ভাৰতত তিনি তালাক (ইংৰাজী: Triple talaq), যাক তালাক-ই-বিদ্দাত, তাৎক্ষণিক বিবাহ বিচ্ছেদ[1] বা তালাক-ই-মোগললাজা (অপৰিৱৰ্তিত বিবাহ বিচ্ছেদ)[2] বুলিও কোৱা হয়, হৈছে এক প্ৰকাৰৰ বিবাহ বিচ্ছেদৰ প্ৰথা যি ভাৰতমুছলমানসকলৰ মাজত প্ৰচলিত হৈ আহিছে। এই প্ৰথা বিশেষকৈ হানাফি সুন্নি ইছলাম সম্প্ৰদায়ৰ লোকসকলৰ মাজত সচৰাচৰ দেখা যায়।[3][4] এই প্ৰথাই যিকোনো মুছলমান পুৰুষক মৌখিক, লিখিত বা অধিক শেহতীয়াকৈ ইলেক্ট্ৰনিক ৰূপত তিনিবাৰ ‘তালাকʼ (বিবাহবিচ্ছেদৰ বাবে আৰবী শব্দ) শব্দটো উচ্চাৰণ কৰি আইনীভাৱে তেওঁৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিবলৈ সক্ষম কৰিছিল।

ভাৰতত তিনি তালাকৰ স্থিতি এক বিতৰ্কৰ বিষয় হৈ আহিছে। যিসকলে এই প্ৰথাৰ ওপৰত প্ৰশ্ন কৰে তেওঁলোকে ন্যায়, লিঙ্গ সমতা, মানৱ অধিকাৰ আৰু ধৰ্মনিৰপেক্ষতা বিষয়ক প্ৰসংগও ইয়াৰ লগত উত্থাপন কৰে। এই প্ৰসংগটো ভাৰত চৰকাৰ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ও জড়িত, আৰু ভাৰতৰ অভিন্ন অসামৰিক বিধি (অনুচ্ছেদ ৪৪, Uniform Civil Code) সম্পৰ্কে তৰ্কৰ সৈতে সংযোজিত হৈ আছে।[5] ২২ আগষ্ট ২০১৭ ত, ভাৰতীয় উচ্চতম ন্যায়ালয়ে তাৎক্ষণিক তিনি তালাক (তালাক-ই-বিদদাহ) অসাংবিধানিক বুলি বিবেচনা কৰে।[6][7][8] পেনেলৰ পাঁচজন ন্যায়াধীশৰ ভিতৰত তিনিজনে সন্মতি দিছিল যে তিনি তালাকৰ প্ৰথা অসাংবিধানিক।[9] বাকী দুজনে অনুশীলনটো সাংবিধানিক বুলি ঘোষণা কৰিছিল।[10] ভাৰতৰ তিনিখন চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু শ্ৰীলংকাকে ধৰি ২৩খন দেশে তিনি তালাক নিষিদ্ধ কৰে।[11] ইছলামৰ শাস্ত্ৰ কোৰানে এনেধৰণৰ বিবাহ বিচ্ছেদ পৰিহাৰ কৰাৰ উপায় স্থাপন কৰিছিল।[12] কোৰান শাস্ত্ৰৰ মতে বিবাহ বিচ্ছেদ চূড়ান্ত হোৱাৰ আগতে তিনি মাহৰ দুটা অপেক্ষাৰ সময় নিৰ্ধাৰণ কৰা হয়।[12] এই সময়ছোৱাত স্বামীয়ে তেওঁৰ সিদ্ধান্ত পুনৰবিবেচনা কৰিবলৈ সময় পায়। কিন্তু তিনি তালাকত এনে অনুশীলন কৰা নহৈছিল।[12] ২০১৯ চনৰ ৩০ জুলাইত, ভাৰতৰ সংসদে তিনি তালাকৰ প্ৰথা অবৈধ আৰু অসাংবিধানিক ঘোষণা কৰে আৰু ইয়াক ১ আগষ্ট ২০১৯ ৰ পৰা শাস্তিযোগ্য কাৰ্য হিচাপে বিবেচনা কৰে।

