নগাঁও ছোৱালী কলেজ

অসমৰ মহিলা শিক্ষানুষ্ঠান

নগাঁও ছোৱালী কলেজ (ইংৰাজী: Nowgong Girls' College) হৈছে ১৯৬২ চনত স্থাপিত অসমৰ নগাঁৱত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

নগাঁও ছোৱালী কলেজ
স্থাপিত ১৯৬২
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড৹ বিলীন কুমাৰ ভূঞা
স্থান নগাঁও, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট nowgonggirlscollege.edu.in

ইতিহাস সম্পাদনা কৰক

১৯৫০ চনত নগাঁৱৰ সচেতন লোকে নাৰীৰ উচ্চশিক্ষাৰ বাবে চিন্তা-চৰ্চা কৰে। ১৯৬২ চনৰ জুন মাহত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ত এক সভা অনুষ্ঠিত কৰি ১৯৬২ চনৰ ১২ চেপ্টেম্বৰত অসমৰ একমাত্ৰ নাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নগাঁও ছোৱালী মহাবিদ্যালয়ৰ যাত্ৰা শুভাৰম্ভ কৰে। আৰম্ভণিতে Nowgong Women's College খনৰ নাম “লাল চান্দ টোডি ছোৱালী মহাবিদ্যালয়” আছিল। পিছত ১৯৬৮ চনত মহাবিদ্যালয়খনৰ নাম পৰিৱৰ্তন কৰি “নগাঁও ছোৱালী কলেজ” ৰখা হয়।

বিভাগ সম্পাদনা কৰক

বিজ্ঞান সম্পাদনা কৰক

  • গণিত
  • পৰিসংখ্যা

কলা সম্পাদনা কৰক

  • অসমীয়া
  • ইংৰাজী
  • সংস্কৃত
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • ৰাজনীতি
  • হিন্দী
  • ভূগোল

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক