ডিমিট্ৰি মুৰাটভ

ৰাছিয়ান সাংবাদিক

ডিমিট্ৰি আন্দ্ৰেয়েভিচ মুৰাটভ (ইংৰাজী: Dmitry Muratov, জন্ম: ৩০ অক্টোবৰ ১৯৬১) এগৰাকী ৰাছিয়ান সাংবাদিক আৰু ৰাছিয়াৰ বাতৰি কাকত নোভায়া গাজেটাৰ মুখ্য সম্পাদক।[1] গণতন্ত্ৰ আৰু স্থায়ী শান্তিৰ বাবে পূৰ্বচৰ্ত বুলি বিবেচিত মত প্ৰকাশৰ স্বাধীনতাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে ২০২১ বৰ্ষত সাংবাদিক মাৰিয়া ৰেচ্ছা আৰু তেওঁ যুটীয়াভাৱে শান্তিৰ ন'বেল বঁটা লাভ কৰে।[2] মুৰাটভে ১৯৯৩ চনত আন কেইবাজনো সাংবাদিকৰ সৈতে গণতন্ত্ৰ পন্থী বাতৰি কাকত নোভায়া গাজেটাৰ প্ৰতিষ্ঠা কৰিছিল। তেওঁ ১৯৯৫ চনৰ পৰা ২০১৭ চনলৈ বাতৰি কাকতৰ মুখ্য সম্পাদক আছিল। পুনৰ ২০১৯ চনত তেওঁ এই পদ গ্ৰহণ কৰিছিল। বাতৰি কাকতখন চৰকাৰী দুৰ্নীতি আৰু মানৱ অধিকাৰ উলংঘনৰ দৰে সংবেদনশীল বিষয়ৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে জনাজাত।[3] মুখ্য সম্পাদক হিচাপে তেওঁ পুটিন চৰকাৰৰ সমালোচনা কৰা আন্না পলিটকভস্কায়াৰ প্ৰবন্ধ প্ৰকাশ কৰিছিল। সাংবাদিক সুৰক্ষা সমিতিৰ মতে মুৰাটভে "বৰ্তমান ৰাছিয়াত ৰাষ্ট্ৰীয় প্ৰভাৱ থকা একমাত্ৰ গুৰুত্বপূৰ্ণ বাতৰি কাকত" সৃষ্টি কৰাত সহায় কৰিছিল।[4] চেচনিয়া আৰু উত্তৰ ককেছাছৰ অশান্ত পৰিস্থিতিৰ বিষয়ে আলোকপাত কৰাত তেওঁৰ কাকত যথেষ্ট প্ৰভাৱশালী ভূমিকা পালন কৰিছে।

ডিমিট্ৰি মুৰাটভ

২০১৮ চনৰ জুনত ডিমিট্ৰি মুৰাটভ
স্থানীয় নাম Дмитрий Муратов
জন্ম ডিমিট্ৰি আন্দ্ৰেয়েভিচ মুৰাটভ
৩০ অক্টোবৰ, ১৯৬১ (৬২ বছৰ)
কুইবিশ্বেভ, কুইবিশ্বেভ ওব্লাষ্ট, ৰাছিয়ান এছএফএছআৰ, ছোভিয়েট ইউনিয়ন
নাগৰিকত্ব ৰাছিয়া
শিক্ষা কুইবিশ্বেভ ৰাজ্যিক বিশ্ববিদ্যালয়
পেচা
  • সাংবাদিক
  • টেলিভিছন পৰিবেশক
  • সম্পাদক
সক্ৰিয় হৈ থকা সময় ১৯৮৭ – বৰ্তমান
নিয়োগকৰ্তা নোভায়া গাজেটা
বঁটা, সন্মান, পুৰস্কাৰ আদি শান্তিৰ ন'বেল বঁটা, ২০২১
ৱেবছাইট
novayagazeta.ru/authors/12

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

১৯৬১ চনৰ ৩০ অক্টোবৰ তাৰিখে ৰাছিয়াৰ কুইবিশ্বেভত (বৰ্তমান চামাৰা) ডিমিট্ৰি মুৰাটভৰ জন্ম হৈছিল।[5] তেওঁ পাঁচ বছৰ কুইবিশ্বেভ ষ্টেট ইউনিভাৰ্চিটিৰ ফিলোলজী অনুষদত পাঁচ বছৰ অধ্যয়ন কৰিছিল। ইয়াত অধ্যয়ন কৰি থাকোঁতে তেওঁ সাংবাদিকতাৰ প্ৰতি তেওঁৰ আগ্ৰহ আৱিষ্কাৰ কৰিছিল। কলেজত থাকোঁতে তেওঁ স্থানীয় বাতৰি কাকতৰ সৈতে যোগাযোগ কৰিছিল আৰু সাংবাদিকতাত আংশিক সময়ৰ বাবে চাকৰি কৰিছিল।