তিনি তালাকৰ ওপৰত আইনী নিষেধাজ্ঞা সম্পাদনা কৰক

মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯ত এক দীঘলীয়া আলোচনাৰ পিছত ২৬ জুলাই ২০১৯ত গৃহীত হৈছিল আৰু বিৰোধীসকলে অৱশেষত ইয়াৰ ওপৰত ইতিবাছক ৰায় দিছিল। ফলত ২০১৯ চনৰ ১ আগষ্টত ভাৰতত তিনি তালাক অবৈধ বুলি ঘোষনা কৰা হʼল। তেতিয়াৰ পৰা যিকোনো প্ৰকাৰৰ তাৎক্ষণিক তিনি তালাক যেনে কোৱা, লিখা, ইমেইল বা এছএমএছৰ দৰে ইলেক্ট্ৰনিক উপায়ৰ দ্বাৰা কৰা বিবাহ বিচ্ছেদ অবৈধ হৈ পৰিল। নতুন আইনৰ অধীনত, যি পুৰুষে এনে কৰে, তেওঁৰ তিনি বছৰলৈকে কাৰাবাস হʼব পাৰে। এনে ক্ষেত্ৰত এগৰাকী পীড়িত মহিলাই তেওঁৰ ওপৰত নিৰ্ভৰশীল সন্তানৰ বাবে তত্ত্বাৱধানৰ দাবী কৰাৰ অধিকাৰ প্ৰাপ্ত কৰে।[13]

চৰকাৰে প্ৰথমে ২২ আগষ্ট ২০১৭ ত বিধেয়কখন সংসদলৈ উত্থাপন কৰিছিল।[14] ৰাষ্ট্ৰীয় জনতা দল, সৰ্বভাৰতীয় মাজলিছ-ই-ইত্তাহাডুল মুছলমান, বিজু জনতা দল, সৰ্বভাৰতীয় অন্ন দ্ৰাবিড় মুন্নেত্ৰ কাঝাগাম, ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু সৰ্বভাৰতীয় মুছলিম লীগৰ সাংসদসকলে বিধেয়কখনৰ বিৰোধিতা কৰিছিল। কেইবাজনো বিৰোধী আইন প্ৰণেতাই ইয়াক পৰীক্ষাৰ বাবে এটা নিৰ্বাচিত সমিতিলৈ প্ৰেৰণ কৰিবলৈ কৈছিল। ইয়াক ২৮ ডিচেম্বৰ ২০১৭ তাৰিখে লোকসভা, বা ভাৰতীয় সংসদৰ নিম্ন গৃহৰ দ্বাৰা গৃহীত কৰা হৈছিল, য'ত বেছিভাগ আসন শাসকদল বিজেপিৰ অধিনত আছিল।[15][16][17]

নৰেন্দ্ৰ মোদী চৰকাৰ, ৰাজ্যসভাৰ বাবে এক ডাঙৰ ৰাজনৈতিক জয়, য'ত শাসনাধিষ্ঠ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোট (এনডিএ, National Democratic Alliance)-ৰ সংখ্যাগৰিষ্ঠতা নাছিল। এক দীঘলীয়া বিতৰ্কৰ পিছত ৩০ জুলাই ২০১৯ ত বিধেয়কখন (৯৯-৮৪) অনুমোদন কৰে।[18]

