নামচাই জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যৰ এখন অন্যতম জিলা৷ এই জিলাখন ২০১৪ চনৰ ২৫ নৱেম্বৰৰ দিনা লোহিত জিলাৰ একাংশ পৃথক কৰি গঠন কৰা হয়৷[2] জিলাখনৰ সদৰ ঠাই নামচাই৷

নামচাই জিলা
—  অৰুণাচল প্ৰদেশৰ জিলা  —
দেশ  ভাৰত
ৰাজ্য অৰুণাচল প্ৰদেশ
স্থাপিত ২৫ নৱেম্বৰ ২০১৪ (2014-11-25)
সদৰ নামচাই
চৰকাৰ
 - লোকসভা সমষ্টি অৰুণাচল পূব
 - বিধানসভা সমষ্টি ৩টা (চৌখাম, নামচাই, লেকাং)
মাটিকালি
 - মুঠ ১,৫৮৭ কি.মি. 
(৬১২.৭ বৰ্গ মাইল)
জনসংখ্যা (২০১১)[1]
 - মুঠ ৯৫,৯৫০ জন
 - জনঘনত্ব ৬০.৫ প্ৰতি বৰ্গ কি.মি. 
(১৫৬.৬ প্ৰতি বৰ্গ মাইল)
জনসংখ্যাৰ তথ্য
 - সাক্ষৰতা হাৰ ৫৪.২৪%[1]
 - লিংগ অনুপাত ৯৮৪.৪৯[1]
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
স্থানাঙ্ক 27°40′08″N 95°52′17″E / 27.6689°N 95.8714°E / 27.6689; 95.8714স্থানাংক: 27°40′08″N 95°52′17″E / 27.6689°N 95.8714°E / 27.6689; 95.8714
গড় বাৰ্ষিক বৰ্ষাপাত ৩৫০০-৪০০০[1] মিমি
ৱেবছাইট আনুষ্ঠানিক ৱেবছাইট

ইতিহাস সম্পাদনা কৰক

২০১৩ চনৰ ২১ মাৰ্চত নবাম টুকীৰ অধীনৰ চৰকাৰে নামচাই জিলা সৃষ্টিৰ প্ৰস্তাৱত সন্মতি জনায়৷[3] ২০১৪ চনৰ ২৫ নৱেম্বৰত লোহিত জিলাৰ একাংশ পৃথক কৰি নামচাই জিলা গঠন কৰা হয়৷[2]

জনসংখ্যা সম্পাদনা কৰক

২০১১ চনৰ লোকপিয়ল অনুসৰি নামচাই জিলাৰ জনসংখ্যা ৯৫,৯৫০ জন৷[1] জিলাখনৰ জনঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৬০.৫ জন৷[1] নামচাই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮৪.৪৯ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৫৪.২৪%।[1]

পৰ্য্যটন সম্পাদনা কৰক

 
নামচাইৰ সোণালী পেগোডা
সোণালী পেগোডা

নামচাইত অৱস্থিত সোণালী পেগোডাটো পৰ্য্যটনৰ অন্যতম আকৰ্ষণ৷[4][5] স্থানীয় তাই-খামটি ভাষাত ইয়াক 'কংমু খাম' ('Kongmu Kham') বুলি জনা যায়৷ এই সোণালী পেগোডা উত্তৰ-পূব ভাৰতৰ বৃহত্তম বৌদ্ধ বিহাৰ সমূহৰ এটা৷

তথ্যসূত্ৰ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক