গ্ৰেগ লিয়নাৰ্ড চেমেনজা

ন'বেল বঁটা বিজয়ী বিজ্ঞানী

গ্ৰেগ লিয়নাৰ্ড চেমেনজা (জন্ম: ১২ জুলাই ১৯৫৬) জনছ হপকিন্স স্কুল অফ মেডিচিনত শিশু চিকিৎসা, ৰেডিয়েছন অংক'লজি, জীৱবৈজ্ঞানীক ৰসায়ন, কৰ্কট ৰোগৰ অধ্যাপক। তেওঁ কোষ অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ভাছকুলাৰ প্ৰগ্ৰেমৰ নিৰ্দেশক হিচাপে সেৱা আগবঢ়ায়ছিল।[1] তেওঁ ২০১৬ চনত চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা লাভ কৰিছিল।[2] তেওঁ এইছআইএফ-১ আৱিষ্কাৰ কৰাৰ বাবে বিশেষভাবে জনাজাত। ই কৰ্কট ৰোগৰ কোষ সমূহক অক্সিজেনৰ অভাৱত অনুকূল কৰি লয়। তেওঁ পিটাৰজন ৰেটক্লিফ আৰু উইলিয়াম কেলিন জুনিয়ৰৰ সৈতে "অক্সিজেনৰ উপলব্ধতাৰ ওপৰত কোষ সমূহে কেনেকৈ সংবেদন লাভ কৰে আৰু নিজকে সেই পৰিৱেশৰ উপযোগী কৰি লয় আৱিষ্কাৰ"ৰ বাবে ২০১৯ চনৰ চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা লাভ কৰে।[3][4]

গ্ৰেগ লিয়নাৰ্ড চেমেনজা

২০১৯ চনত গ্ৰেগ লিয়নাৰ্ড চেমেনজা
জন্ম ১২ জুলাই, ১৯৫৬ (৬৭ বছৰ)
কুইনছ, নিউয়ৰ্ক
কৰ্মস্থান জনছ হপকিন্স স্কুল অফ মেডিচিন
শিক্ষানুষ্ঠান
  • হাৰ্ভাড বিশ্ববিদ্যালয়
  • পেনছিলভেনিয়া বিশ্ববিদ্যালয়
জনা যায় হাইপ'ক্সিয়া-ইনডিউছিবেল ফেক্টৰছ
উল্লেখনীয় বঁটা
  • চিকিৎসা বিজ্ঞানৰ ন'বেল বঁটা, ২০১৯
  • চিকিৎসা বিজ্ঞানৰ মৌলিক গৱেষণাৰ এলবাৰ্ট লাশকেৰ বঁটা, ২০১৬

তথ্য উৎস সম্পাদনা কৰক