প্ৰেমচন্দ

হিন্দী আৰু উৰ্দু ভাষাৰ গল্পকাৰ, ঔপন্যাসিক তথা সমালোচক

প্ৰেমচন্দ (হিন্দী-प्रेमचंद) হিন্দী আৰু উৰ্দু ভাষাৰ লোকপ্ৰিয় গল্পকাৰ, ঔপন্যাসিক তথা সমালোচক আছিল।[1] তেওঁৰ প্ৰকৃত নাম আছিল ধনপত ৰায় শ্ৰীবাস্তৱ।[2] তেওঁ সেৱাসদন, প্ৰেমাশ্ৰম, ৰংগভূমি, নিৰ্মলা, গবন, কৰ্মভূমি, গোদান আদি জনপ্ৰিয় উপন্যাস তথা কফন, পূস কী ৰাত, পঞ্চ পৰমেশ্বৰ, বড়ে ঘৰ কী বেটী, বুঢ়ী কাকী, দো বৈলো কী কথা আদি তিনিশতাধিক গল্পৰ ৰচক। তেওঁ হিন্দী পত্ৰিকা জাগৰণ তথা সাহিত্যিক পত্ৰিকা হংসৰ সম্পাদক তথা প্ৰকাশক আছিল। আদৰ্শোন্মুখ যথাৰ্থবাদ প্ৰেমচন্দৰ সাহিত্যৰ মুখ্য বিশেষত্ব। হিন্দী গল্প-উপন্যাসৰ ক্ষেত্ৰত ১৯১৮ ৰ পৰা ১৯৩৬ চনৰ এই কালছোৱাক 'প্ৰেমচন্দ যুগ' হিচাপে জনা যায়।

প্ৰেমচন্দ

প্ৰেমচন্দ
জন্ম ৩১ জুলাই, ১৮৮০
লমহী, উত্তৰ প্ৰদেশ
মৃত্যু ৮ অক্টোবৰ, ১৯৩৬
বাৰাণসী, উত্তৰ প্ৰদেশ
পেচা অধ্যাপক, লেখক, সাংবাদিক
ৰাষ্ট্ৰীয়তা ভাৰতীয়
সময় আধুনিক কাল
ধৰণ গল্প আৰু উপন্যাস
বিষয় সামাজিক আৰু খেতিয়ক জীৱন
সাহিত্যিক বিপ্লৱ আদৰ্শোন্মুখ যথাৰ্থবাদ, অখিল ভাৰতীয় প্ৰগতিশীল লেখক স্ংঘ

স্বাক্ষৰ

সাহিত্যিক অৱদান সম্পাদনা কৰক

উপন্যাস সম্পাদনা কৰক

  • অসৰাৰে মআবিদ / দেৱস্থান ৰহস্য
  • হমখুৰ্মা ৱ হমসৱাব / প্ৰেমা
  • কিশনা
  • ৰূঠী ৰানী
  • জলৱএ ঈসাৰ
  • সেৱাসদন
  • প্ৰেমাশ্ৰম
  • ৰংগভূমি
  • নিৰ্মলা
  • কায়াকল্প
  • অহংকাৰ
  • প্ৰতিজ্ঞা
  • গবন
  • কৰ্মভূমি
  • গোদান
  • মংগলসূত্ৰ (অসম্পূৰ্ণ)- এইখন উপন্যাস তেওঁৰ পুত্ৰ অমৃতৰায়ে সম্পূৰ্ণ কৰিছিল।

গল্প সংকলন সম্পাদনা কৰক

  1. সপ্তসৰোজ
  2. নৱনিধি
  3. প্ৰেমপূৰ্ণিমা
  4. প্ৰেম-পচীসী
  5. প্ৰেম-প্ৰতিমা
  6. প্ৰেম-দ্বাদশী
  7. সমৰযাত্ৰা
  8. মানসৰোবৰ

নাটক সম্পাদনা কৰক

  1. সংগ্ৰাম
  2. কৰ্বলা
  3. প্ৰেম কী বেদী

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. Munshi Premchand of nami Village, Robert O. Swan, Duke University Press, 1969
  2. (Gopal, Madan (19 December 1944). Premchand (1 সম্পাদনা). প্ৰকাশক Lahore: The Bookabode.