দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল

দ্য ডায়েৰী অফ এ ইয়ং গাৰ্ল (ইংৰাজী: The Diary of A Young Girl) হৈছে নেডাৰলেণ্ডৰ নাজী অধিগ্ৰহণৰ সময়ত পৰিয়ালৰ সৈতে দুবছৰ লুকাই[1] থকা অৱস্থাত আনা ফ্ৰাংকৰ দ্বাৰা ওলন্দাজ ভাষাত লিখিত আৰু পৰৱৰ্তী সময়ত কিতাপ আকাৰে প্ৰকাশিত এখন ডায়েৰী। কিতাপখনক আনা ফ্ৰাংকৰ ডায়েৰী বুলিও জনা যায়। ১৯৪৪ চনত আনা ফ্ৰাংকক পৰিয়ালৰ সৈতে আটক কৰা হৈছিল আৰু ১৯৪৫ চনত বাৰ্গেন-বেলচেন কনচেণ্ট্ৰেচন কেম্পত থকা অৱস্থাত টাইফইড ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হৈছিল।[2] দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ ঠিক পিছতে মাইপ গিজ নামৰ এজন ব্যক্তিয়ে ডায়েৰীখন উদ্ধাৰ কৰিছিল আৰু তেওঁলোকৰ পৰিয়ালৰ একমাত্ৰ জীৱিত জীৱিত ব্যক্তি আনাৰ দেউতাক অটো ফ্ৰাংকৰ হাতত অৰ্পণ কৰিছিল। বৰ্তমানলৈকে এই ডায়েৰীখন প্ৰায় ৭০ টাতকৈও অধিক ভাষাত প্ৰকাশিত হৈছে।

দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল  
লেখক আনা ফ্ৰাংক
শিৰোনাম হেট এক্টাৰহোইছ (দ্য আন্নেক্স)
Het Achterhuis (The Annex)
অনুবাদক বি. এম. মোয়াৰ্ট-ডাবোলবে
প্ৰচ্ছদ শিল্পী হেলমুট ছালডেন
দেশ নেডাৰলেণ্ড
ভাষা ওলন্দাজ
বিষয়
প্ৰকাৰ আত্মজীৱনী
প্ৰকাশক কণ্টেক্ট পাব্লিছিং
প্ৰকাশ ২৫ জুন ১৯৪৭
ইংৰাজীত
প্ৰকাশ
১৯৫২
অ.চি.এল.চি নং ১৪৩২৪৮৩
ডুৱি ডেচিমেল ৯৪৯.২০৭
এল চি শ্ৰেণীকৰণ DS135.N6

ইতিহাস সম্পাদনা কৰক

দ্বিতীয় বিশ্বযুদ্ধত যেতিয়া জাৰ্মান নাজী বাহিনীয়ে নেডাৰলেণ্ডত অভিযান চলাইছিল তেতিয়া পৰিয়ালৰ সৈতে আনা এটা ঘৰত লুকাই আছিল।[1][3] আনাই এই লুকাই থকা সময়চোৱাত সংঘটিত প্ৰতিটো দিনৰ বৰ্ণনা লিখিবলৈ আৰম্ভ কৰিছিল। ১৯৪২ চনত আনাই তেওঁৰ ত্ৰয়োদশ জন্মদিনত তেওঁৰ দেউতাকৰ পৰা এখন ৰঙীন কাপোৰত মেৰিয়াই থোৱা এখন চহী কৰা বহী (অট'গ্ৰাফ) উপহাৰ হিচাপে পাইছিল।[4] ১৯৪২ চনৰ ১২ জুনৰ পৰা তেওঁ সেই বহীখনত তেওঁৰ দৈনন্দিন জীৱনত ঘটা সাধাৰণ ঘটনা, আনৰ আগত প্ৰকাশ কৰিব নোৱাৰা কথাবোৰ, নেডাৰলেণ্ডৰ ইহুদীসকলৰ জীৱন, প্ৰতিবন্ধকতা আৰু পৰৱৰ্তী সময়ত আনাৰ অনুভূতি, বিশ্বাস আদিৰ বিষয়ে লিখি ৰাখিছিল। আনাই তেওঁৰ এই ডায়েৰীখনক “কিটি” নাম দিছিল।

১৯৪২ চনৰ জুলাই মাহত ইহুদীসকলৰ ওপৰত নাজী বাহিনীৰ অত্যাচাৰ বৃদ্ধি পাবলৈ ধৰাত আনাৰ পৰিয়ালটোৱে আত্মগোপন কৰিছিল।[1][3] কিন্তু ১৯৪৪ চনৰ আগষ্ট মাহত তেওঁলোকক নাজীসকলৰ গুপ্তচৰ বাহিনীয়ে আটক কৰিছিল। সেই সময়লৈকে আনাই নিয়মীয়াভাৱে দিনপঞ্জীখন লিখি গৈছিল। ফ্ৰাংকৰ পৰিয়ালটোক আটক কৰি বন্দীশিবিৰলৈ পঠিওৱা হৈছিল[5] আৰু বন্দীশিবিৰতে সম্ভৱতঃ সন্নিপাত জ্বৰত আক্ৰান্ত হৈ ১৯৪৫ চনত আনাৰ মৃত্যু ঘটিছিল।[2] আনাৰ মৃত্যুৰ পিছত মাইপ গিজ নামৰ এজন ব্যক্তিয়ে ডায়েৰীখন উদ্ধাৰ কৰে আৰু তেওঁলোকৰ পৰিয়ালৰ একমাত্ৰ জীৱিত জীৱিত ব্যক্তি আনাৰ দেউতাক অটো ফ্ৰাংকৰ হাতত অৰ্পণ কৰে।