তিনি তালাকৰ অনুশীলন সম্পাদনা কৰক

তিনি তালাক হৈছে বিবাহ বিচ্ছেদৰ এক প্ৰকাৰ যিটো ইছলাম ধৰ্মত অনুশীলন কৰা হৈছিল, যাৰ দ্বাৰা এজন মুছলমান মানুহে তিনিবাৰ ‘তালাক’ (বিবাহ বিচ্ছেদৰ বাবে আৰবী শব্দ) ঘোষণা কৰি আইনগতভাৱে তেওঁৰ পত্নীক বিবাহ বিচ্ছেদ কৰিব পাৰে। ঘোষণাটো মৌখিক বা লিখা হ'ব পাৰে, বা শেহতীয়া সময়ত, ইলেক্ট্ৰনিক উপায় যেনে টেলিফোন, এছএমএছ, ইমেইল বা ছচিয়েল মিডিয়াৰ দ্বাৰা প্ৰদান কৰা হ'ব পাৰে। মানুহজনে বিবাহ বিচ্ছেদৰ কোনো কাৰণ উল্লেখ কৰাৰ প্ৰয়োজন নাছিল আৰু এই ঘোষণাৰ সময়ত পত্নীৰ উপস্থিতি প্ৰয়োজন নাছিল। ইদ্দত বুলি এটা নিয়মেৰে পত্নী গৰ্ভৱতী নে নাই সেইটো নিশ্চিত কৰাৰ পিছত, বিবাহ বিচ্ছেদ অপৰিৱৰিত হৈ পৰিছিল।[19][20] অনুমোদিত অনুশীলনত, তিনিটা ‘তালাক’ৰ প্ৰতিটো ঘোষণাৰ আগতে অপেক্ষাৰ সময়ৰ প্ৰয়োজন আছিল, য'ত মীমাংসা কৰাৰ চেষ্টা কৰা হৈছিল। কিন্তু সচৰাচৰ তিনিটা তালাক এবাৰতেই ঘোষণা কৰা দেখা গৈছিল। যদিও অনুশীলনটো অপ্ৰিয় আছিল, কিন্তু নিষিদ্ধ কৰা হোৱা নাছিল।[21]

কোৰআন আৰু হাদিছৰ দৃষ্টিভংগী সম্পাদনা কৰক

কোৰআনত তালাক বা বিবাহবিচ্ছেদৰ অনুমতি দিয়ে যদিও তালাক দিয়া কাৰ্য আল্লাহৰ ওচৰত অতি ঘৃণনীয় কাম। তালাক কাৰ্য্য সম্পূৰ্ণ কৰোঁতে কেতবোৰ নীতি-নিয়মৰ মাজেৰে যাব লাগে। তাৰ ভিতৰত হ'ল 'ইদ্দত'।[22] ইদ্দত হ'ল যি স্ত্ৰীক তালাক দিয়া হব তেওঁ পবিত্ৰ অৱস্থাত থাকিব লাগিব। অৰ্থাৎ ঋতুমতী হব নালাগিব। দুই ঋতুৰ মধ্যৱৰ্তী হব লাগিব আৰু সহবাসৰ পৰা মুক্ত হব লাগিব। এই পবিত্ৰ সময়ৰ পৰা ৯০ দিনলৈকে ইদ্দত বোলা হয়।[22] অবশ্যে বয়স্ক স্ত্ৰী যাৰ ঋতু নহয় তেওঁ সকলো সময়ত পবিত্ৰ বুলি ধৰা হয়। যদিহে তালাক প্ৰাপ্ত স্ত্ৰী গৰ্ভৱতী হয় তেনেক্ষেত্ৰত প্ৰসৱ নোহোৱালৈকে এই সময়খিনি ইদ্দত বুলি ধৰা হয়।[22] দ্বিতীয়তে হ'ল 'মোহৰানা' বা 'দেনমোহৰ'। ই এক অৰ্থ যি বিবাহ পাশত আবদ্ধ হোৱা কালিল ধাৰ্য কৰা হয়। এই অৰ্থ স্বামীয়ে স্ত্ৰীক দিবলগীয়া হয়। গতিকে তালক দিয়াৰ সময়ত দেনমোহৰ সম্পূৰ্ণৰূপে পৰিশোধ কৰিব লাগে যদিহে স্বামীয়ে ইতিমধ্যে সেয়া পৰিশোধ কৰা নাই। দেনমোহৰ পৰিশোধ যে কেৱল তালাক দিয়াৰ সময়ত দিব লাগে তেনে কথা নাই। স্বামীয়ে তেওৰ সামৰ্থ অনুযায়ী যিকোনো সময়ত পৰিশোধ কৰিব পাৰে।

