ফলৰ ৰস বা জুছ বুলিলে বিভিন্ন ফল-মূল আৰু পাচলিত মজুত হৈ থকা প্ৰাকৃতিক জুলীয়া পদাৰ্থ বা ৰসকে বুজা যায়। ফল বা অন্যান্য জৈৱিক উপাদান যেনে মাংস আৰু সাগৰীয় খাদ্যসামগ্ৰীৰ সোৱাদযুক্ত পানীয়কো জুছ বোলা হয়। জুছসমূহ শীতল পানীয় অথবা আন খাদ্যৰ উপকৰণ হিচাপে ব্যৱহৃত হয়। পেষ্টুৰাইজেচন প্ৰণালীৰ আৱিষ্কাৰৰ আগলৈকে জুছ শীতল পানীয় হিচাপে জনপ্ৰিয় হোৱা নাছিল।[1]

এগিলাচ কমলাৰ ৰস

প্ৰস্তুতকৰণ সম্পাদনা কৰক

বিভিন্ন ফল বা পাচলি কোনো তাপ প্ৰয়োগ নকৰাকৈ চেপি তাৰ পৰা ৰস উলিওৱা হয়।[2]উদাহৰণস্বৰূপে কমলা টেঙাৰ ৰস তৈয়াৰ কৰিবলৈ কমলা টেঙা চেপি তাৰ পৰা ৰস উলিয়াই লোৱা হয়। আনহাতে আমৰ ৰস তৈয়াৰ কৰিবলৈ আমটো পিহি পেলোৱাৰ প্ৰয়োজন হয়। কেতিয়াবা বৈদ্যুতিক জুচাৰ ব্যৱহাৰ কৰিও ৰস উলিওৱা হয়। ব্যৱসায়িক উৎপাদনৰ ক্ষেত্ৰত আঁহ আতৰোৱাৰ বিশেষ যতন থাকে। উচ্চ আঁহযুক্ত কমলাৰ ৰসৰ বিশেষ চাহিদা আছে।


ফলৰ ৰস প্ৰস্তুতকৰণৰ বাবে ব্যৱহৃত পদ্ধতি সমূহ হ'ল কেনিং, পেষ্টুৰাইজেচন, কনচেনট্ৰেট,[3] শীতলিকৰণ, বাষ্পীভৱন আৰু স্প্ৰে ডাইং


তথ্য সংগ্ৰহ সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক

  •   ৱিকিমিডিয়া কমন্সত Juices সম্পৰ্কীয় মিডিয়া ফাইল।

সাঁচ:Fruit juice

Fruit Nectars (Scotland) Regulations 2003.