জাহ্নৱী কাপুৰ

ভাৰতীয় অভিনেত্ৰী


জাহ্নৱী কাপুৰ (ইংৰাজী: Janhvi Kapoor; জন্ম: মাৰ্চ ১৯৯৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী যিয়ে হিন্দী চলচ্চিত্ৰত কাম কৰে। তেওঁ শ্ৰীদেৱী আৰু বনি কাপুৰৰ কন্যা। তেওঁ ২০১৮ চনত ৰোমাণ্টিক চলচ্চিত্ৰ ধড়কৰ জৰিয়তে অভিনয়ৰ সূচনা কৰিছিল, যিখন বাণিজ্যিকভাৱে সফল ছবি আছিল। কাপুৰে তেতিয়াৰে পৰা নেটফ্লিক্সৰ দ্বাৰা প্ৰযোজিত ফিল্ম ঘোষ্ট ষ্টোৰীজ আৰু গুঞ্জন সক্সেনা: দ্য কাৰ্গিল গাৰ্লত (উভয় ২০২০) অভিনয় কৰিছিন।

জাহ্নৱী কাপুৰ

২০১৮ চনত কাপুৰ
জন্ম ৬ মাৰ্চ, ১৯৯৭ (২৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা
  • অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৮–বৰ্তমান
পিতৃ-মাতৃ শ্ৰীদেৱী
বনি কাপুৰ
আত্মীয়-স্বজন চাওক কাপুৰ পৰিয়াল

প্ৰাৰম্ভিক জীৱন সম্পাদনা কৰক

১৯৯৭ চনৰ মাৰ্চ মাহত জন্মগ্ৰহণ কৰা জাহ্নৱী কাপুৰৰ পিতৃ চলচ্চিত্ৰ নিৰ্মাতা বনি কাপুৰ আৰু মাতৃ অভিনেত্ৰী শ্ৰীদেৱী। তেওঁৰ সৰু ভনীৰ নাম খুশি আৰু তেওঁৰ দুই ভাতৃ (half siblings) হ’ল অভিনেতা অৰ্জুন কাপুৰ আৰু আংশুলা কাপুৰ। তেওঁ অভিনেতা অনিল কাপুৰ আৰু সঞ্জয় কাপুৰৰ ভতিজী (niece)। তেওঁ মুম্বাইৰ ধিৰুভাই আম্বাণী আন্তঃৰ্জাতিক বিদ্যালয়ত পঢ়াশুনা কৰিছিল। চলচ্চিত্ৰত আত্মপ্ৰকাশৰ পূৰ্বে, তেওঁ কলিফোৰ্নিয়াৰ লি ষ্ট্ৰাচবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটৰ পৰা অভিনয় শিক্ষা গ্ৰহণ কৰিছিল।

চলচ্চিত্ৰপুঞ্জী সম্পাদনা কৰক

  এতিয়াও মুক্তি লাভ কৰা নাই
চন চলচ্চিত্ৰ চৰিত্ৰ টোকা
২০১৮ ধড়ক পাৰ্থবী সিং ৰাথোৰ শ্ৰেষ্ঠ মহিলা অভিষেকৰ বাবে জি চিনে বঁটা
২০২০ ঘোষ্ট ষ্টোৰীজ সমীৰা নেটফ্লিক্স এণ্ঠোল’জী ফিল্ম; জয়া আখতাৰচ্‌ চেগমেণ্ট
২০২০ ইংৰাজী মেডিয়াম নিজে “কুড়ী নু নাচে দে” গীতত বিশেষ ভূমিকা[1]
২০২০ গুঞ্জন সক্সেনা: দ্য কাৰ্গিল গাৰ্ল গুঞ্জন সক্সেনা নেটফ্লিক্স ফিল্ম
২০২০ ৰোহী অফজানা   ৰোহী আৰোৰা/ অফজানা বেদী প’ষ্ট-প্ৰডাকচন[2]
২০২০ দোষ্টানা ২   TBA ফিল্মিং[3]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক