দ্য নেমচেক ২০০৬ চনৰ ২ ছেপ্তেম্বৰত মুক্তি পোৱা এখন ভাৰতীয় বোলছবি, যিখন ছবি আমেৰিকা যুক্তৰাষ্ট্ৰৰ টৰণ্ট' আৰু নিউয়ৰ্ক চিটি চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ নিবাসী বাঙালী কন্যা ঝুম্পা লাহিড়ীৰ পুলিৎজাৰ বঁটা বিজয়ী উপন্যাস 'নেমচেক'ৰ আধাৰত নিৰ্মাণ কৰা এই ছবিখনৰ পৰিচালক মীৰা নায়াৰ। ঝুম্পা লাহিড়ীয়ে ছবিখনত অভিনয়ো কৰিছে। চোনী তাৰাপুৰৱালাই উপন্যাসখনক চিত্ৰনাট্যৰ ৰূপ দিছে। ছবিখনে আমেৰিকাৰ চলচ্চিত্ৰ সমালোচকসকলৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।[1]

দ্য নেমচেক
পৰিচালক মীৰা নায়াৰ
ৰচনা ঝুম্পা লাহিড়ী
প্ৰযোজক মীৰা নায়াৰ
অভিনয়ত টাবু
ইৰফান খান
কাল পেন
দেশসমূহ আমেৰিকা যুক্তৰাষ্ট্ৰ
ভাৰত
ভাষাসমূহ ইংৰাজী
বঙালী
হিন্দী
ফৰাচী

সাহিত্য মূলতঃ সমাজৰ প্ৰতিফলন। সাহিত্যিকে বাস্তবৰ নানা উপাদানৰ পৰাই কল্পনাৰ ৰহণ সানি পাঠকৰ সন্মুখত তুলি ধৰে। সাহিত্যৰ প্ৰতিটো শব্দ-বৰ্ণৰ আঁৰে-আঁৰে অন্তৰ্হিত হৈ থকা বাস্তবে আমাৰ জীৱনতো কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে তাৰেই উপযুক্ত প্ৰকাশ নেমসেক। চিনেমাখনৰ এটা প্ৰধান চৰিত্ৰ অশোক গাংগুলীয়ে ৰেল দুৰ্ঘটনাত প্ৰথমা পত্নী আৰু সন্তানক হেৰুৱাৰ ক্ষণিক আগলৈকে পঢ়ি আছিল ৰাছিয়ান লেখক নিকোলাই গোগলৰ গল্পসমগ্ৰ। অশোক গাংগুলীৰ হাতত গোগলৰ কিতাপখন দেখি নষ্টালজিয়াত বুৰ গৈছিল এগৰাকী সহযাত্ৰী। তেওঁ গাংগুলীক বিশ্ব ভ্ৰমণৰ বাবে উত্সাহিত কৰিছিল আৰু দুৰ্ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত সহযাত্ৰীজনে কোৱা সকলো কথাই বাস্তব হৈ অশোক গাংগুলীৰ জীৱনত ধৰা দিয়ে।

ঝুম্পাৰ উপন্যাসখনৰ দফাই-দফাই বিস্তাৰিত হৈ থকা প্ৰবাসী ভাৰতীয় বঙালী পৰিয়ালৰ নিকট বাস্তবৰ অলেখ অভিঘাতেই চিনেমাখনৰ মূল। উপন্যাসখনৰ দৰেই চিনেমাখনতো অনেক অভিঘাত পৰিচালকে ধৰি ৰাখিব বিচাৰিছে যদিও সেয়া সম্পূৰ্ণ হৈ উঠা নাই। উপন্যাসখনৰ ২৯১ পৃষ্ঠাৰ বিস্তৃত বৰ্ণনাক মাত্ৰ দুঘণ্টাত আৱদ্ধ কৰি ৰখা মীৰা নায়াৰৰ কৃতিত্ব অৱশ্যে প্ৰত্যেকটো শ্বটতে স্পষ্ট হৈ আছে।