তালাক সাধাৰণতে তিনি প্ৰকাৰৰ। (১) তালাক-ই-অহছন (২) তালাক-ই-হছন আৰু (৩) তালাক-ই-বিদ্দাত

তালাক-ই-অহছন সম্পাদনা কৰক

যদি স্বামী স্ত্ৰী উভয়ে এনে অৱস্থাত আহি উপনিত হয় যে তেওঁ‌লোকৰ মাজত আৰু সম্পৰ্ক বজাই ৰখা সম্ভৱ নহয় তেনেক্ষেত্ৰত ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম তালাক দিব। ইয়াৰ পিছত স্বামী-স্ত্ৰী দুয়ো বেলেগ বেলেগ থাকিব। কিন্তু আল্লাহে কোৰআনত কোনেও ঘৰৰ পৰা ওলাই দিব আৰু ওলাই যাবলৈ নিষেধ কৰিছে। ইদ্দতৰ সময়ত যদি দুয়োৰে ভুল বুজাবুজিৰ অনুমান হয় তেন্তে দুয়ো আকৌ সংসাৰ কৰিব পাৰে।[23] ৯০ দিন পাৰ হোৱাৰ পিছত ঘূৰাই অনা সম্ভৱ নহলে দুজন সত সাক্ষী ৰাখি বাকি দুই তালাক দিব পাৰে।

আৰু যেতিয়া তোমালোকে স্ত্ৰীসকলক তালাক্ব দিয়া আৰু সিহঁতে সিহঁতৰ ইদ্দতকাল পূৰ্ণ কৰে, ইয়াৰ পিছত সিহঁতে যদি বিধি মুতাবিক পৰস্পৰে সন্মত হয়, তেন্তে স্ত্ৰীসকলে নিজৰ (পূৰ্ব) স্বামীৰ লগত বিবাহ পাশত আৱদ্ধ্ব হ'ব বিচাৰিলে তোমালোকে সিহঁতক বাধা প্ৰদান নকৰিবা। ইয়াৰ দ্বাৰা সেই ব্যক্তিক উপদেশ দিয়া হৈছে তোমালোকৰ মাজত যিয়ে আল্লহ আৰু আখিৰাতৰ পৰি ঈমান ৰাখে, এইটোৱে তোমালোকৰ বাবে শুদ্ধ আৰু পৱিত্ৰ; আৰু আল্লাহে জানে তোমালোকেহে নাজানা।

তালাক-ই-হছন সম্পাদনা কৰক

এই তালাক ইদ্দতৰ প্ৰতি লক্ষ্য ৰাখি দুজন সাক্ষী আৰু কাজিৰ সমুখত প্ৰথম তালাক দিয়া হয়। একমাহ অৰ্থাৎ ৩০ দিন পিছত কাজিয়ে আকৌ দুয়োজন স্বামী-স্ত্ৰীক মাতি সিহঁতৰ মনৰ বুজ লয়। যদি উভতি আহিব বিচাৰে তেন্তে আহিব পাৰে। এনেকৈ তিনিবাৰ কৰা হয়। মুঠ ৯০ দিনলৈ এনেকৈ তিনিবাৰ সুযোগ দিয়া হয়। যদি ইয়াৰ পিছতো স্বামী আৰু স্ত্ৰীয়ে ভাবে যে আল্লহৰ আদেশ পালন কৰিব নোৱাৰিব তেন্তে শেষৰ তালাক দি এই কাৰ্য্য সম্পূৰ্ণ কৰা হয়।[22]

