টনি মৰিছন

আমেৰিকান ঔপন্যাসিক, সাহিত্যিক, সম্পাদক, শিক্ষক আৰু অধ্যাপক

টনি মৰিছন (ইংৰাজী: Toni Morrison; জন্ম নাম: ক্লই আৰ্ডেলিয়া ৱ'ফোৰ্ড;[2] ১৮ ফেব্ৰুৱাৰী ১৯৩১ – ৫ আগষ্ট ২০১৯) এগৰাকী আমেৰিকান ঔপন্যাসিক, সাহিত্যিক, সম্পাদক, শিক্ষক আৰু অধ্যাপক। তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ সন্মানীয় অধ্যাপক আছিল। ১৯৭০ চনত তেওঁৰ প্ৰথম উপন্যাস "দা ব্লুৱেষ্ট আই" প্ৰকাশিত হৈছিল। তাৰপিছত ১৯৭৭ চনত প্ৰকাশিত হোৱা উপন্যাস "চং অফ চ'ল'মন"ৰ বাবে তেওঁ নেচনেল বুক ক্ৰিটিক্স চাৰকেল বঁটা লাভ কৰিছিল। ১৯৮৮ চনত "বিলাভড" উপন্যাসৰ বাবে তেওঁ আমেৰিকান বুক এৱাৰ্ড আৰু কল্পসাহিত্যৰ পুলিৎজাৰ বঁটা লাভ কৰিছিল।

টনি মৰিছন

টনি মৰিছন, ১৯৯৮
জন্ম ক্লই আৰ্ডেলিয়া ৱ'ফোৰ্ড
১৮ ফেব্ৰুৱাৰী, ১৯৩১[1]
লৰেইন, অহাইঅ', আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ৫ আগষ্ট, ২০১৯ (৮৮ বছৰ)
নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
মাতৃশিক্ষায়তন হোৱাৰ্ড বিশ্ববিদ্যালয় (বি.এ.)
কৰ্ণেল বিশ্ববিদ্যালয় (এম.এ.)
ধৰণ আমেৰিকান সাহিত্য
উল্লেখনীয় কৰ্মৰাজি
  • বিলাভড
  • চং অফ চ'ল'মন
  • টাৰ বেবী
  • দা ব্লুৱেষ্ট আই
উল্লেখযোগ্য বঁটা

স্বাক্ষৰ

১৯৩১ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে অহাইঅ'ৰ লৰেইনত জন্ম গ্ৰহণ কৰা টনি মৰিছনে ১৯৫৩ চনত হোৱাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। পিছলৈ তেওঁ কৰ্ণেল বিশ্ববিদ্যালয়ৰ পৰা তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। তেওঁ হোৱাৰ্ড বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগৰ অধ্যাপনা কৰি থাকোঁতে হাৰল্ড মৰিছনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। দুটা সন্তান জন্ম হোৱাৰ পিছত ১৯৬৪ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। ১৯৬০ৰ দশকৰ শেষৰ ফালে তেওঁ "ৰেণ্ডম হাউচ"ৰ প্ৰথম কৃষ্ণাংগ সম্পাদক হিচাপে নিযুক্তি লাভ কৰিছিল। মৰিছনে ১৯৭০ আৰু ১৯৮০ৰ দশকত তেওঁ নিজৰ সুকীয়া লিখনশৈলীৰে এগৰাকী প্ৰতিষ্ঠিত লেখিকা হিচাপে পৰিগণিত হৈছিল। তেওঁৰ বিখ্যাত উপন্যাস "বিলাভড"ৰ আধাৰিত ১৯৯৮ চনত অপ‌্‌ৰাহ ৱিনফ্ৰেয়ে একে নামেৰে চলচ্চিত্ৰ নিৰ্মাণ কৰিছিল।

১৯৯৩ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।[3] ১৯৯৬ চনত নেচনেল এণ্ডৱমেণ্ট ফৰ দা হিউমেনিটিছে তেওঁক আমেৰিকাৰ সৰ্বোচ্চ মানৱীকি উপলব্ধি জেফাৰছন বক্তৃতাৰ বাবে বাছনি কৰে। একে বছৰে তেওঁ নেচনেল বুক ফাউণ্ডেচনৰ আমেৰিকান সাহিত্যলৈ অসাধাৰণ অৱদান পদক লাভ কৰিছিল। তেওঁ নতুন অপেৰাৰ বাবে লিব্ৰেটো লিখিছিল আৰু ২০০৫ চনত ইয়াক প্ৰথমবাৰৰ বাবে পৰিবেশন কৰা হৈছিল। ২০১২ চনৰ ২৯ মে' তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামায়ে তেওঁক আমেৰিকাৰ সৰ্বোচ্চ অসামৰিক সন্মান "প্ৰেচিডেন্সিয়েল মেডেল অফ ফ্ৰীডম" প্ৰদান কৰিছিল। ২০১৬ চনত তেওঁ আমেৰিকান কল্পসাহিত্যৰ পেন/চাউল বেল' বঁটা লাভ কৰিছিল।

২০১৯ চনৰ ৫ আগষ্ট তাৰিখে নিউয়ৰ্ক মহানগৰৰ মন্তেফিয়ৰে মেডিকেল চেণ্টাৰত নিউম'নিয়া ৰোগত আক্ৰান্ত হৈ ৮৮ বছৰ বয়সত টনি মৰিছনৰ মৃত্যু হয়।

তথ্য উৎস সম্পাদনা কৰক

  1. "Toni Morrison Fast Facts". CNN. https://www.cnn.com/2013/04/14/us/toni-morrison-fast-facts/index.html। আহৰণ কৰা হৈছে: February 16, 2018. 
  2. Duvall, John N. (2000). The Identifying Fictions of Toni Morrison: Modernist Authenticity and Postmodern Blackness. Palgrave Macmillan. পৃষ্ঠা. 38. ISBN 978-0-312-23402-7. https://books.google.com/books?id=iHbeC1I_aWUC&pg=PA38. "After all the published biographical information on Morrison agrees that her full name is Chloe Anthony Wofford, so that the adoption of 'Toni' as a substitute for 'Chloe' still honors her given name, if somewhat obliquely. Morrison's middle name, however, was not Anthony; her birth certificate indicates her full name as Chloe Ardelia Wofford, which reveals that Ramah and George Wofford named their daughter for her maternal grandmother, Ardelia Willis." 
  3. Fox, Margalit (6 August 2019). "Toni Morrison, Towering Novelist of the Black Experience, Dies at 88". The New York Times. https://www.nytimes.com/2019/08/06/books/toni-morrison-dead.html?campaign_id=60&instance_id=0&segment_id=15916&user_id=579ae23cfcbd75c9aac87cb571cc201c&regi_id=72995439ing-news। আহৰণ কৰা হৈছে: 6 August 2019. 
  4. Schappell, Elissa; Lacour, Claudia Brodsky (Fall 1993). "Toni Morrison, The Art of Fiction No. 134". The Paris Review (128). http://www.theparisreview.org/interviews/1888/the-art-of-fiction-no-134-toni-morrison. 

বাহ্যিক সংযোগ সম্পাদনা কৰক