জুপিতৰা ভূঞা এগৰাকী অসমীয়া চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী। জুপিতৰাই কেইবাখনো অসমীয়া বোলছবিত লগতে বিভিন্ন বিহুৰ ভিডিঅ' ছবিত অভিনয় কৰিছে। তেখেতে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ দল কহিনুৰ থিয়েটাৰতো মুখ্য অভিনেত্ৰীৰ হিচাপে কাম কৰিছিল। অভিনয়ৰ লগতে জুপিতৰাই বিভিন্ন অনুষ্ঠানত ঘোষিকাৰ ভূমিকা পালন কৰিছে।

জুপিতৰা ভূঞা
জন্ম ১০ অক্টোবৰ, ১৯৮৩
গুৱাহাটী, অসম, ভাৰত
পেচা অভিনেতা, ঘোষিকা
সক্ৰিয় হৈ থকা সময় ১৯৯৭–বতৰ্মানলৈ

জন্ম সম্পাদনা কৰক

জুপিতৰা ভূঞাই অসমৰ ৰাজধানী নগৰ গুৱাহাটীত জন্মগ্ৰহণ কৰিছিল।

শিক্ষা সম্পাদনা কৰক

জুপিতৰা ভূঞাই গুৱাহাটীৰ তাৰিণী চৰণ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰি সন্ধিকৈ ছোৱালী মহাবিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰে ।

কেৰিয়াৰ সম্পাদনা কৰক

এক সাক্ষাৎকাৰত তেওঁ কয় যে প্ৰায় ২০০৩ চনত দূৰদৰ্শন গুৱাহাটীত হোৱা এটা প্ৰগ্ৰেমৰ জৰিয়তে তেওঁ অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল। ২০০৫ চনত শিবানন বৰুৱাৰ হিয়াৰ দাপোনত তোমাৰেই ছবি নামৰ চিনেমাখনেৰে ৰবি শৰ্মা আৰু বৰষা ৰাণী বিষয়াৰ সৈতে জুপিতৰা ভূঞাই অসমীয়া চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। উন্মনা মন, জোন তৰা আদি বিভিন্ন ভিচিডি ছবিতো তেওঁ অভিনয় কৰিছে।

তুমি যদি কোৱা সম্পাদনা কৰক

তুমি যদি কোৱা হৈছে চিম্পল গগৈৰ দ্বাৰা পৰিচালিত, সংলাপ আৰু চিত্ৰনাট্য ৰচনা কৰা অসমীয়া সংগীত আৰু ৰোমান্টিক নাটক নিহিত চলচ্চিত্ৰ আৰু প্ৰযোজনা কৰিছে টেৰন জিতুমনিয়ে ।[1] ছবিখনৰ অভিনেতা-অভিনেত্ৰীসকল হৈছে প্ৰসেনজিৎ বৰা, জুপিতৰা ভূঞা, মুনমী কলিতা, ৰূপম শৰ্মা, প্ৰিন্স, ভাস্কৰ ৰঞ্জন, ৰঞ্জন দত্ত, কৃষ্ণ। মেকআপ কৰিছে আকাশ গগৈ, সুভাষ আৰু বিজয়েতাই। ছবিখনৰ কাহিনী প্ৰস্তুত কৰিছে গৌতম ৰাভাই।ছবিখনে ২০১৩ চনৰ ১৪ জুনত মুক্তি লাভ কৰিছিল।

অজেয় সম্পাদনা কৰক

অজেয় জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত অসমীয়া ভাষাৰ চলচ্চিত্ৰ৷ সাহিত্য একাডেমী বঁটা বিজয়ী ১৯৯৭ চনত অৰুণ শৰ্মাৰ দ্বাৰা ৰচিত আৰু পৰিচালকে নিজে চিত্ৰনাট্য লিখা অসমীয়া উপন্যাস আশীৰবাদৰ ৰঙৰ আধাৰত অজেয় নিৰ্মিত হৈছে। শংকৰ লাল গোয়েংকাই প্ৰযোজনা কৰা এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰূপম চেতিয়া আৰু জুপিতৰা ভূঞাই। ২০১৪ চনৰ ৩ জানুৱাৰীত ছবিখনে মুক্তি পায়।[2]

ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ গ্ৰামাঞ্চলত সামাজিক দুষ্টতাৰ বিৰুদ্ধে যুঁজ দিয়া এজন সৎ, আদৰ্শ বিপ্লৱী যুৱক গজেন কেওটৰ সংগ্ৰাম চিত্ৰিত কৰিছে অজেয়ই। চিনেমাখনত জুপিতৰা ভূঞাই মুছলমান চৰিত্ৰ এটাৰ চৰিত্ৰত অভিনয় কৰিছিল।

অভিনীত চলচ্চিত্ৰ সম্পাদনা কৰক

সময় (চন) ছবিৰ নাম অভিনীত চৰিত্ৰ অন্যান্য
২০০৫ হিয়াৰ দাপোণত তোমাৰে ছবি লীজা জুপিতৰাৰ প্ৰথম চলচ্চিত্ৰ
২০১১ তোমাৰ খবৰ অঞ্জনা
২০১৩ তুমি যদি কোৱা সঞ্জনা ছবিখন পৰিচালনা কৰিছে চিম্পল গগৈয়ে (প্ৰথম পৰিচালনা ছবি)
২০১৩ অজেয় হাচিনা উক্ত ছবি খনৰ হাচিনা চৰিত্ৰটিৰ বাবে জুপিতৰা ভুঞা ২০১৪ চনৰ প্ৰাগ চিনে এৱাৰ্ডত শীৰ্ষ অভিনেত্ৰী শিতানৰ অধিকাৰী হৈছে
২০১৪ অথেলো টিনা

বাহ্যিক সংযোগ সম্পাদনা কৰক

  1. "Aiyushman Dutta - Simple Gogoi's debut film to hit big screens next month". on Sentinel Assam Newspaper. Archived from the original on 2014-01-12. https://web.archive.org/web/20140112065355/http://www.sentinelassam.com/saturday/saturday2.php?sec=17&subsec=0&ppr=3&dtP=2012-12-15। আহৰণ কৰা হৈছে: 15 December 2012. 
  2. Deka, Prantik (30 December 2013). "Jahnu Barua's Ajeyo releases on January 3". The Sentinel. Archived from the original on 2 November 2014. https://web.archive.org/web/20141102092512/http://www.sentinelassam.com/saturday/saturday1.php?sec=16&subsec=0&ppr=3&dtP=2013-12-30। আহৰণ কৰা হৈছে: 15 March 2014.