চাওলুং চ্যু-তু-ফা (আহোম: 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜥 𑜇𑜡) মৌঙ ডুন চোন খাম বা আহোম ৰাজ্যৰ ষষ্ঠজন স্বৰ্গদেউ (চাওফা) আছিল। টাই আহোম ভাষাত লিখা বুৰঞ্জী অনুসৰি ৰজা নোহোৱা এটা পৰ্বৰ পাছত তেখেতে ১৩৬৯ চনৰ পৰা ১৩৭৬ চনলৈ ৰাজত্ব কৰিছিল।[1] কোনো কোনো ইতিহাসবিদে তেখেত ১৩৬৪ চনত ৰাজপাটত বহিছিল বুলি ক'ব খোজে যদিও মূল বুৰঞ্জীত ১৩৬৯ চনৰ পৰা ১৩৭৬ চনলৈ ৰাজত্ব কৰিছিল বুলি উল্লেখ আছে। সঘনাই হোৱা সংঘাতৰ পাছত চুতীয়া ৰজাই তেওঁক নাও খেল চাবলৈ মাতি বিশ্বাস ঘাটকতাৰে হত্যা কৰিছিল।[2]

চাওলুং চ্যু-তু-ফা
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜥 𑜇𑜡
চাওলুং আহোম ভাষা
অসমৰ ৰজা
ত্যাও খাম্‌টি
সম্পূৰ্ণ নাম
চাওলুং চ্যু-তু-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

পূৰ্বপুৰুষ আৰু সিংহাৰোহণ সম্পাদনা কৰক

চুতুফা আছিল আহোম ৰজা চুখাংফাৰ দ্বিতীয় পুত্ৰ। দেউতাকৰ মৃত্যুৰ পাছত জ্যেষ্ঠ পুত্ৰ চুখ্ৰাম্‌ফা স্বৰ্গদেউ হৈছিল। ৩২ বছৰ শাসন কৰাৰ পাছত ১৩৬৪ চনত চুখ্ৰাম্‌ফাৰ মৃত্যু হয়। এইখিনিতে বুৰঞ্জীবিদসকলৰ মতভেদ দেখা যায়। কোনো কোনোৰ মতে চুখ্ৰাম্‌ফাৰ মৃত্যুত তেখেতৰ ভায়েক চুতুফা ১৩৬৪ চনৰ ৰাজপাটত বহে।[3][4][5] কিন্তু আধুনিক বুৰঞ্জীবিদ পদ্মেশ্বৰ গগৈ আৰু স্বৰ্ণলতা বৰুৱাৰ মতে ১৩৬৪ চনৰ পৰা ১৩৬৯ চনলৈ কোনো স্বৰ্গদেউ নাছিল।

ৰাজত্বকাল আৰু হত্যা সম্পাদনা কৰক

চুতুফাই আহোম ৰাজ্যৰ পৰিসীমা বঢ়াব বিচাৰিছিল। ইয়াৰ ফলত কাষৰীয়া চুতীয়া ৰাজ্যৰ লগত সংঘাতৰ সৃষ্টি হয়। ১৩৭৬ চনত চুতীয়া ৰজাই চাপাগুৰিত চুতুফাক লগ কৰে আৰু মিত্ৰতাৰ ভাও জুৰি তেখেতক চফ্ৰাই নদীৰ নাওখেললৈ নিমন্ত্ৰণ জনায়। চুতীয়া ৰজাই নিজৰ নাৱতে দেহৰক্ষীবিহীন চুতুফাক আদৰ আপ্যায়ন কৰাৰ চেগত হত্যা কৰে। চুতুফাৰ লগত যোৱা সৈন্যবোৰ ৰাজধানীলৈ ঘূৰি আহি এই কথা সদৰি কৰে।[6][7][8]

বৰগোহাঁই আৰু বুঢ়াগোহাঁই শাসনকাল সম্পাদনা কৰক

চুতুফাৰ মৃত্যুৰ পাছত আহোম ডাঙৰীয়াসকলে স্বৰ্গদেউৰ উপযোগী কোনো ৰাজকোঁৱৰ বিচাৰি নাপালে আৰু সেই বাবে চাৰি বছৰ (১৩৭৬-১৩৮০ চন) চাও ফ্ৰংদাম বুঢ়াগোহাঁই আৰু চাও তাপ্ৰিখিন বৰগোহাঁইয়ে নিজে প্ৰশাসনৰ ভাৰ চম্ভালে।[9] ৰজা অবিহনে ৰাজ্য চলোৱা টান দেখি ১৩৮০ চনত তেওঁলোকে চুতুফাৰ ভায়েক আৰু চুখাংফাৰ তৃতীয় পুত্ৰ ত্যাও খাম্‌টিক স্বৰ্গদেউ পাতে।[10][11]

টোকা সম্পাদনা কৰক

  1. (ফুকন,বৰুৱা ১৯৬৪:১৩৯)
  2. (গেইট ১৯২৬:৮১)
  3. বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
  4. Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 81
  5. বৰুৱা গুণাভিৰাম- অসম বুৰঞ্জী or A History of Assam 4th edition 2008 Publication Board of Assam Guwahati page 55
  6. বৰবৰুৱা হিতেশ্বৰ- আহোমৰ দিন or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
  7. Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 81
  8. Barua Gunaviram Assam Buranji or A History of Assam 4th edition 2008 Publication Board of Assam Guwahati page 56
  9. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
  10. Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 81
  11. Barua Gunaviram Assam Buranji or A History of Assam 4th edition 2008 Publication Board of Assam Guwahati page 56

তথ্যসূত্ৰ সম্পাদনা কৰক

  • ফুকন,বৰুৱা (১৯৬৪) (আহোম ভাষা, ইংৰাজী, অসমীয়া ভাষাত). আহোম লেগজিকন, ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ
  • বৰবৰুৱা হিতেশ্বৰ আহোমৰ-দিন or A History of Assam under the Ahoms first edition 1981 Publication Board of Assam Guwahati
  • বৰুৱা গুণাভিৰাম অসম বুৰঞ্জী or A History of Assam fourth edition 2008 Publication Board of Assam Guwahati
  • Gait E.A. A History of Assam second edition 1926 Thacker, Spink & Co Calcutta