তেওঁ অসমীয়া ভাষাৰ এটি শব্দ, যিয়ে সৰ্বনামৰ ৰূপত “আলোচিত বা পূৰ্বে উল্লিখিত পুৰুষজন বা মান্যাৰ্থত মহিলা গৰাকীক” বুজায়। ই আলোচিত বা পূৰ্বে উল্লিখিত মানুহজন বা জনীক বুজায়।[1] তলত অসমীয়া ভাষাত ব্যৱহাৰ হোৱা পুৰুষ সৰ্বনামৰ বিষয়ে দিয়া হ'ল[2]

পুৰুষ একবচন বহুবচন
প্ৰথম পুৰুষ মই আমি
দ্বিতীয় পুৰুষ (তুচ্ছ) তই তোমালোক
(মান্য) তুমি তোমালোক
(অধিক মান্য) আপুনি আপোনালোক
তৃতীয় পুৰুষ তেওঁ তেওঁলোক
(অধিক মান্য) তেখেত তেখেতসকল

তেওঁৰ সমাৰ্থক শব্দ সম্পাদনা কৰক

আলোচিত বা পূৰ্বে উল্লিখিত মানুহ বা জন্তু সম্পাদনা কৰক

আলোচিত বা পূৰ্বে উল্লিখিত মতা মানুহ বা জন্তু বুজাবলৈ 'সি' আৰু 'তেৰা' শব্দও ব্যৱহাৰ কৰিব পাৰি। [3] জন্তুৰ ক্ষেত্ৰত তেওঁৰ ব্যৱহাৰ নহয়। হলেও ব্যঙ্গাৰ্থতহে হব।

আলোচিত বা পূৰ্বে-উল্লিখিত পুৰুষজন সম্পাদনা কৰক

আলোচিত বা পূৰ্বে-উল্লিখিত পুৰুষজন বুজাবলৈ 'তেখেত' শব্দও ব্যৱহাৰ কৰিব পাৰি।[4]

অন্য ভাষাত 'তেওঁ' সম্পাদনা কৰক

আলোচিত বা পূৰ্বে উল্লিখিত মতা মানুহ বা জন্তু সম্পাদনা কৰক

তলত বিভিন্ন ভাষাত 'তেওঁ' শব্দটো দিয়া হ'ল[5]--

ভাষা নিৰ্দিষ্ট ভাষাৰ লিপিত অসমীয়া লিপিত
ইংৰাজী He হি
বড়ো बियो বিয়'
খাচী u
মিটেইলন mahak মাহাক
বিষ্ণুপ্ৰিয়া মণিপুৰী তা তা
কাৰ্বি alang আলাং
কক-বৰক Bo ব'
নাগামিজ tai তাই
ডিমাচা bu বু
আও pa পা
টাই মান্ মান্
বাংলা সে, হে, তিনি, উনি, হেইন, ইনি, এইন, ও ক্ৰমে চে, হে, তিনি, উনি, হেইন, ইনি, এইন, ও

আলোচিত বা পূৰ্বে-উল্লিখিত পুৰুষজন সম্পাদনা কৰক

ভাষা নিৰ্দিষ্ট ভাষাৰ লিপিত অসমীয়া লিপিত
বাংলা তিনি, উনি ক্ৰমে তিনি, উনি

'তেওঁ'ৰ ব্যৱহাৰৰ উদাহৰণ সম্পাদনা কৰক

  • ....হোৱাৰ আশাতে আছে; তেওঁ এতিয়াও গোহাঞিদেৱৰ আশাতে দিন নিয়াইছে। মোৰ আঁচলৰ নিধি, হৃদয়ৰ মাণিক চুৰ কৰিবলৈ তেওঁ ছেগ চাই ফুৰিছে; সেই কাৰণেই, তেওঁ মোৰপৰা গোহাঞিদেৱৰ.... -- ভানুমতী
  • ....কিহৰে তেওঁ গঠিত হ'ল আৰু কেতিয়া ক'ত তেওঁৰ ওৰ পৰিব, ইত্যাদি সূৰ্য্যৰ সম্পূৰ্ণ জ্ঞান আমাৰ অজ্ঞেয়; কিন্তু তেওঁৰ সৈতে আমাৰ অছেদ অভেদ সমন্ধ আৰু তেওঁ যিমান.... -- তত্ত্ব-কথা
  • ....সৰহ, গতিকে তেওঁ চিপাহীৰ ৰণত জিকিব নোৱাৰিলে। পাচত তেওঁ দেখিলে যে ভঁৰাল ৰাখিবৰ আৰু উপায় নাই, সি নিশ্চয় বিদ্ৰোহীৰ হাতত পৰিব, সেই দেখি তেওঁ তাক পুৰি পেলোৱা.... -- সাৰথি

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org চাইটত সন্ধান কৰি পোৱা ফলাফল। আহৰণ কৰা হৈছে: ২০/৬/২০১৫, ভাৰতীয় মান সময়
  2. ড॰ দাস আৰু ড॰ ভট্টাচাৰ্যৰ 'ৰচনা সঞ্চয়ন' গ্ৰন্থৰ ৭৭ নং পৃষ্ঠা
  3. xobdo.org search result
  4. xobdo.org search result
  5. xobdo.org