স্থানাংক: 26°28′N 92°28′E / 26.47°N 92.47°E / 26.47; 92.47

ধিং ভাৰতৰ অসম ৰাজ্যৰ নগাঁও জিলাৰ এখন গাঁও। ই ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিন পাৰৰ ঠাই।

ধিং
—  গাঁও  —
ধিং is located in Assam
ধিং
অসমৰ মানচিত্ৰত ধিং ৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°28′N 92°28′E / 26.47°N 92.47°E / 26.47; 92.47
দেশ  ভাৰত
ৰাজ্য অসম
জিলা নগাঁও
উচ্চতা ৫৮ মিটাৰ (১৯০.২৯ ফুট)
জনসংখ্যা (২০০১)
 - মুঠ ১৭,৮৪১ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
পিনক'ড ৭৮২১২৩
যানবাহনৰ নম্বৰ AS02

ভূগোল সম্পাদনা কৰক

ধিং অসমৰ নগাঁও জিলাৰ উত্তৰ পশ্চিমে থকা এখন সৰু চহৰ। ধিং নগাঁও চহৰৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত অৱস্থিত। নগাঁও চহৰৰ পৰা মুখ্য বাটেৰে ধিং সংযোগ কৰা হৈছে। ধিং চহৰক গুৱাহাটীৰ পৰা ৰেল লাইনেৰে সংযোগ কৰা হৈছে। গুৱাহাটীৰ পৰা মৰিগাওঁ হৈ অহা বাট সবাতোকৈ সৰু বাট,এই বাটে দি অতি কম সময়ৰ ভিতৰত গুৱাহাটীৰ পৰা ধিং পোৱা যায়। ঐতিহাঁহিক মহত্ত্বপূৰ্ণ ঠাই বৰদোৱা (বটদ্ৰবা) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান নগাঁও চহৰৰ পৰা ধিং যোৱাৰ বাটত পৰে। ধিংৰ বেছিভাগ মানুহৰ জীৱিকা হ'ল কৃষি। এই ঠাইত ধান,মৰাপাট,ঘেহু, মটৰমাহ আৰু বিভিন্ন ধৰণৰ শাক পাছলিৰ খেতি কৰা হয়।

জনসংখ্যাৰ হাৰ সম্পাদনা কৰক

২০০১চনৰ লোকপিয়ল মতে ধিংৰ জনসংখ্যা আছিল ১৭,৮৪১জন। পুৰুষ ৫১% আৰু মহিলা ৪৯%।

ৰাজনীতি সম্পাদনা কৰক

ধিং বিধানসভা সমষ্টি কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।

ধিং বিধানসভা সমষ্টিৰ বৰ্তমান বিধায়ক হ'ল আমিনুল ইছলাম।

তথ্য সংগ্ৰহ সম্পাদনা কৰক