ছবিৰ কাহিনী সম্পাদনা কৰক

প্ৰবাসী বাঙালী অশোক গাংগুলীৰ পৰিয়ালটোৰ জীৱনলৈও যেন অৱধাৰিতভাৱে নামি আহিছিল ৰাছিয়ান গল্পকাৰ নিকোলাই গগোলৰ এটা আকৰ্ষণীয় গল্পৰ চৰিত্ৰ আকোকি আকাকিয়েভিচৰ কাহিনীভাগ। দুখৰ অৰণ্যৰে আৱৰি ৰখা আকাকিয়েভিচৰ জীৱনলৈ হঠাত পৰিৱৰ্তন আহিল এটা নতুন কোট পিন্ধাৰ পিছ্ত। অত্যন্ত ভাবুক, আত্মনিমজ্জিত, আনৰ দ্বাৰা উপেক্ষিত মানুহটোৰ জীৱনলৈ নামি আহিছিল পৰিৱৰ্তন। মানুহৰ সতে মুকলি হৈ তেওঁ লাভ কৰিছিল সান্নিধ্য, সহানুভুতি। কিন্তু, ক্ষণিক পিছতে জীৱনৰ কঠোৰতাত সকলো শেষ হৈ যায়। পলে-পলে অশোক আৰু অসীমা (অশোকৰ পত্নী)-ৰ জীৱনৰ মাজলৈও যেন নামি আহিছিল আকাকি। অশোক আৰু অসীমাৰ জীৱনৰ অনিত্যতা স্পষ্ট হৈ উঠে ছবিখনত। প্ৰবাসত জন্মহোৱা পুত্ৰৰ নামো তেওঁলোকে প্ৰিয় লেখক গোগলৰ নামেৰেই ৰাখে। কিন্তু আমেৰিকান সমনীয়াৰ তীব্ৰ উপেক্ষা আৰু ব্যংগতাই গোগলক ভাৰতীয় নাম নিখিললৈ পৰিবৰ্তন কৰিবলৈ বাধ্য কৰিলে। গোগলৰ আমেৰিকান প্ৰেয়সীৰ সৈতে সম্পৰ্ক, পৰৱৰ্তীকালত বঙালী মূলৰ কন্যাৰ সতে বিবাহ আৰু বিচ্ছেদ আদিয়ে অশোক-অসীমাৰ সংসাৰখনৰ অভিঘাতসমূহ স্পষ্ট কৰি তোলে। ভাৰতীয়ত্ব পাহৰি আমেৰিকান সংস্কৃতিৰ আৱেশত বুৰ যোৱা গোগলে কিন্তু পৰৱৰ্তী কালত নিজৰ অস্তিত্বৰ সান্নিধ্যলৈ উভতি আহে। মূলতঃ শিপাৰ এক আৱেগে যেন ছবিখনৰ বহু কথা অৱধাৰিতভাৱে কৈ থাকে সেই ভাৱ ছবিখনত স্পষ্ট হৈ পৰে। কোনো এক জন্মদিনত পিতৃয়ে উপহাৰ দিয়া নিকোলাই গোগলৰ গল্প সমগ্ৰখন প্ৰথমে উপেক্ষা কৰা গোগলে পৰৱৰ্তী কালত কিতাপখনৰ মৰ্মাৰ্থ উপলব্ধি কৰে। পিতৃৰ মৃত্যুৰ পিছ্ত বাৰে-বাৰে গোগলৰ কৰ্ণ প্ৰহৰত খুন্দা মাৰেহি অশোক গাংগুলীৰ এষাৰি কথা - 'Remember, We all came out of Gogl's overcoat...'। স্থান-কাল নিৰ্বিশেষে বিভিন্ন পৰিস্থিতি আৰু পৰিবেশত মানুহৰ জীৱনে কিভাৱে সাহিত্যৰ সতে সম্পৰ্কিত হৈ উঠে সেয়া ছবিখনৰ অন্তিমফালে গোগলৰ অভিব্যক্তিয়ে সকলো প্ৰকাশ কৰি তোলে।

ভাৰতীয় বোলছবি জগতত সুকীয়া পৰিচয়েৰে পৰিচিত মীৰা নায়াৰৰ এই ছবিখনৰ কাহিনীৰ প্ৰয়োজনীয়তাতে গৰিষ্ঠসংখ্যক চিত্ৰগ্ৰহণ আমেৰিকা যুক্তৰাষ্টৰ বিভিন্ন লোকেশ্যনত লোৱা হৈছে, আনহাতে এক তৃতীয়াংশ লোকেশ্যন কলিকতা। কলকাতাৰ লোকেশ্যনসমূহ তুলি ধৰিবলৈ গৈ পৰিচালকে গুৰুত্ব দিয়া লোকেশ্যন আৰু পৰিবেশ কিন্তু আশানুৰূপভাৱে সফল হৈ উঠা নাই। হৈ-হাল্লা, হাওৰা ব্ৰীজ আদিৰ সঘন উপস্থিতিয়ে ছবিখনৰ বাস্তবতা আৰু কলাত্মক দিশটো বহু পৰিমাণে কমাই আনে। নীতিন চৌনেই দিয়া সংগীত ছবিখনৰ বিশেষ যোগাত্মক দিশ। বিশেষকৈ ছবিখনৰ শেষৰফালে অসমীয়া গোৱালপৰীয়া লোকসংগীতৰ লগত বহু পৰিমাণে মিল থকা বঙালী লোকসংগীতৰ মাঝিগীতে ছবিখনৰ সমষ্ট কাহিনীক প্ৰকাশ কৰাত বিশেষ অৰিহনা যোগাইছে। ছবিখন মূলত দৰ্শকৰ কাষ চাপিব পাৰিছে অভিনেতা-অভিনেত্ৰীসকলৰ অনবদ্য অভিনয়ৰ বাবে। অশোক গাংগুলীৰ চৰিত্ৰত অভিনয় কৰা ইৰফান খানৰ অসাধাৰণ অভিনয়ে অভিনেতাজনক যে ভৱিষ্যতে বিশেষ ৰূপত তুলি ধৰিব সি নিশ্চিত। এজন পূৰাপূৰি বঙালী মানুহৰ চৰিত্ৰৰ আবেষ্টনিৰ মাজত ইৰফান খানৰ অনন্য অভিনয়ৰ লগতে অসীমাৰ চৰিত্ৰত টাবুৰ অভিনয়ো মনকৰিবলগা। আনহাতে, বলিষ্ঠ অভিনয়ৰে দৰ্শকক আৰম্ভণিৰ পৰা মোহাবিষ্ট কৰি ৰখা ছবিখনৰ মূল চৰিত্ৰ গোগলৰ অভিনয়ত কাল পেনৰ অভিনয় অপূৰ্ব।

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. "The Namesake (2006)". http://www.rottentomatoes.com/m/namesake/। আহৰণ কৰা হৈছে: December 11, 2012. 

বাহ্যিক সংযোগ সম্পাদনা কৰক