জৰ্জ হাবাৰ্ট (ইংৰাজী: George Herbert) সোতৰ শতিকাৰ ইংলেণ্ডৰ এজন মহান ভক্তিবাদী কবি আছিল।

জৰ্জ হাৰ্বাৰ্ট
জন্ম ৩ এপ্ৰিল, ১৫৯৩
মণ্টগোমাৰি, ৱেলছ
মৃত্যু ১ মাৰ্চ, ১৬৩৩ (৩৯ বছৰ)
বিমাৰ্টন, ৱিল্টশ্বায়াৰ, ইংলেণ্ড
পেচা
  • কবি
  • পুৰোহিত
  • ধৰ্মতত্ত্ববিদ
  • বক্তা
মাতৃশিক্ষায়তন ত্ৰিনিটি কলেজ, কেমব্ৰিজ
সাহিত্যিক বিপ্লৱ আধ্যাত্মিক কবিতা

জন্ম আৰু বংশ পৰিচয় সম্পাদনা কৰক

১৫৯৩ খ্ৰীষ্টাব্দৰ ৩ এপ্ৰিলত জৰ্জ হাবাৰ্টৰ জন্ম হৈছিল।[1] তেঁওৰ বয়স তিনিবছৰ হওতে তেওঁৰ পিতাকৰ মৃত্যু হৈছিল। তেওঁ মাতৃৰ নাম আছিল মেগডালিন হাবাৰ্ট।

শিক্ষা সম্পাদনা কৰক

ওৱেষ্টমিনষ্টাৰ স্কুলৰ পৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল আৰু ১৬১৬ চনত ট্ৰিনিটি বিশ্ববিদ্যালয় পৰা উচ্চ শিক্ষা লাভ কৰিছিল।

চাকৰি জীৱন সম্পাদনা কৰক

১৬১৮ চনত তেওঁ ট্ৰিনিটি কলেজত অলংকাৰ শাস্ত্ৰ ৰিজৰ পদত অধিষ্ঠিত হৈছিল। তাৰ পিছত ১৬১৯ চনত লোক বক্তাৰ পদত অধিষ্ঠিত হৈছিল। এই পদত হাবাৰ্টে এজন দক্ষ বক্তাৰ পৰিচয় দিছিল। ১৬২৪ চনত তেওঁ আকৌ মণ্টেগোমাৰি অঞ্চলৰ বাবে সংসদৰ সদস্যত নিৰ্বাচিত হৈছিল।

সাহিত্যৰাজি সম্পাদনা কৰক

হাবাৰ্টে প্ৰায় ১৫০টামান কবিতা ৰচনা কৰিছিল। তেওঁ কবিতাৰ প্ৰধান বিষয় বস্তু আছিল আত্মা আৰু শৰীৰৰ মাজৰ দ্বন্দ্ব। প্ৰায় ১৫০টামান কবিতা ৰচনা কৰাৰ পিছত তেওঁ শৰীৰ অসুস্থ হোৱা বাবে তেওঁ প্ৰিয় বন্ধু নিকোলাচ ফেয়াৰ (Nicholes Ferrar)ক মাতি আনি তেওঁৰ সমস্ত পাণ্ডুলিপি বন্ধুৰ হাতত গতাই দিছিল আৰু প্ৰকাশৰ যোগ্য হয় নে নহয় তাক বিচাৰ কৰাৰ ভাৰ দিছিল। পাণ্ডুলিপিসমূহ গতাই দিয়া কিছুদিন পিছতেই তেখেতৰ দেহাৱসান ঘটিছিল। তেওঁ মৃত্যু পাছত একে বছৰতে বন্ধু নিকোলাছ ফেয়াৰৰ তত্ত্বাৱধানত তেওঁৰ পাণ্ডুলিপিসমূহ 'দ্যা টেম্পল'(The Temple) শিৰোনামেৰে কিতাপ আকাৰত প্ৰকাশ কৰা হৈছিল।

মৃত্যু সম্পাদনা কৰক

১৬৩৩ চনৰ ১ মাৰ্চ তাৰিখে তেখেতৰ মৃত্যু হৈছিল।

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক