চ্যু-চেন-ফা

(চুচেনফাৰ পৰা পুনঃনিৰ্দেশিত)

চাওফা চ্যু-চেন-ফা (আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜃𑜫 𑜇𑜡)১৪৩৯ চনৰ পৰা ১৪৮৮ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। আহোম বুৰঞ্জীসমূহে তেওঁক ভাল শাসক আখ্যা দিছিল আৰু প্ৰজাসকলে সুখত জীৱন কটাইছিল। তেওঁৰ সুদীৰ্ঘ ৪৯ বছৰ ৰাজত্ব কৰিছিল। টাংছু নগাসকলৰ আক্ৰমণ তেওঁৰ শাসনকালত পোৱা একমাত্ৰ আহুকাল আছিল আৰু সেয়া বলেৰে মষিমূৰ কৰা হৈছিল।

চাওফা চ্যু-চেন-ফা
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜃𑜫 𑜇𑜡
চাওফা
অসমৰ ৰজা
১৪৩৯ চনৰ পৰা ১৪৮৮ চনলৈ
সম্পূৰ্ণ নাম
চাওফা চ্যু-চেন-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

পূৰ্বপুৰুষ আৰু সিংহাৰোহণ সম্পাদনা কৰক

টিপমীয়া কুঁৱৰী এগৰাকীৰ ফালৰ পৰা আহোম ৰজা চুফক্‌ফাৰ জ্যেষ্ঠ পুত্ৰ আছিল চুচেনফা। মাক-দেউতাকে তেওঁক ত্যাওফাচুফুক নাম দিছিল। দেউতাকৰ মৃত্যুৰ পাছত ১৪৩৯ চনত তেওঁ চুচেনফা নাম লৈ শিঙৰি ঘৰত উঠে।[1]

ৰাজত্বকাল সম্পাদনা কৰক

টাংছু নগাৰ বিৰুদ্ধে অভিযান সম্পাদনা কৰক

টাংছু নগাসকলে আহোম ৰাজ্যত বাৰে বাৰে আক্ৰমণ কৰি জন-ধনৰ হানি কৰিছিল। তেওঁলোকে কাষৰীয়া নগা জাতিবোৰকো আক্ৰমণ কৰিছিল। তাৰে এটা জাতি অখম্পা নগাই চুচেনফাক তৰোৱাল প্ৰদান কৰি আঁঠু লয়। তেওঁলোকে টাংছু নগাসকলৰ বিৰুদ্ধে পদক্ষেপ ল'বলৈ স্বৰ্গদেউক অনুৰোধ কৰে। চুচেনফাই ততালিকে সৈন্য সাজু কৰি নিজে নেতৃত্ব দি টাংছু নগাৰ বিৰুদ্ধে অভিযান চলায়। তুমুৰ যুদ্ধত আহোমসকলৰ ১৪০ জন সৈনিকৰ প্ৰাণ যায় যদিও শেষত তেওঁলোকে নগাসকলক পৰাস্ত কৰে।[2] আন এক সূত্ৰৰ মতে আহোমসকলে যুদ্ধত প্ৰায় পৰাজয় বৰণ কৰি পিছুৱাই গৈছিল। তেতিয়া বংৰুকিয়া গোহাঁয়ে সৈন্য গোটাই পুনৰ টাংছু নগাসকলক আক্ৰমণ কৰি পৰাস্ত কৰে। আহোমে টাংছু নগাৰ গাঁওবোৰ ধ্বংস কৰি তেওঁলোকক তলতীয়া হ'বলঐ বাধ্য কৰে।[3][4]

শংকৰদেৱৰ জন্ম সম্পাদনা কৰক

চুচেনফাৰ ৰাজত্বকালতে ১৪৪৯ চনত বৈষ্ণৱ সংস্কৃতিৰ হোতা, সমাজ সংস্কাৰক শংকৰদেৱনগাঁৱৰ বৰদোৱাৰ ওচৰত জন্ম হয়। তেওঁ সেই অঞ্চলৰ ভূঞাসকলৰ দলপতি কুসুম্বৰ ভূঞাৰ পুত্ৰ আছিল।[5][6]

টোকা সম্পাদনা কৰক

  1. (Barbaruah 1981, পৃষ্ঠা 41)
  2. (Barua 2008, পৃষ্ঠা 56-57)
  3. (Gait 1926, পৃষ্ঠা 85)
  4. (Barbaruah 1981, পৃষ্ঠা 41)
  5. (Barua 2008, পৃষ্ঠা 58)
  6. (Barbaruah 1981, পৃষ্ঠা 41)

তথ্যসূত্ৰ সম্পাদনা কৰক

  • Barbaruah, Hiteswar (1981) (Assamese ভাষাত). Ahomar-Din or A History of Assam under the Ahoms (1 সম্পাদনা). প্ৰকাশক Guwahati: Publication Board of Assam. 
  • Barua, Gunaviram (2008). Assam Buranji or A History of Assam (4 সম্পাদনা). প্ৰকাশক Guwahati: Publication Board of Assam. 
  • Gait, E A (1926). A History of Assam (2 সম্পাদনা). প্ৰকাশক Calcutta: Thackar, Spink and Co.