গ্ৰহ (ইংৰাজী: Planet) হৈছে কোনো তৰা বা মৃত তৰাৰ চাৰিওফালে পৰিভ্ৰমণ কৰা এক প্ৰকাৰৰ জ্যোতিৰ্বৈজ্ঞানিক পিণ্ড যি

বুধশুক্ৰ
পৃথিৱীমংগল
বৃহস্পতিশণি
ইউৰেনাচনেপচুন
সৌৰ জগতৰ গ্ৰহ আঠটা
বুধ, শুক্ৰ, পৃথিৱী, আৰু মংগল
বৃহস্পতি আৰু শণি (গেছীয় গ্ৰহ)
ইউৰেনাচ আৰু নেপচুন (তুষাৰ গ্ৰহ)

সূৰ্যৰ পৰা ক্ৰমান্নয়ে আৰু প্ৰকৃত ৰঙত দেখুওৱা হৈছে। আকাৰ মাপ অনুযায়ী নাই।

গ্ৰহৰ ইংৰাজী প্ৰতিশব্দ planet এটা পুৰনা শব্দ, ই ঐতিহাসিক, জ্যোতিৰ্বৈজ্ঞানিক, বৈজ্ঞানিক, পৌৰাণিক, আৰু ধৰ্মীয় বিষয়ৰ সৈতে জড়িত আছে। সৌৰজগতৰ কেইবাটাও গ্ৰহ খালি চকুৰে দেখা পোৱা যায়। বহুতো সংস্কৃতিত এই গ্ৰহবোৰক স্বৰ্গীয়, অথবা দেৱতা বুলি বিবেচনা কৰা হৈছিল। মানুহৰ বৈজ্ঞানিক জ্ঞানৰ অগ্ৰগতিৰ লগে লগে গ্ৰহ সম্পৰ্কীয় এই ধাৰণাসমূহ সলনি হবলৈ ধৰে।

গ্ৰীক জ্যোতিৰ্বিদ টলেমিৰ মতে গ্ৰহসমূহে ভিন্ন আৰু উপ-বৃত্তাকাৰ পথেৰে পৃথিৱীক পৰিভ্ৰমণ কৰে। গ্ৰহবোৰে সূৰ্যৰ প্ৰদক্ষিণ কৰাৰ ধাৰণাটো বহু সময়ত উত্থাপন কৰা হৈছিল, যদিও ১৭শ শতিকাত গেলিলিওদূৰবীক্ষণ যন্ত্ৰৰ দ্বাৰা পৰ্যবেক্ষণ কৰি প্ৰমাণ আহৰণ কৰাৰ পিছতহে ইয়াক মানি লোৱা হৈছিল।

টোকা সম্পাদনা কৰক

  1. গ্ৰহৰ এই সংজ্ঞাটো আই.এ.ইউ.ৰ দুখন পৃথক ঘোষণাপত্ৰৰ পৰা লোৱা হৈছে; ২০০৬ চনত আই.এ.ইউ.ৰ দ্বাৰা সন্মতি প্ৰকাশ কৰা এক আনুস্থানিক সংজ্ঞা, আৰু ২০০১/২০০৩ চনত সৌৰ জগতৰ বাহিৰৰ বস্তু সম্পৰ্কে আই.এ.ইউ.ৰ এক অনানুস্থানিক কাৰ্যকৰী সংজ্ঞা। আনুস্থানিক ২০০৬ৰ সংজ্ঞাটো কেৱল সৌৰজগতৰ বাবে প্ৰযোজ্য, আনহাতে ২০০৩ৰ সংজ্ঞাটো অন্য তৰাৰ চাৰিওফালৰ গ্ৰহৰ বাবে প্ৰযোজ্য। ২০০৬ চনৰ আই.এ.ইউ. সন্মিলনে সৌৰজগতৰ বাহিৰৰ বিষয়টো এক জটিল বিষয় বুলি বিবেচনা কৰিছিল।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "IAU 2006 General Assembly: Result of the IAU Resolution votes". আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞানিক সংস্থা. ২০০৬. http://www.iau.org/news/pressreleases/detail/iau0603/। আহৰণ কৰা হৈছে: ২০১৭-০৩-১৮. 
  2. "Working Group on Extrasolar Planets (WGESP) of the International Astronomical Union". আই.এ.ইউ.. ২০০১. http://www.dtm.ciw.edu/boss/definition.html। আহৰণ কৰা হৈছে: ২০১৭-০৩-১৮.