কুইবিশ্বেভ ষ্টেট ইউনিভাৰ্চিটিত শিক্ষা সমাপ্ত কৰি তেওঁ ১৯৮৩ চনৰ পৰা ১৯৮৫ চনলৈ ছোভিয়েট সেনাবাহিনীত সেৱা আগবঢ়াইছিল। মুৰাটভে সামৰিক বাহিনীত তেওঁৰ কাৰ্যকলাপৰ বিষয়ে উল্লেখ কৰি নিজকে সঁজুলি চৰ্টিঙৰ বাবে দায়বদ্ধ বিশেষজ্ঞ বুলি অভিহিত কৰিছিল।

কৰ্মজীৱন সম্পাদনা কৰক

১৯৮৭ চনত মুৰাটভে 'ভলজস্কি কমচমলেটছ' বাতৰি কাকতৰ সংবাদদাতা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁৰ উৰ্ধতন বিষয়াসকল ইমানেই প্ৰভাৱিত হৈছিল যে তেওঁৰ কৰ্মজীৱনৰ প্ৰথম বছৰৰ শেষৰ ফালে তেওঁক 'কমচোমোলস্কায়া প্ৰাৱদা'ৰ যুৱ বিভাগৰ মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। পিছলৈ তেওঁ এই বাতৰি প্ৰতিবেদনৰ সম্পাদকলৈ পদোন্নতি দিয়া হয়।[6] মুৰাটভে ১৯৯২ চনত কমচোমোলস্কায়া প্ৰাৱদাৰ চাকৰি ত্যাগ কৰিছিল।[7]

নোভায়া গাজেটা সম্পাদনা কৰক

১৯৯৩ চনত মুৰাটভ আৰু কমচোমোলস্কায়া প্ৰাৱদাৰ প্ৰায় ৫০ গৰাকীতকৈ বেছি আন সহকৰ্মীয়ে নোভায়া গাজেটা শীৰ্ষক তেওঁলোকৰ নিজা কাকত আৰম্ভ কৰে। তেওঁলোকৰ লক্ষ্য আছিল ৰাছিয়াৰ নাগৰিকসকলৰ বাবে "এক সৎ, স্বতন্ত্ৰ আৰু সামৰ্থৱান"[8] কাকত হিচাপে পৰিগণিত হোৱা। বাতৰি কাকতখনে মূলতঃ মানৱ অধিকাৰৰ বিষয়, দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰৰ গভীৰ অনুসন্ধান কৰাৰ বাবে জনাজাত। নোভায়া গাজেটাৰ নিউজৰুম দুটা কম্পিউটাৰ, দুটা কোঠা, এটা প্ৰিণ্টাৰ আৰু কৰ্মচাৰীসকলৰ বাবে কোনো দৰমহা নোহোৱাকৈ আৰম্ভ হৈছিল। প্ৰাক্তন ছোভিয়েট ৰাষ্ট্ৰপতি মিখাইল গৰ্বাচেভে কাকতখনৰ দৰমহা আৰু কম্পিউটাৰৰ বাবে পৰিশোধ কৰিবলৈ তেওঁৰ শান্তিৰ ন'বেল বঁটাৰ কিছু ধন উদাৰতাৰে দান কৰিছিল। মুৰাটভক নোভায়া গাজেটাৰ উপ প্ৰেছ সম্পাদক হিচাপে মনোনীত কৰা হৈছিল।[9] ১৯৯৪ চনৰ ডিচেম্বৰ মাহৰ পৰা ১৯৯৫ চনৰ জানুৱাৰী মাহলৈ অনুষ্ঠিত প্ৰথম চেচেন যুদ্ধৰ যুদ্ধ ক্ষেত্ৰত মুৰাটভ সংবাদদাতা হিচাপে কৰ্মৰত আছিল।