তালাক-ই-বিদ্দাত সম্পাদনা কৰক

এই তালাক সাধাৰণতে ইদ্দতৰ সময়খিনিৰ কাৰণে অপেক্ষা কৰি থকা নহয়। একেখন বৈঠকতে তিনি তালাক সম্পূৰ্ণ কৰা হয়।[24][25] এই নিয়ম হাদিছত তালাক হোৱা বুলি উল্লেখ আছে যদিও ইয়াক অবৈধ বুলি ঘোষণা কৰা হৈছে। হাদিছত উল্লেখ আছে মানে যে দিব লাগিব তেনেকৈ কোৱা হোৱা নাই। হাদিছত এই দৰে কোৱা আছে যে, কোনো ব্যক্তি যদি একেলগে তিনি তালাক দিয়ে সেয়া তালাক হৈ যায়। কিন্তু এনেকৈ তালাক দিয়া অবৈধ। আৰু যিসকলে আল্লাহৰ আদেশ অৱমাননা কৰে তেওঁক যালিম বুলি আখ্যায়িত কৰা হৈছে। উদাহৰণ হিচাপে, কোনো এখন দেশৰ নাগৰিকে অইন দেশত যাবলৈ দুয়োখন দেশৰ অনুমতি বা প্ৰমাণপত্ৰ থাকিব লাগে। তেতিয়া হ'লে ব্যক্তিজনে আইন দেশত যাব পাৰে আৰু তেনেকৈ যোৱাটোক বৈধ বুলি ধৰা হয়। যদিহে কোনোবাই বিনা অনুমতি যায় তেন্তে সেয়া অবৈধ। কিন্তু যোৱা কাৰ্য দুয়োটাই সম্পূৰ্ণ হয়। ঠিক সেইদৰে একে লগে তালাক দিলে তালক হয় কিন্তু অবৈধ। গতিকে বিধিটো পৰিহাৰ কৰা মুমিনৰ পৰিচয়।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "Triple Talaq verdict: What exactly is instant divorce practice banned by court". Hindustan Times. 2017-08-22. http://www.hindustantimes.com/india-news/triple-talaq-verdict-what-exactly-is-instant-divorce-practice-banned-by-court/story-mhQ1SbxnCUUgySQq82sdbJ.html. 
  2. Mohammed Siddique Patel. "The different methods of Islamic separation – Part 2: The different types of Talaq". www.familylaw.co.uk. http://www.familylaw.co.uk/news_and_comment/the-different-methods-of-islamic-separation-part-2-the-different-types-of-talaq। আহৰণ কৰা হৈছে: 2017-05-29. 
  3. "Hanafi jurisprudence sanctions triple talaq". https://timesofindia.indiatimes.com/city/hyderabad/hanafi-jurisprudence-sanctions-triple-talaq/articleshow/60182584.cms. 
  4. "Law, morality, triple talaq". http://indianexpress.com/article/opinion/columns/law-morality-triple-talaq-muslim-islam-4743272/. 
  5. "Triple Talaq". The Times of India. 13 May 2017. https://timesofindia.indiatimes.com/topic/Triple-Talaq?from=mdr. 
  6. "The Triple Talaq Case - Supreme Court Observer". Supreme Court Observer. Archived from the original on 2018-02-27. https://web.archive.org/web/20180227153819/http://scobserver.clpr.org.in/cases/triple-talaq-case/. 
  7. "Supreme Court scraps instant triple talaq: Here's what you should know about the practice". Hindustan Times. 2017-08-22. http://www.hindustantimes.com/india-news/ahead-of-supreme-court-verdict-on-triple-talaq-here-s-a-primer-on-the-case/story-OJ6jjgGTRR988PfbNDpJ5I.html. 
  8. Pratap Bhanu Mehta (2017-08-23). "Small step, no giant leap". The Indian Express. http://indianexpress.com/article/opinion/columns/supreme-court-verdict-on-triple-talaq-small-step-no-giant-leap-4808945/। আহৰণ কৰা হৈছে: 2017-09-18. 
  9. "Triple Talaq: Ban this un-Islamic practice and bring in a uniform civil code". http://www.hindustantimes.com/opinion/triple-talaq-ban-by-hajra-khan-this-un-islamic-practice-and-bring-in-a-uniform-civil-code/story-ZuZeeKjjngTUoWjflLPqjK.html. 
  10. "Triple talaq verdict LIVE updates: Jaitley says SC judgment a great victory and welcome step". The Indian Express. http://indianexpress.com/article/india/triple-talaq-verdict-judgment-live-updates-supreme-court-all-india-muslim-board-instant-divorce-centre-polygamy-4807803/. 
