত). The Hindu. https://www.thehindu.com/news/national/seven-high-courts-get-new-chief-justices/article29587947.ece। আহৰণ কৰা হৈছে: 4 October 2019. 
  2. 2.0 2.1 "Jurisdiction and Seats of Indian High Courts". Eastern Book Company. http://ebc-india.com/lawyer/hcourts.htm। আহৰণ কৰা হৈছে: October 09, 2012. 
  3. 3.0 3.1 "GAUHATI HIGH COURT". National Bar Association of India. Archived from the original on November 1, 2012. https://web.archive.org/web/20121101224259/http://www.nationalbarindia.org/resources/indian_judiciary/8/j-gauhati-high-court/। আহৰণ কৰা হৈছে: October 10, 2012. 
  4. "Out-lying Benches". The Gauhati High Court. http://ghconline.gov.in/benches.html। আহৰণ কৰা হৈছে: October 10, 2012. 

বহিঃসংযোগ সম্পাদনা কৰক