১৯৯৫ চনত তেওঁ নোভায়া গাজেটাৰ সম্পাদকমণ্ডলীৰ মুৰব্বী পদত অধিষ্ঠিত হৈছিল আৰু ২০১৭ চনলৈকে তেওঁ এই পদত অধিষ্ঠিত আছিল। তাৰপিছত তেওঁ পুনৰ নিৰ্বাচনত অৱতীৰ্ণ নহ'ব বুলি কৈছিল। যদিও ২০১৯ চনত মুৰাটভে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু নোভায়া গাজেটাৰ সম্পাদকমণ্ডলীৰ মুৰব্বী হিচাপে পুনৰ নিৰ্বাচিত হৈছিল।[9] সাংবাদিক সুৰক্ষা সমিতিয়ে নোভায়া গাজেটাক "বৰ্তমান ৰাছিয়াত ৰাষ্ট্ৰীয় প্ৰভাৱ থকা একমাত্ৰ গুৰুত্বপূৰ্ণ সমালোচনামূলক বাতৰি কাকত" হিচাপে উল্লেখ কৰিছে। মুৰাটভে প্ৰায়ে মানৱ অধিকাৰ উলংঘন, উচ্চ পৰ্যায়ৰ চৰকাৰী দুৰ্নীতি আৰু ক্ষমতাৰ অপব্যৱহাৰকে ধৰি সংবেদনশীল বিষয়বোৰৰ ওপৰত প্ৰতিবেদন প্ৰস্তুত কৰে। তেওঁৰ ৰাজনৈতিক বিশ্বাস যেনে সংবাদ মাধ্যমৰ স্বাধীনতাক সমৰ্থন কৰাৰ বাবে তেওঁৰ সহ-সাংবাদিক আৰু চৰকাৰৰ সৈতে কেইবাটাও সংঘাতৰ সূত্ৰপাত হৈছে।[4]

 
মুৰাটভে ২০০৯ চনত ৰাষ্ট্ৰপতি মেদভেদেভৰ সাক্ষাৎকাৰ লোৱা মুহূৰ্ত

নোভায়া গাজেটাৰ সম্পাদনা সমিতিৰ মুৰব্বী হিচাপে মুৰাটভৰ কাৰ্যকালত ইয়াৰ ছয়জন সাংবাদিক নিহত হৈছে। ২০০০ চনত মস্কোৰ এটা এপাৰ্টমেণ্ট ভৱনত ইগৰ ডমনিকভক হত্যা কৰা হয়। ২০০১ চনত চেচনীয়াত সংঘটিত গুলীচালনাত আহত হৈ ভিক্টৰ পপকভৰ মৃত্যু হয়। ২০০৩ চনত ৰাছিয়াৰ উচ্চ পদস্থ বিষয়াসকল জড়িত থকা দুৰ্নীতি কেলেংকাৰীৰ তদন্ত কৰি য়ুৰি শ্চেকোচিখিনৰ মৃত্যু হয়। চেচনিয়া আৰু উত্তৰ ককেছাছক সামৰি নিজৰ কেৰিয়াৰ অতিবাহিত কৰাৰ পিছত ২০০৬ চনত আন্না পলিটকভস্কায়াক তেওঁৰ এপাৰ্টমেণ্ট ব্লকত হত্যা কৰা হৈছিল। ২০০৯ চনত আনাস্তাছিয়া বাবুৰোভা আৰু নাটালিয়া এষ্টেমিৰোভা দুয়োকে গুলীয়াই হত্যা কৰা হয়।[10]

মুৰাটভে ২০১৭ চনত কাকতখন চলোৱাৰ ক্লান্তিকৰ প্ৰকৃতিক কৃতিত্ব দি কাকতখনৰ পৰা পদত্যাগ কৰিছিল।[11] মুৰাটভে ২০ বছৰতকৈও অধিক সময় বয়সৰ মুখ্য সম্পাদক হিচাপে অতিবাহিত কৰিছিল। কাকতখনৰ কৰ্মচাৰীসকলে তেওঁৰ উভতি অহাৰ বাবে ভোট দিয়াৰ পিছত তেওঁ ২০১৯ চনত পুনৰ তেওঁৰ পদবীলৈ ঘূৰি আহে।[12] মুৰাটভ য়াব্লোকো ৰাজনৈতিক দলৰ সদস্য।[13]

বঁটা আৰু সন্মান সম্পাদনা কৰক

মুৰাটভে সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে বহুতো বঁটা আৰু সন্মান লাভ কৰিছে। বিপদৰ সন্মুখীন হৈ সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁৰ সাহসিকতাৰ বাবে তেওঁ ২০০৭ চনত সাংবাদিক সুৰক্ষা সমিতিৰ পৰা আন্তৰ্জাতিক প্ৰেছ স্বাধীনতা বঁটা লাভ কৰিছিল।[14] ২০১০ চনৰ ২৯ জানুৱাৰীত সাংবাদিকৰ স্বাধীনতাৰ প্ৰতি থকা স্থিতিৰ বাবে ফ্ৰান্স চৰকাৰে তেওঁক ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মান লিজিয়ন অফ অনাৰ অৰ্ডাৰ প্ৰদান কৰে।[15] মুৰাটভে ২০১০ চনৰ মে মাহত নোভায়া গাজেটাৰ হৈ ফৰ ফ্ৰীদম বঁটা লাভ কৰিছিল।[16] ২০১৬ চনত মুৰাটভে ৱৰ্ল্ড এছ'চিয়েশ্যন অৱ নিউজ পাব্লিচাৰ্ছৰ পৰা গোল্ডেন পেন অৱ ফ্ৰীডম বঁটা গ্ৰহণ কৰে।