  11. "India's Muslim neighbours among 23 countries that have banned triple talaq". Hindustan Times. 2020-09-19. https://www.hindustantimes.com/india-news/india-s-muslim-neighbours-among-23-countries-that-have-banned-triple-talaq/story-J8b9HkOCwdMAIWyscwxZMK.html#:~:text=The%20other%20countries%20where%20instant,Saudi%20Arabia%2C%20Morocco%20and%20Kuwait.. 
  12. 12.0 12.1 12.2 Harald Motzki (2006). "Marriage and divorce". In Jane Dammen McAuliffe. Encyclopaedia of the Qurʾān. 3. Brill. p. 279. 
  13. "President Ram Nath Kovind gives assent to triple talaq Bill". 1 August 2019. https://www.thehindu.com/news/national/president-ram-nath-kovind-gives-assent-to-triple-talaq-bill/article28780061.ece/amp/. 
  14. "Lok Sabha passes triple talaq bill". http://www.thehindu.com/news/national/lok-sabha-passes-the-triple-talaq-bill/article22319663.ece. 
  15. "Lok Sabha debates bill 'criminalising' instant triple talaq: Who said what". The Times of India. 27 December 2018. https://timesofindia.indiatimes.com/india/lok-sabha-debates-bill-criminalising-instant-triple-talaq-who-said-what/articleshow/67271378.cms. 
  16. Sharma, Sandipan (28 December 2017). "Congress' backing of triple talaq bill indicates it's gradually withdrawing from Muslim appeasement politics". Firstpost. http://www.firstpost.com/politics/congress-backing-of-triple-talaq-bill-indicates-its-gradually-withdrawing-from-muslim-appeasement-politics-4279223.html. 
  17. "Congress backs triple talaq bill, Khurshid strikes discordant note". The Economic Times. 28 December 2017. https://economictimes.indiatimes.com/news/politics-and-nation/congress-backs-triple-talaq-bill-khurshid-strikes-discordant-note/articleshow/62283011.cms. 
  18. "Triple Talaq Bill Passed in Rajya Sabha". India Today. https://www.indiatoday.in/india/story/triple-talaq-bill-passed-in-rajya-sabha-1575309-2019-07-30। আহৰণ কৰা হৈছে: 2019-07-30. 
  19. Choudhury, (Mis)Appropriated Liberty (2008), পৃষ্ঠা. 72–73.
  20. Rao, Kinship, Descent Systems and State – South Asia (2003), পৃষ্ঠা. 341.
  21. Choudhury, (Mis)Appropriated Liberty (2008), পৃষ্ঠা. 95.
  22. 22.0 22.1 22.2 22.3 ছূৰা তালাক, আয়াত ১-৫. বাংলা হাদিছ. https://www.hadithbd.com/quran/tafsir/?sura=65. 
  23. ছূৰা বাক্বৰা, আয়াত ২২৮-২৩৩. 
  24. "একসঙ্গে তিন তালাক : শৰয়ী দৃষ্টিকোণ". দীদাৰ মাহদী. https://didarmahdi.com/%E0%A6%8F%E0%A6%95%E0%A6%B8%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A7%87-%E0%A6%A4%E0%A6%BF%E0%A6%A8-%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%95-%E0%A6%B6%E0%A6%B0%E0%A6%AF%E0%A6%BC%E0%A7%80-%E0%A6%A6/। আহৰণ কৰা হৈছে: 21 January 2024. 
  25. "একসঙ্গে তিন তালাক দিলে তালাক পতিত হবে কি?" (bn ভাষাত). আওয়াৰ ইছলাম. https://www.ourislam24.com/2021/06/20/%E0%A6%8F%E0%A6%95%E0%A6%B8%E0%A6%99%E0%A7%8D%E0%A6%97%E0%A7%87-%E0%A6%A4%E0%A6%BF%E0%A6%A8-%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BE%E0%A6%95-%E0%A6%A6%E0%A6%BF%E0%A6%B2%E0%A7%87-%E0%A6%A4%E0%A6%BE/। আহৰণ কৰা হৈছে: 21 January 2024.