১৯৪৭ চনত এই দিনপঞ্জীখন ওলন্দাজ ভাষাত “হেট এক্টাৰহোইছ” শিৰোনামেৰে কণ্টেক্ট পাব্লিছিং নামৰ এক প্ৰকাশনে কিতাপৰ ৰূপত প্ৰকাশ কৰে। পিছলৈ ১৯৫২ চনত ডাবলডে এণ্ড কোম্পানীৰ দ্বাৰা “আনা ফ্ৰাংক – দ্য ডায়েৰী অফ এ ইয়ং গাৰ্ল” শিৰোনামেৰে কিতাপখনৰ ইংৰাজী সংস্কৰণ প্ৰকাশ কৰা হয়।[6] তেতিয়াৰে পৰা এতিয়ালৈকে কিতাপখন প্ৰায় ৭০ টাতকৈও অধিক ভাষালৈ অনুবাদ কৰা হৈছে।[7] কিতাপখন বিংশ শতিকাৰ জনপ্ৰিয় গ্ৰন্থৰ তালিকাত স্থান লাভ কৰিছে[8][9][10][11][12] আৰু কিতাপখনৰ ওপৰত ভিত্তি কৰি বহুতো নাটক আৰু চলচ্চিত্ৰও নিৰ্মাণ কৰা হৈছে।[13][14]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 Müller, Melissa (1999) (de ভাষাত). Das Mädchen Anne Frank. Kimber, Rita and Robert (translators). প্ৰকাশক New York: Henry Holt and Company. ISBN 978-0-7475-4523-1. OCLC 42369449. ; With a note from Miep Gies
  2. 2.0 2.1 Research by The Anne Frank House in 2015 revealed that Frank may have died in February 1945 rather than in March, as Dutch authorities had long assumed. "New research sheds new light on Anne Frank's last months" Archived 24 April 2020 at the Wayback Machine. AnneFrank.org, 31 March 2015
  3. 3.0 3.1 van der Rol & Verhoeven 1995, পৃষ্ঠা. 21.
  4. Verhoeven 2019, পৃষ্ঠা. 320 and Diary entry 14 June 1942 A-version.
  5. Von Benda-Beckmann, Bas (2020). Na het Achterhuis. Anne Frank en de andere onderduikers in de kampen.. প্ৰকাশক Amsterdam: Querido. পৃষ্ঠা. 217. ISBN 9789021423920. 
  6. Anne Frank: The Diary of a Young Girl. ‎Bantam; Reissue edition (June 1, 1993). ISBN 9780553296983. http://www.amazon.com/Anne-Frank-Diary-Young-Girl/dp/0553296981. 
  7. "The diary". Anne Frank House. 2018-09-25. https://www.annefrank.org/en/anne-frank/diary/। আহৰণ কৰা হৈছে: 26 September 2021. 
  8. Goodreads Best (100) Books of the 20th Century #8;
  9. The Guardian's (top 10) definitive book(s) of the 20th century out of 50 Best Books defining the 20th century Archived 2018-12-25 at the Wayback Machine;
  10. National Review's List of the 100 Best Non-Fiction Books of the Century #20;
  11. The New York Public Library's Books of the Century: War, Holocaust, Totalitarianism. 1996 আই.এচ.বি.এন. 978-0-19-511790-5;
  12. Waterstone's Top100 Books of the 20th century, while there are several editions of the book. The publishers made a children's edition and an adult which is thicker. There are hardcovers and paperbacks. #26
  13. "Anne Frank Her life, the diary, and the Secret Annex". Anne Frank House. http://www.annefrank.org/en/subsites/timeline/postwar-period-1945--present-day/saved-from-demolition/1960/shelley-winters-wins-the-oscar-for-best-supporting-actress-for-her-role-as-mrs-van-pels-in-the-diary-of-anne-frank-/#!। আহৰণ কৰা হৈছে: 27 April 2014. 
  14. "Anne celebrated its premiere in Hamburg". Anne Frank Foundation. Archived from the original on 8 December 2018. https://web.archive.org/web/20181208123241/https://www.annefrank.ch/234/items/anne-celebrated-its-premiere-in-hamburg.html। আহৰণ কৰা হৈছে: 26 September 2021. 

বাহ্যিক সংযোগ সম্পাদনা কৰক