পুৰী(এই শব্দটোৰ বিষয়ে listen ) হৈছে ভাৰতৰ উৰিষ্যাৰ এখন লেখতলবলগীয়া চহৰ । ই পুৰী জিলাৰ সদৰ ঠাই । বংগোপসাগৰৰ পাৰৰ এই ঠাইডোখৰ উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৰা ৬০ কিঃ মিঃ দক্ষিণে অৱস্থিত । ১১শ শতিকাত নিৰ্মিত 'জগন্নাথ মন্দিৰৰ' পৰা ইয়াক জগন্নাথ পুৰী বুলিও জনা যায় । হিন্দু সকলৰ পুণ্য তীৰ্থৰ চাৰি ধামৰ অন্যতম হৈছে পুৰী; বাকী তিনি ধাম হৈছে দ্বাৰকা , বদ্ৰীনাথ আৰু ৰামেশ্বৰম । হিন্দু আধ্যাত্মিক শিক্ষা মতে পুৰী দৰ্শন অবিহনে কোনো তীৰ্থ ভ্ৰমণ সম্পূৰ্ণ বুলিব নোৱাৰি ।

পুৰী
ପୁରୀ
Puri Montage1.pngপুৰীৰ মনোমোহা দৃশ্যাংশ
ভৌগোলিক স্থানাংক: 19°48′38″N 85°49′53″E / 19.81056°N 85.83139°E / 19.81056; 85.83139স্থানাংক: 19°48′38″N 85°49′53″E / 19.81056°N 85.83139°E / 19.81056; 85.83139
দেশ  ভাৰত
ৰাজ্য উৰিষ্যা
জিলা পুৰী
চৰকাৰ
 - পৰিষদ পুৰী পৌৰসভা
মাটিকালি
 - মুঠ ১৬.৩২৬৮ কি.মি. 
(৬.৩ বৰ্গ মাইল)
উচ্চতা ০ মিটাৰ (০.০০ ফুট)
জনসংখ্যা (২০১১)
 - মুঠ ২,০১,০২৬ জন
 - জনঘনত্ব ১২,৩১২.৬ প্ৰতি বৰ্গ কি.মি. 
(৩১,৮৮৯.৬ প্ৰতি বৰ্গ মাইল)
স্থানীয় ভাষা
 - চৰকাৰী ভাষা ঊড়ীয়া
সময় অঞ্চল IST (গ্ৰী.মা.স.+5:30)
যানবাহনৰ নম্বৰ OD-13

ৰেল সংযোগ সম্পাদনা কৰক

অসমৰ পৰা পুৰীলৈ পোনপতীয়া ৰেলসেৱা সম্পাদনা কৰক

  • গুৱাহাটী-পুৰী এক্সপ্ৰেছ/ পুৰী-গুৱাহাটী এক্সপ্ৰেছ - এইখন সপ্তাহিক ট্ৰেইন (ট্ৰেইন নং ১৫৬৪০) গুৱাহাটীৰ পল্টন বজাৰ ষ্টেচনৰ পৰা প্ৰত্যেক দেওবাৰে ৬.৩৫ত ৰাওনা হৈ মঙলবাৰে পুৱা পুৰীত গৈ উপস্থিত হয় ।[1] মঙলবাৰে দুপৰীয়া ২ বজাত উক্ত ট্ৰেইন খনে (ট্ৰেইন নং ১৫৬৩৯) নিজৰ উভতনি যাত্ৰা আৰম্ভ কৰি বৃহস্পতিবাৰে নিশা ১০.২০ত আহি গুৱাহাটীত উপস্থিত হয় ।[2] উক্ত ট্ৰেইন খন ৰঙিয়া, কোচবেহাৰ, দুৰ্গাপুৰ, আছানছল, বালাচ'ৰ হৈ পুৰীলৈ যায় ।
  • কামাখ্যা-পুৰী এক্সপ্ৰেছ/ পুৰী-কামাখ্যা এক্সপ্ৰেছ - এইখন সপ্তাহিক ট্ৰেইন (ট্ৰেইন নং ১৫৬৪৪) গুৱাহাটীৰ মালিগাঁওস্থিত কামাখ্যা ষ্টেচনৰ পৰা প্ৰত্যেক বৃহস্পতিবাৰে নিশা ১১.৪৫ত ৰাওনা হৈ শনিবাৰে পুৱা ৭.৪০ত পুৰীত গৈ উপস্থিত হয় ।[3] শনিবাৰে নিশা ১০.১৫ বজাত উক্ত ট্ৰেইন খনে (ট্ৰেইন নং ১৫৬৪৩) নিজৰ উভতনি যাত্ৰা আৰম্ভ কৰি সোমবাৰে সন্ধ্যা ৬.১০ত আহি কামাখ্যাত উপস্থিত হয় ।[4] উক্ত ট্ৰেইন খন গোৱালপাৰা, শিলিগুৰি, হাওড়া, খড়গপুৰ হৈ পুৰীলৈ যায় ।

লগতে চাওক সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক