থাইৰইড হৰম'ন (ইংৰাজী: Thyroid hormone) হ'ল মানৱ শৰীৰৰ বাবে অতিকৈ প্ৰয়োজনীয় একপ্ৰকাৰৰ হৰম'ন। থাইৰয়ড নামৰ অন্তঃস্ৰাৱী গ্ৰন্থিয়ে এই হৰম'ন নিঃসৃত কৰে। এই হৰম'নে আমাৰ শৰীৰৰ পৰিপুষ্টি আৰু বৰ্ধনকে (Growth and Development) ধৰি শৰীৰৰ অতিকে প্ৰয়োজনীয় কিছুমান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰে।

The structural formula (left) and a space-filling model (right) of (S)-triiodothyronine (T3, also called liothyronine in the pharmaceutical industry)
The structural formula (left) and a space-filling model (right) of (S)-thyroxine (T4.)

থাইৰইড গ্ৰন্থি সম্পাদনা কৰক

আমাৰ শৰীৰৰ ডিঙিৰ স্বৰযন্ত্ৰৰ (ইংৰাজী: Larynx) ঠিক তলতে থাইৰইড গ্ৰন্থি অৱস্থিত। এই গ্ৰন্থি দুটা ভাগত বিভক্ত - সোঁ গ্ৰন্থি (Right lobe) আৰু বাঁও গ্ৰন্থি (left lobe)। এই গ্ৰন্থিৰ ওজন প্ৰায় ২৫ গ্ৰাম। সাধাৰণতে মহিলাৰ থাইৰইড গ্ৰন্থিৰ আকাৰ পুৰুষৰ থাইৰইড গ্ৰন্থিতকৈ বেছি। [1]

শৰীৰৰ প্ৰয়োজনীয়তা সম্পাদনা কৰক

ডিঙিত থকা থাইৰইড গ্ৰন্থিয়ে দুই ধৰণৰ থাইৰইড হৰম'ন নিসৃত কৰে - এবিধ হৈছে "থাইৰক্সিন" আৰু অন্যবিধ "ট্ৰাইআইড-থাইৰনিন"। চমুকৈ এই দুবিধ হৰম'নক T4 আৰু T3 বোলা হয়।

  1. থাইৰইড হৰম'ন উৎপাদনৰ সময়ত অতিকৈ প্ৰয়োজনীয় এবিধ মৌল (ইংৰাজী: Microneutrients) হৈছে আয়'ডিন। সেয়েহে আয়,ডিনৰ অভাৱ ঘটিলে হৰম'ন উৎপাদনত তাৰতম্য ঘটে আৰু শৰীৰত ইয়াৰ প্ৰভাৱ পৰে। আজিকালি অৱশ্যে আয়'ডিন যুক্ত নিমখ ব্যৱহাৰে এই সমস্যাৰ বহুখিনি লাঘৱ ঘটাইছে।
  1. থাইৰইড হৰম'নে মানৱ শৰীৰৰ পৰিপাক ক্ৰিয়াক (Metabolism) গতিশীল কৰি তোলে। প্ৰ'টিন পৰিপাকৰ জৰিয়তে থাইৰইড হৰম'নে শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশত অৰিহণা যোগায়।
  1. থাইৰইড হৰম'নে শৰীৰৰ হৃদযন্ত্ৰ আৰু ৰক্ত সঞ্চালন পদ্ধতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। এই হৰম'নৰ প্ৰভাৱত হৃদযন্ত্ৰৰ গতিবেগ আৰু শক্তি বৃদ্ধি হয়।
  1. কেন্দ্ৰীয় স্নায়বিক প্ৰণালীক (Central Nervous System) সুসংহত কৰি থাইৰইড হৰম'নে স্নায়ুতন্ত্ৰ নিয়ন্ত্ৰণ কৰি ৰাখে। তদুপৰি শ্বাস-প্ৰশ্বাস প্ৰণালী,পেশীকলা পদ্ধতিৰ (Musculoskeletal System) ওপৰতো T3 আৰু T4 হৰম'নৰ প্ৰভাৱ পৰে।
  1. অনিয়মীয়া ঋতুস্ৰাব,পুৰুষ আৰু মহিলাৰ প্ৰজনন ক্ষমতা এই সকলো থাইৰইড হৰম'নৰ ওপৰতে নিৰ্ভৰশীল। [1]
 
The thyroid system of the thyroid hormones T3 and T4.[2]

অভাৱজনিত ৰোগ সম্পাদনা কৰক

থাইৰইড হৰম'নৰ অভাৱত হোৱা এবিধ ৰোগ হৈছে 'গইটাৰ'। আমাৰ সমাজত ইয়াক 'গৰল' ৰোগ বুলি আখ্যা দিয়া হয়। এই ৰোগ হ'লে থাইৰইড গ্ৰন্থিৰ আকাৰ বৃদ্ধি হব আৰু ডিঙিটো ফুলি যায়। থাইৰইড হৰম'নৰ অভাৱত হোৱা অন্য এবিধ ৰোগ হৈছে 'Myxedema'। এই ৰোগ হ'লে শৰীৰৰ বিভিন্ন অংশ,যেনে - মুখ,ভৰি আদি ফুলে। Myxedema সাধাৰণতে মহিলা ৰোগীৰ ক্ষেত্ৰত বেছিকৈ হোৱা দেখা যায়। জন্মলগ্নৰেপৰা থাইৰইড হৰম'নৰ অভাৱ হ'লে শিশুৰ শাৰীৰিক আৰু মানসিক বৃদ্ধি বাধাগ্ৰস্ত হয়। এই অৱস্থাটোক 'Cretinism' বোলা হয়।[1]

বৃদ্ধিজনিত ৰোগ সম্পাদনা কৰক

থাইৰইড হৰম'নৰ আধিক্যই শৰীৰত সৃষ্টি কৰা অৱস্থাটোক থাইৰটক্সিকছিছ বোলা হয়। এই ৰোগৰ প্ৰভাৱ চকুৰ ওপৰত পৰে। তদুপৰি ৰোগীৰ অত্যধিক ভোক লাগে আৰু শৰীৰৰ বিভিন্ন অংশৰ কঁপনি (Tremor) হয়। থাইৰইড হৰম'নৰ বৃদ্ধিজনিত অথবা অভাৱজনিত দুয়োধৰণৰ ৰোগৰে উচ্চ চিকিৎসা বৰ্তমান আবিষ্কাৰ হৈছে। ঔষধ তথা শল্য চিকিৎসাৰ দ্বাৰা এই ৰোগসমূহৰ সমাধান কৰা হয়। সাৱধানতাসমূহৰ ভিতৰত আয়ডিনযুক্ত আহাৰ গ্ৰহণ উল্লেখযোগ্য।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 ডা° মৃদুল কুমাৰ নাথ (১ - ১৫ আগষ্ট ২০০৮). "থাইৰইড হৰম'ন". প্ৰান্তিক খণ্ড ২৭শ বছৰ (১৭ম সংখ্যা): পৃষ্ঠা ৩৭. 
  2. References used in image are found in image article in Commons:Commons:File:Thyroid_systbcvhxcxcfffgem.png#References.

বাহ্যিক সংযোগ সম্পাদনা কৰক

Thyroid hormone treatment in thyroid disease