দেওৰাজ হাঁহ (ইংৰাজী: Greylag Goose, বৈজ্ঞানিক নাম-Anser anser) এবিধ বহুলভাৱে বিস্তৃত হৈ থকা জলচৰ ৰাজহাঁহ(ইংৰাজী: Goose)ৰ প্ৰজাতি৷ ই বিশ্ববিখ্যাত বিজ্ঞানী কনৰাড লৰেন্সৰ আচৰণ সম্পৰ্কীয় গৱেষণাৰ বাবে অধিক পৰিচিত৷

দেওৰাজ হাঁহ
(Greylag Goose)
Western Greylag Goose (Anser anser anser)
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Anseriformes
পৰিয়াল: Anatidae
উপপৰিয়াল: Anserinae
গোত্ৰ: Anserini
গণ: Anser
প্ৰজাতি: A. anser
বৈজ্ঞানিক নাম
Anser anser
(Linnaeus, 1758)
Subspecies
  • A. a. anser (Linnaeus, 1758)
    Western Greylag Goose
  • A. a. rubrirostris Swinhoe, 1871
    Eastern Greylag Goose
  • A. a. domesticus (Linnaeus, 1758)
    Domesticated goose
সমাৰ্থক

Anas anser Linnaeus, 1758

বিৱৰণ সম্পাদনা কৰক

 
দেওৰাজ হাঁহৰ মূৰ অংশৰ চিত্ৰ
 
উৰন্ত অৱস্থাত দেওৰাজ হাঁহ

দেওৰাজ হাঁহ Anser গোত্ৰৰ আটাইতকৈ ডাঙৰ প্ৰজাতিসমূহৰ ভিতৰত এটা৷ ইয়াৰ দেহটো নোদোকা, ডিঙি শকত আৰু দীঘল, মূৰ আৰু ঠোঁটো বৃহৎ আকাৰৰ৷ ইয়াৰ ঠেং দুখন গুলপীয়া আৰু ঠোঁটটো কমলা বা গুলপীয়া বৰণৰ হোৱা দেখা যায়৷[2] ইয়াৰ দেহৰ দৈৰ্ঘ্য ৭৪-৯১ ছৈ: মি: আৰু ডেউকা প্ৰায় ৪১.২-৪৮ ছে: মি পৰ্যন্ত হয়৷ নেজ-৬.২-৬.৯ ছে: মি:, ঠোঁট ৬.৪-৬.৯ ছে:মি: আৰু ঠেং-৭.১-৯.৩ ছে: মি: হোৱা দেখা যায়৷ ইয়াৰ দেহৰ ওজন ২.১৬ কি:গ্ৰা: হয়৷ [3][4][5]মতা দেওৰাজ হাঁহ মাইকীজনীতকৈ আকাৰত কিছু ডাঙৰ হয়৷[2]

দেওৰাজ হাঁহৰ দেহৰ বৰণ মুগা-মটীয়া (greyish-brown), মূৰ ডাঠ আৰু পেট শেঁতা বৰণৰ হয়৷ পেটত বিভিন্ন ধৰণৰ ক'লা দাগ থাকে৷[2][6]

ইয়াৰ মাত ডাঙৰ, HOOOOOONK! ধৰণৰ ৷[2]

বিতৰণ সম্পাদনা কৰক

দেওৰাজ হাঁহ 'Old World' ৰ প্ৰায়ভাগ অঞ্চলতে পোৱা যায়৷ পূবে ই এছিয়াৰ পৰা চীনলৈকে বিস্তৃত৷ [6]

ই সাধাৰণতে বিভিন্ন জলাশয় যেনে, হ্ৰদ আদিত প্ৰজনন কৰে বুলি জনা যায়৷

আচৰণ সম্পাদনা কৰক

দেওৰাজ হাঁহ পৰিভ্ৰমণকাৰী চৰাইৰ প্ৰজাতি৷ ইহঁতে শীতকালত দক্ষিণৰ পৰা পশ্চিমলৈ পৰিভ্ৰমণ কৰে বুলি জনা যায়৷ অৱশ্যে স্কটলেণ্ড আৰু উত্তৰ পশ্চিম ইউৰোপৰ কিছুমান দেওৰাজ হাঁহ প্ৰধানকৈ স্থানীয়ভাৱে পোৱা যায়৷[7]


আলোকচিত্ৰৰ ভঁৰাল সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. BirdLife International 2009
  2. 2.0 2.1 2.2 2.3 Madge & Burn 1988, পৃষ্ঠা 140–141
  3. Dunning 1992
  4. Ogilvie & Young 2004
  5. "Greylag Goose". oiseaux-birds.com. http://www.oiseaux-birds.com/card-greylag-goose.html। আহৰণ কৰা হৈছে: 17 October 2011. 
  6. 6.0 6.1 Johnsgard 2010, পৃষ্ঠা 60
  7. "American Heritage Dictionary, graylag, noun". Dictionary.reference.com. http://dictionary.reference.com/browse/graylag। আহৰণ কৰা হৈছে: 2012-06-20. 

বাহ্যিক সংযোগ সম্পাদনা কৰক