গমধৰ কোঁৱৰ

(গোমধৰ কোঁৱৰৰ পৰা পুনঃনিৰ্দেশিত)

গমধৰ কোঁৱৰ (ইংৰাজী ভাষা:Gamadhar Konwar) অসম তথা ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰামী সকলৰ এজন। তেখেতৰ পিতৃৰ নাম আছিল ফেনা কোঁৱৰ। ১৮২৮ চনত গোমধৰ কোঁৱৰৰ নেতৃত্বত ধনঞ্জয় বৰগোহাঁই আদি কৰি বহুকেইজন আহোম কোঁৱৰে ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল। [1]

গমধৰ কোঁৱৰ
নেতা অসমৰ স্বাধীনতা সংগ্ৰামী
ব্যক্তিগত তথ্য
জন্ম অসম
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পিতৃ ফেনা কোঁৱৰ
পেচা স্বাধীনতা সংগ্ৰামী, মুক্তি যুঁজাৰু
জীৱিকা আহোম ৰাজকোঁৱৰ

ইয়াণ্ডাবু সন্ধিৰ পিছত ১৮২৮ চনৰ আগভাগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসমৰ শাসন ভাৰ নিজৰ হাতলৈ আনিবলৈ সক্ষম হৈছিল। আৰম্ভণিতে ব্ৰিটিছ শাসনে কথা দিছিল যে মানক অসমৰ পৰা খেদি শাসন ভাৰ আহোমসকলক গতাই দিব। কিন্তু এই প্ৰতিশ্ৰুতি নৰখাৰ বাবেই ১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে এক বিদ্ৰোহে গা কৰি উঠে। ভাৰত বুৰঞ্জীত এই বিদ্ৰোহ হৈছে ব্ৰিটিছৰ বিৰুদ্ধে আৰম্ভণিৰ এক স্বাধীনতা সংগ্ৰাম।

বিদ্ৰোহী সকলে যোৰহাটত আহোম ৰীতিমতে গমধৰ কোঁৱৰক অসমৰ স্বৰ্গদেউ ৰূপে প্ৰতিষ্ঠা কৰে যদিও ব্ৰিটিছে ১৮২৮ চনৰ শেষ ভাগলৈ এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হয়। বিদ্ৰোহৰ অন্তত গমধৰ কোঁৱৰ নগা পাহাৰলৈ পলাই যায়। কিন্তু ব্ৰিটিছে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ব্ৰিটিছ শাসনে তেওঁক ৰাজদ্ৰোহৰ অপৰাধত ১৪ বছৰৰ বাবে কাৰাদণ্ড বিহে আৰু ৰংপুৰৰ (বৰ্তমান বাংলাদেশত) জেললৈ প্ৰেৰণ কৰে। কিন্তু বেমাৰৰ বাবে তেওঁক ৭ বছৰ কাৰাবাসৰ পিছত নিজৰ জন্মভূমিলৈ উভতাই পঠোৱা হয়। [2]

তথ্য সংগ্ৰহ সম্পাদনা কৰক