গুৱাহাটী চাহ নিলাম কেন্দ্ৰ

গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (ইংৰাজী: Guwahati Tea Auction Centre) হৈছে মূলতঃ অসমত উৎপাদিত চাহপাত বিক্ৰী কৰিবলৈ স্থাপন কৰা নিলাম কেন্দ্ৰ।

ইতিহাস সম্পাদনা কৰক

অসমত দেশৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদন হয়। ভাৰতত উৎপাদিত মুঠ চাহৰ পঁচপন্ন শতাংশ চাহপাত আৰু দেশৰ ৰপ্তানিৰ আশী শতাংশ চাহপাত অসমে বহন কৰে। সেইসূত্ৰে ১৯৬০চনৰ পৰাই অসমত এটা চাহ নিলাম কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ চিন্তা-চৰ্চা চলি আছিল। গুৱাহাটী চাহ নিলাম সমিতিৰ প্ৰথমখন সভা ১৯৭০চনৰ ২৯আগষ্টত সেইসময়ৰ অসমৰ ৰাজধানী শ্বিলঙত স্বৰ্গীয় ধৰ্মেন্দ্ৰনাথৰ সভাপতিত্বত অনুষ্ঠিত হয়। আৰু ১৯৭০ চনৰ ২৫ ছেপ্তেম্বৰত গুৱাহাটী চাহ নিলামৰ আৰম্ভণি কৰা হয়।[1]

চাহ বিক্ৰী সম্পাদনা কৰক

অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বিধানসভাত জনোৱামতে অসমত প্ৰতি বছৰে ৬৫০ মিলিয়ন কেজি চাহ উৎপাদন হয় আৰু তাৰে এক তৃতীয়াংশ চাহপাত গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী হয়।[2] উল্লেখযোগ্য যে ২০১৮ চনৰ জুলাই মাহত ডিব্ৰুগড়ৰ মনোহৰী টি ইষ্টেটত উৎপাদন হোৱা এক কেজি অৰ্থডক্স চাহ উণচল্লিছ হাজাৰ এক টকাত বিক্ৰী হৈছিল যিটো পৃথিৱীৰ ভিতৰতেই অভিলেখ।[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক