নীলমণি ফুকন (ইংৰাজী: Nilmani Phookan; ১০ ছেপ্টেম্বৰ, ১৯৩৩ — ১৯ জানুৱাৰী, ২০২৩) অসমীয়া ভাষাৰ এজন কবি, সাহিত্যিক, কলা-সমালোচক আৰু অধ্যাপক। তেওঁ অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়। নীলমণি ফুকনৰ উল্লেখযোগ্য কৰ্ম হ’ল ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’, ‘কবিতা’ আৰু ‘গোলাপী জামুৰ লগ্ন’ আদি।

নীলমণি ফুকন
জন্ম ১০ ছেপ্টেম্বৰ, ১৯৩৩
দেৰগাঁও, গোলাঘাট জিলা, অসম
মৃত্যু ১৯ জানুৱাৰী, ২০২৩ (৮৯ বছৰ)
পেচা কবি, সাহিত্যিক, কলা সমালোচক, অধ্যাপক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
মাতৃশিক্ষায়তন কটন কলেজ
গুৱাহাটী বিশ্ববিদ্যালয়
ধৰণ কবিতা
উল্লেখনীয় কৰ্মৰাজি সূৰ্য হেনো নামি আহে এই নদীয়েদি, গোলাপী জামুৰ লগ্ন
উল্লেখযোগ্য বঁটা জ্ঞানপীঠ বঁটা (২০২০), সাহিত্য অকাডেমি বঁটা,[1] পদ্মশ্ৰী, অসম উপত্যকা সাহিত্য বঁটা
দাম্পত্যসংগী দুলুমণি ফুকন
সন্তান ড° জ্যোতিৰ্ময় ফুকন,
অমিতাভ ফুকন,
ৰশ্মি ফুকন

‘কবিতা’ শীৰ্ষক স্ব-নিৰ্বাচিত কাব্যগ্ৰন্থৰ কাৰণে তেওঁক ১৯৮১ চনত সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হয়। ১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। ইয়াৰোপৰি ১৯৯১ চনত ছগনলাল জৈন বঁটা, ১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু ২০০২ চনত সাহিত্য অকাডেমিৰ ফালৰ পৰা শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমিৰ ফেল’ প্ৰদান কৰা হয়।[2][3] কবি ফুুুুকনক ২০১৯ বৰ্ষৰ ১৯ আগষ্ট তাৰিখে ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ‘ডি লীট’ উপাধি প্ৰদান কৰে। নতুন দিল্লীস্থিত ভাৰতীয় জ্ঞানপীঠে ২০২১ চনত, নীলমণি ফুকনক সাহিত্যক্ষেত্ৰলৈ আগবঢ়োৱা তেওঁৰ অসামান্য অৱদানৰ বাবে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে।[4] এই বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী অসমীয়া সাহিত্যিক।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা সম্পাদনা কৰক

ফুকনৰ জন্ম হয় অসমৰ গোলাঘাট জিলাদেৰগাঁৱত। দেউতাক কীৰ্তিনাথ ফুকন আৰু মাতৃ বৰদা ফুকন। ১৯৬০ চনত তেওঁ ইতিহাস বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৫০ চনৰ পৰাই কবিতা লিখিবলৈ আৰম্ভ কৰে। ১৯৬৪ চনত তেওঁ গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত অধ্যাপক হিচাপে যোগদান কৰে। ১৯৯২ চনত অৱসৰ গ্ৰহণ কৰে।[5]

সংক্ষিপ্ত জীৱনপঞ্জী সম্পাদনা কৰক

  • ১৯৩৩ : ১০ ছেপ্টেম্বৰ তাৰিখে উজনি অসমৰ দেৰগাঁৱত জন্ম। পিতৃ - কীৰ্তিনাথ ফুকন আৰু মাতৃ - বৰদা ফুকন।
  • ১৯৫৩ : দেৰগাঁও হাইস্কুলত স্কুলীয়া শিক্ষা লাভ। প্ৰাইভেট পৰীক্ষাৰ্থী ৰূপে গুৱাহাটীৰপৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ।
  • ১৯৫৭ : কটন কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ।
  • ১৯৬০ : গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ইতিহাস বিষয়ত এম এ ডিগ্ৰী লাভ।
  • ১৯৬১ : ছমাহ দেৰগাওঁ হাইস্কুল আৰু দেৰগাওঁ বালিকা বিদ্যালয়ত শিক্ষকতা
  • ১৯৬৩ : প্ৰথমখন কাব্য-সংকলন ‘সূৰ্য হেনো নামি আহে এই নদীয়েদি’ প্ৰকাশ।
  • ১৯৬৪ : গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ স্কুলত বিষয় শিক্ষক হিচাপে যোগদান। তিনি বছৰ এই স্কুলত শিক্ষকতা কৰাৰ পাছত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ প্ৰবক্তা ৰূপে যোগদান।
  • ১৯৬৬ : ‘মণিদীপ’ নামৰ আলোচনীৰ সম্পাদনা।
  • ১৯৭২ : অসম সাহিত্য সভাই প্ৰদান কৰা ‘ৰঘুনাথ চৌধাৰী বঁটা’ লাভ।
  • ১৯৭৭ : ‘কাঁইট, গোলাপ আৰু কাঁইট’ নামৰ কবিতা সংকলনৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ।
  • ১৯৮০ : ‘কবিতা’ নামৰ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ।
  • ১৯৮২ : একমাত্ৰ ভাৰতীয় প্ৰতিনিধিথিচাপে যুগোশ্লাভিয়াত অনুষ্ঠিত হোৱা ‘ষ্ট্ৰুগা কবিতা সন্মিলন’ত অংশগ্ৰহণ।
  • ১৯৮৮ : লোক কল্প দৃষ্টি গ্ৰন্থৰ বাবে জগদ্ধাত্ৰী-হৰমোহন বঁটা লাভ।
  • ১৯৯০ : ভাৰত চৰকাৰ প্ৰদত্ত পদ্মশ্ৰী বঁটা লাভ। জীৱনজোৰা সাহিত্য-সাধনাৰ বাবে ‘কমল কুমাৰী বঁটা’ লাভ।
  • ১৯৯১ : নৃত্যৰতা পৃথিৱী কবিতা-সংকলনৰ বাবে অসম সাহিত্য সভাই পোন প্ৰথমবাৰৰ ববে প্ৰৱৰ্তন কৰা ‘ছগনলাল জৈন বঁটা’ লাভ।
  • ১৯৯২ : আৰ্য বিদ্যাপীঠ কলেজৰ ইতিহাস বিভাগৰ মুৰব্বী হিচাপে চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ।
  • ১৯৯৪ : ‘সাগৰতলিৰ শংখ’ প্ৰকাশ।
  • ১৯৯৭ : জীৱনজোৰা সাহিত্য কৰ্মৰ বাবে মেগৰ শৈক্ষিক ন্যাসৰ অসম উপত্যকা সাহিত্য বঁটা লাভ।
  • ১৯৯৮ : ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ দ্বাৰা এবছৰৰ বাবে এমেৰিটাছ ফেল’ নিৰ্বাচিত।
  • ২০০০ : ভাৰতীয় ভাষা পৰিষদৰ পুৰস্কাৰৰ সন্মানিত।
  • ২০০১ : যশ্বোৱা সাহিত্য পুৰস্কাৰ লাভ।
  • ২০০২ : সাহিত্য অকাডেমিৰ সৰ্বোচ্চ সন্মান ফেল'ৰে সন্মানিত।
  • ২০২১ : জ্ঞানপীঠ বঁটা লাভ।