'গণতন্ত্ৰ আৰু স্থায়ী শান্তিৰ বাবে পূৰ্বচৰ্ত বুলি বিবেচিত মত প্ৰকাশৰ স্বাধীনতাক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ প্ৰচেষ্টাৰ বাবে' ২০২১ বৰ্ষত সাংবাদিক মাৰিয়া ৰেচ্ছা আৰু ডিমিট্ৰি মুৰাটভে যুটীয়াভাৱে শান্তিৰ ন'বেল বঁটা লাভ কৰে।[17]

তথ্য উৎস সম্পাদনা কৰক

  1. "Главным редактором "Новой газеты" стал Сергей Кожеуров". Novaya Gazeta. 17 November 2017. https://www.novayagazeta.ru/news/2017/11/17/137108-glavnym-redaktorom-novoy-gazety-stal-sergey-kozheurov। আহৰণ কৰা হৈছে: 17 November 2017. 
  2. The Nobel Peace Prize 2021
  3. "Dmitry Muratov, Editor of Novaya Gazeta, Russia". http://cpj.org/awards/2007/muratov.php. 
  4. 4.0 4.1 Lundstrom, Hedvig (2016-06-03). "Biography of 2016 Golden Pen of Freedom Laureate Dmitry Muratov". World Association of Newspapers and News Publishers. Archived from the original on 2021-10-08. https://web.archive.org/web/20211008164358/https://archive.wan-ifra.org/articles/2016/06/03/biography-of-2016-golden-pen-of-freedom-laureate-dmitry-muratov। আহৰণ কৰা হৈছে: 2021-10-09. 
  5. "Dmitry Muratov". Nobelprize.org. https://www.nobelprize.org/prizes/peace/2021/muratov/facts/। আহৰণ কৰা হৈছে: 8 October 2021. 
  6. "Dmitry Muratov: biografija, novinarske aktivnosti". https://hr.puntomarinero.com/dmitry-muratov-biography-journalistic-activities/. 
  7. Yablokov, Ilya. "Nobel peace prize: how Dmitry Muratov built Russia's 'bravest' newspaper, Novaya Gazeta" (en ভাষাত). The Conversation. http://theconversation.com/nobel-peace-prize-how-dmitry-muratov-built-russias-bravest-newspaper-novaya-gazeta-169560। আহৰণ কৰা হৈছে: 2021-10-08. 
  8. "Dmitry Muratov, Editor of Novaya Gazeta, Russia". https://cpj.org/awards/muratov-2/. 
  9. 9.0 9.1 "Главным редактором "Новой газеты" вновь избрали Дмитрия Муратова". РБК. https://www.rbc.ru/technology_and_media/15/11/2019/5dce8fab9a7947c2d1c81745. 
  10. "Russian opposition newspaper will arm its journalists". 26 October 2017. https://www.theguardian.com/world/2017/oct/26/russian-opposition-newspaper-will-arm-its-journalists. 
  11. "After 22 Years, Novaya Gazeta Editor Dmitry Muratov Steps Down". 13 November 2017. https://www.themoscowtimes.com/2017/11/13/novaya-gazeta-editor-steps-down-a59561. 
  12. "Russian media veteran Dmitry Muratov returns to 'Novaya Gazeta' editor-in-chief post". Meduza. https://meduza.io/en/news/2019/11/15/russian-media-veteran-dmitry-muratov-returns-to-novaya-gazeta-editor-in-chief-post. 
  13. Yabloko, Author. "Russian Democratic Party Yabloko –". Russian Democratic Party Yabloko. https://eng.yabloko.ru/. 
  14. "CPJ congratulates Maria Ressa and Dmitry Muratov for winning the 2021 Nobel Peace Prize". CPJ. https://cpj.org/2021/10/cpj-congratulates-maria-ressa-and-dmitry-muratov-for-winning-the-2021-nobel-peace-prize/। আহৰণ কৰা হৈছে: 8 October 2021. 
  15. "Watchdog". RadioFreeEurope/RadioLiberty. https://www.rferl.org/Watchdog. 
  16. "Yhe Franklin Delano Roosevelt Four Freedoms Awards 2020". https://www.roosevelt.nl/sites/zl-roosevelt/files/ffa_2010.pdf. [সংযোগবিহীন উৎস]
  17. "The Nobel Peace Prize 2021" (en-US ভাষাত). NobelPrize.org. https://www.nobelprize.org/prizes/peace/2021/press-release/। আহৰণ কৰা হৈছে: 2021-10-08. 

বাহ্যিক সংযোগ সম্পাদনা কৰক