ঘটোৎকচ হিড়িম্বাপুৰৰ (বৰ্তমানৰ ডিমাপুৰ) ৰজা আছিল।[1] তেওঁৰ পিতৃ আছিল ভীম আৰু মাতৃৰ নাম আছিল হিড়িম্বী। এওঁকেই অসমৰ কছাৰীসকলৰ পূৰ্বপুৰুষ বুলি কোৱা হয়।[1] কুৰুক্ষেত্ৰ যুদ্ধপাণ্ডৱৰ ফলীয়া হৈ তেওঁ যুদ্ধ কৰিছিল। যুদ্ধত তেওঁ কৌৰৱৰ মাজত যথেষ্ট আতংকৰ সৃষ্টি কৰিছিল। অৱশেষত কৰ্ণঅৰ্জুনক মাৰিবলৈ সাঁচি থোৱা একাঘ্নি বাণপাট মাৰি তেওঁক হত্যা কৰে।[1]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). "পুৰণি যুগৰ কামৰূপৰ অইন ৰজাকেইজনমান". সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক ষ্টল. পৃষ্ঠা. ১৪, ১৫.