গ্ৰন্থপঞ্জী[6] সম্পাদনা কৰক

কবিতা
  • সূৰ্য হেনো নামি আহে এই নদীয়েদি, ১৯৬৩
  • নিৰ্জনতাৰ শব্দ, ১৯৬৫
  • আৰু কি নৈঃশব্দ, ১৯৬৮
  • ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, ১৯৭২
  • কাঁইট গোলাপ আৰু কাঁইট, ১৯৭৫
  • গোলাপী জামুৰ লগ্ন, ১৯৭৭
  • কবিতা, (সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত ) ১৯৮১
  • নৃত্যৰতা পৃথিৱী, ১৯৮৫
  • সাগৰতলিৰ শংখ, (হীৰেন গোহাঁইৰ দ্বাৰা নিৰ্বাচিত আৰু সম্পাদিত কবিতাৰ সংগ্ৰহ) ১৯৯৪
  • অলপ আগতে আমি কি কথা পাতি আছিলোঁ, ২০০৩
  • সম্পূৰ্ণ কবিতা, ২০০৬
অনুবাদ কবিতা
  • জাপানী কবিতা, ১৯৭১
  • গাৰ্থিয়া লৰ্কাৰ কবিতা, ১৯৮১
  • অৰণ্যৰ গান, ১৯৯৩
  • চীনা কবিতা, ১৯৯৬
  • অনুসৃষ্টি
কবিতাৰ সম্পাদনা
  • কুৰি শতিকাৰ অসমীয়া কবিতা, ১৯৭৭
অন্যান্য
  • লোক কল্পদৃষ্টি (অসমীয়া কলা-স্থাপত্যৰ পৰিচয়), ১৯৮৭
  • ৰূপ বৰ্ণ বাক (কলা আৰু কলাকাৰৰ প্ৰবন্ধ), ১৯৮৮
  • শিল্পকলাৰ উপলব্ধি আৰু আনন্দ, ১৯৯৭
  • শিল্পকলাৰ দৰ্শন, ১৯৯৮
  • পত্ৰগুচ্ছ, ২০২১ (নীলমণি ফুকনলৈ দিয়া চিঠিৰ সংগ্ৰহ, সম্পাদকঃ ৰাজীৱ বৰা)
  • নীলমণি ফুকন ৰচনা সমগ্ৰ , ২০১৬
আত্মজীৱনীমূলক গ্ৰন্থ
  • পাতি সোণাৰুৰ ফুল
  • পাহৰিব নোৱাৰিলোঁ যি, ২০১৮

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২. 
  2. মৃদুল হালৈ (২০ জানুৱাৰী, ২০২৩). "কাব্যঋষি : ১৯৩৩-২০২৩". অসমীয়া প্ৰতিদিন. প্ৰকাশক গুৱাহাটী. 
  3. জানানে, শান্তনু কৌশিক বৰুৱা, ২০০৬
  4. "Damodar Mauzo, critic of ‘right-wing terror’ & Nilmani Phookan win Jnanpith award". https://thefederal.com/.+7 December 2021. https://thefederal.com/news/damodar-mauzo-critic-of-right-wing-terror-nilmani-phookan-win-jnanpith-award/। আহৰণ কৰা হৈছে: 7 December 2021. 
  5. [1] Archived 2011-07-21 at the Wayback Machine Poems by Nilmani Phookan, তথ্য সংগ্ৰহৰ সময়- ৩০ জানুৱাৰী ২০১২
  6. [2] Archived 2011-07-21 at the Wayback Machine Poems by Nilmani Phookan, তথ্য সংগ্ৰহৰ সময়- ৩০ জানুৱাৰী ২০১২

বাহ্যিক সংযোগ সম্পাদনা কৰক