চ্যু-ক্লেণ-মু'ঙ

(চুক্লেণমুংৰ পৰা পুনঃনিৰ্দেশিত)

চাওফা চ্যু-ক্লেণ-মুং ১৫৩৯ চনৰ পৰা ১৫৫২ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। গড়গাঁৱত ৰাজধানী স্থাপন কৰা বাবে বুৰঞ্জীত তেওঁক গড়গঞা ৰজা বুলিও কোৱা হৈছে। তেওঁৰ ৰাজত্বকালতে মাধৱদেৱ আৰু শ্ৰীমন্ত শংকৰদেৱৰ জোঁৱায়েক হৰিক আটক কৰা হৈছিল আৰু হৰিক মৃত্যুদণ্ড বিহা হৈছিল।[1] এই কাৰণতে শংকৰদেৱে আহোম ৰাজ্য এৰি কোচ ৰাজ্যত আশ্ৰয় লয়।

চাওফা চ্যু-ক্লেণ-মুং
চাওফা
অসমৰ ৰজা
১৫৩৯ চনৰ পৰা ১৫৫২ চনলৈ
সম্পূৰ্ণ নাম
চাওফা চ্যু-ক্লেণ-মুং
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

মোহৰ সজোৱা তেৱেঁই প্ৰথম আহোম ৰজা আছিল। মোহৰবোৰ আঠকোণীয়া আছিল আৰু আহোম লিপিৰে তাত লিখা হৈছিল।[2]

সিংহাৰোহণ সম্পাদনা কৰক

স্বৰ্গদেউ চুহুন্মুঙক ১৫৩৯ চনৰ জানুৱাৰীত লগুৱা ৰতিমনে শুই থকা অৱস্থাত হত্যা কৰাৰ পাছত চুক্লেণমুং ৰাজপাটত উঠে। কোনো কোনো বুৰঞ্জীৰ মতে এই কাৰ্য চুক্লেণমুঙৰ অভিসন্ধি মতেই হৈছিল।[3] চুক্লেণমুঙে এই অপবাদ আঁতৰাবলৈ হত্যাকাৰী ৰতিমনৰ ভায়েক-ককায়েকক মৃত্যুদণ্ড বিহিছিল।[4]

পিতাকৰ শাসনকালত ১৫৩২ চনত কোঁৱৰ চুক্লেঙে বংগৰ সেনাপতি তুৰ্বকৰ বিৰুদ্ধে পৰাজয় বৰণ কৰে আৰু বেয়াকৈ আঘাতপ্ৰাপ্ত হয়। তেওঁৰ ঠাইত বৰপাত্ৰগোহাঁয়ে নেতৃত্ব দি তুৰ্বকক ঘটুৱায়।[5]

ৰাজ্যৰ পৰিসীমা সম্পাদনা কৰক

চুক্লেণমুঙে বাৰ-ভূঞাসকলক কপিলী নদী উপত্যকাৰ পৰা ৰাজধানীৰ ওচৰ চপাই কছাৰী ৰাজ্যৰ পৰা অধিকাৰ কৰা অঞ্চলৰ ওপৰত শাসন কটকটীয়া কৰে। ১৫৪৬ চনত কোচ সেনাপতি চিলাৰায়ে আহোম ৰাজ্য আক্ৰমণ কৰে। ৰজাৰ সতীয়া ভায়েক গোহাঁই কমলে সজা পথেদি (গোহাঁই কমল আলি)ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেৰে তেওঁলোক আগবাঢ়ি নাৰায়ণপুৰত (বৰ্তমানৰ উত্তৰ লখিমপুৰত) এটা কোঠ সাজে। চুক্লেণমুঙে কোচসকলক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা বিতাড়ন কৰিবলৈ সমৰ্থ হয়।[6]

প্ৰশাসন সম্পাদনা কৰক

চুক্লেণমুঙে ৰাজত্বকালত গড়গাঁও পুখুৰী খন্দাইছিল আৰু নগা আলি বন্ধাইছিল।

টোকা সম্পাদনা কৰক

  1. That this incident must have happened during Suklenmung has been worked out by Maheswar Neog (neog 1980, পৃষ্ঠা 62). Some historical chronicles record that this happened during Suhungmung's reign.
  2. (Gait 1906:97)
  3. (Gait 1906:94)
  4. (Gait 1906:95)
  5. (Gait 1906:90)
  6. (Gait 1906:96)

তথ্যসূত্ৰ সম্পাদনা কৰক