ডী ডী অসম

অসমৰ চৰকাৰী দূৰদৰ্শন কেন্দ্ৰ

ডী ডী অসম (ইংৰাজী: DD Assam) হৈছে ভাৰতৰ চৰকাৰী প্ৰতিষ্ঠান প্ৰচাৰ ভাৰতীৰ দ্বাৰা পৰিচালিত অসমকেন্দ্ৰীক টেলিভিছন চেনেল। পূৰ্বতে এই চেনেলটোক গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ তথা ডী ডী নৰ্থ ইষ্ট নামেৰে জনা গৈছিল। ১ ডিচেম্বৰ ২০১৯ তাৰিখৰ পৰা ডী ডী অসমৰ পৰীক্ষামূলক সম্প্ৰচাৰ আৰম্ভ হয়।[1] ২০২০ চনৰ ৪ আগষ্টত চেনেলটোক আনুষ্ঠানিক ৰূপে মুকলি কৰা হয় আৰু ই ডী ডী নৰ্থ ইষ্ট চেনেলৰ স্থান লয়।[2]

ডী ডী অসম
ডী ডী অসমৰ ল'গ'
উদ্বোধন ১৯৮২ (গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ নামেৰে)
২০২০ (ডী ডী অসম নামেৰে)
গৰাকী প্ৰচাৰ ভাৰতী
দেশ ভাৰত
ভাষা অসমীয়া, ইংৰাজী
মুখ্য কাৰ্যালয় গুৱাহাটী, অসম, ভাৰত
ৱেবছাইট prasarbharati.gov.in/dd-assam-playlist/
উপলদ্ধতা
কৃত্ৰিম উপগ্ৰহ
এয়াৰটেল ডিজিটেল টিভি (ভাৰত) চেনেল ৬৪৭
ৰিলায়েন্স বিগ টিভি (ভাৰত) চেনেল ৮৮৩
ডিডি ফ্ৰী ডিছ (ভাৰত) চেনেল ০০৫২
ডিছ টিভি (ভাৰত) চেনেল ১৫১৩
চান ডাইৰেক্ট ডি টি এইচ (ভাৰত) চেনেল ৬৯২
টাটা স্কাই (ভাৰত) চেনেল ১৯৯৮
ভিডিঅ'কন ডি টি এইচ (ভাৰত) চেনেল ৮৪৪
কেবল টিভি
এচিচি চেনেল ০২৯

ইতিহাস সম্পাদনা কৰক

আৰম্ভণিতে ডী ডী নৰ্থ ইষ্ট উত্তৰ-পূব ভাৰতৰ এক সংযুক্ত চেটেলাইট চেনেল আছিল য'ত অসমীয়া, ইংৰাজী, হিন্দীৰ উপৰিও উত্তৰ-পূব ভাৰতৰ বিভিন্ন ভাষাত অনুষ্ঠান সম্প্ৰচাৰিত হৈছিল। এই চেনেলত গুৱাহাটীৰ লগতে উত্তৰ-পূব ভাৰতৰ আন আন দূৰদৰ্শন কেন্দ্ৰ যেনে: আগৰতলা, ক'হিমা, ইম্ফল, শিলচৰ, ডিব্ৰুগড়, তুৰা, আইজল, ইটানগৰ আৰু শ্বিলঙ কেন্দ্ৰৰ পৰাও অনুষ্ঠান সম্প্ৰচাৰিত কৰা হৈছিল। অনুষ্ঠানসমূহ প্ৰধানকৈ জ্ঞানমূলক, কৃষি, স্বাস্থ্য, তথ্যমূলক, ধাৰাবাহিক আৰু বাতৰি। দূৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি সম্প্ৰচাৰিত হৈছিল ১৯৯২ চনত।[3]

অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহে অসমৰ বাবে এক সূকীয়া ২৪ ঘণ্টীয়া দূৰদৰ্শন চেনেলৰ দাবী কৰি আহিছিল।[4]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Doordarshan channels have seen good growth in viewership in 2019: I&B min". টেলিভিছন প'ষ্ট. ১১ মাৰ্চ ২০২০. https://www.televisionpost.com/doordarshan-channels-have-seen-good-growth-in-viewership-in-2019-ib-min/। আহৰণ কৰা হৈছে: ২১ এপ্ৰিল ২০২০. [সংযোগবিহীন উৎস]
  2. "I&B Minister Prakash Javadekar launches ‘DD Assam’". Financial Express. 2020-08-04. https://www.financialexpress.com/brandwagon/ib-minister-prakash-javadekar-launches-dd-assam/2044631/. 
  3. "গুৱাহাটী দূৰদৰ্শনৰ বিষয়ে". ddkguwahati.gov.in. Doordarshan Kendra Guwahati. ২০১৬. Archived from the original on 2018-12-14. https://web.archive.org/web/20181214183122/http://ddkguwahati.gov.in/aboutus.asp। আহৰণ কৰা হৈছে: নবেম্বৰ ২৯, ২০১৬. 
  4. "Turn DDK, Guwahati into 24x7 State channel". দ্য আছাম ট্ৰিবিউন. ২৯ ডিচেম্বৰ ২০১৮. Archived from the original on 2018-12-29. https://web.archive.org/web/20181229121329/http://www.assamtribune.com/scripts/detailsnew.asp?id=dec2918/city055। আহৰণ কৰা হৈছে: ২১ এপ্ৰিল ২০২০.